ETV Bharat / state

মূল্যবৃদ্ধিক লৈ কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ?

বজাৰৰ বস্তুৰ জুই চাই দাম দেখি সাধাৰণ জনতা একপ্ৰকাৰ দিশাহাৰা হৈ পৰিছে । ইফালে সাধাৰণ জনতাক মাধমাৰ দিয়া এই মূল্যবৃদ্ধিকলৈ শাসকীয় দলৰ নেতাই বিভিন্ন সময়ত তুলুঙা মন্তব্য দি আহিছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূল্যবৃদ্ধি সম্পৰ্কত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

CM himanata biswa sharma reaction about price hike
মূল্যবৃদ্ধিকলৈ কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই
author img

By

Published : Oct 28, 2021, 7:30 PM IST

গুৱাহাটী, ২৮ অক্টোবৰ : ইন্ধনজাত সামগ্ৰীকে ধৰি নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিত ৰাজ্যবাসীয়ে ত্রাসি মধুসূদন সুঁৱৰিব লগা হৈছে । দৈনিক বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য । ক'ভিড পৰিস্থিতিয়ে জুৰুলা কৰা ৰাজ্যবাসীৰ বাবে এই আকাশলংঘী মূল্যবৃদ্ধি অসহনীয় হৈ পৰিছে ।

বজাৰৰ বস্তুৰ জুই চাই দাম দেখি সাধাৰণ জনতা একপ্ৰকাৰ দিশাহাৰা হৈ পৰিছে । ইফালে সাধাৰণ জনতাক মাধমাৰ দিয়া এই মূল্যবৃদ্ধিকলৈ শাসকীয় দলৰ নেতাই বিভিন্ন সময়ত তুলুঙা মন্তব্য দি আহিছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূল্যবৃদ্ধি সম্পৰ্কত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক: পঞ্জাৱৰ পৰা গাহৰি আহিলে অসমত মূল্যবৃদ্ধি হ’বই : জয়ন্ত মল্ল বৰুৱা

গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে, মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰে উচিত পদক্ষেপ হাতত ল’ব । তেওঁ কয় যে কিছুদিন অপেক্ষা কৰক ভাল দিন আহিব । ১০-১৫ দিনৰ ভিতৰত হ্ৰাস পাব মূল্য ৷

তেওঁ কয়, 'মূল্যবৃদ্ধিৰ বোজা এটা ৰাইজৰ মাজত আছে । মই ভাৱো আৰু কেইটামান দিনৰ ভিতৰতে পৰিৱশে স্বাভাৱিক হৈ যাব । কাৰণ ইমানদিন অৰ্থনীতিৰ বেয়া অৱস্থা আছিল, সকলো মানুহে ঘৰত জমা হৈ থকা বস্তুবোৰা বিক্ৰী কৰিব বিচাৰিছে, ৩ মাহৰ ক্ষতি পূৰণ কৰিব বিচাৰিছে । ১০-১৫ দিনৰ ভিতৰত আমি এই পৰ্যায়টো পাৰ কৰি যাম ।'

ইফালে জনতা ভৱনৰ কামৰ বোজা হ্ৰাস কৰিবলৈও ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ লোৱাৰ কথা জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই । এই সন্দৰ্ভত সংবাদমেল যোগে সকলো সদৰি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: সাংসদ নৱ শৰণীয়াক সকীয়নি দিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.