ETV Bharat / state

Assam CM wife land scam: ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্কক লৈ উত্তাল সদন; ফালৰি কাটি বিহাৰ পালেগৈ মুখ্যমন্ত্ৰী - কমলাক্ষ দে পুৰকায়স্থ

পত্নীৰ ভূমি কেন্দ্ৰিক বিতৰ্কৰ পৰা ফালৰি কাটি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিত দিনা সদনত উপস্থিত থকাৰ পৰিৱৰ্তে বিহাৰলৈ গৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ একেসময়তে ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্কক লৈ উত্তাল হ’ল সদন ৷ বিৰোধীয়ে কৰিলে সদন ত্যাগ ৷ বিষয়টোৰ ন্যায়িক তদন্তৰ দাবী কংগ্ৰেছৰ ৷

Assam CM wife land scam
Assam CM wife land scam
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 4:32 PM IST

Updated : Sep 15, 2023, 10:31 PM IST

ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্কক লৈ উত্তাল সদন

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: যিসময়ত শুকুৰবাৰে আগবেলা বিহাৰৰ পাটনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিৰোধী মিত্ৰজোঁট I.N.D.I.Aক সনাতন ধৰ্মক লৈ উদাত্ত কণ্ঠে আক্ৰমণ কৰিছিল, সেই সময়ত অসম বিধানসভাৰ মজিয়াত তেওঁৰ পত্নীৰ ভূমি আৰু ৰাজসাহায্য বিতৰ্কক লৈ উত্তাল প্ৰতিবাদ অব্যাহত আছিল ৷

বিৰোধীৰ প্ৰতিবাদত ৩০ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰিবলৈ বাধ্য হয় অধ্যক্ষ । বিৰোধীয়ে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে সদনত উপস্থিত থাকি বিতৰ্কত অংশগ্ৰহণ কৰাৰ বাবে ৷ বিৰোধী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ভৰত নৰহৰ অভিযোগ, “মুখ্যমন্ত্ৰী নিজে জড়িত আছে আৰু সেয়ে সদনত মুখ্যমন্ত্ৰীয়ে বিবৃতি দিয়াৰ প্ৰয়োজন আছে, কিন্তু বিবৃতি নিদি পলায়ন কৰিছে ৷” উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী বিৰোধী কংগ্ৰেছ দলৰ ৷

অসম জোকাৰি যোৱা নিজ পৰিয়ালৰ ভূমি আৰু ৰাজসাহায্য বিতৰ্কক একাষৰীয়া কৰি বিহাৰৰ পাটনাত শুকুৰবাৰে সনাতন ধৰ্ম আৰু লোকসভা নিৰ্বাচনৰ ৰাজনীতিক লৈ ব্যস্ত হৈ পৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ‘‘বিৰোধীয়ে কৰা মিত্ৰতাৰ উদ্দেশ্যই হৈছে 'সনাতন'ৰ বিৰুদ্ধে কাম কৰা...আগন্তুক লোকসভা নিৰ্বাচন হ’ব সভ্যতাৰ যুঁজ । ভাৰতৰ ৰাইজে সনাতনক সুৰক্ষিত কৰি ৰাখিব,’’ বিহাৰত আগন্তুক লোকসভা নিৰ্বাচনক উপলক্ষ্য কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় ৷

সনাতন ধৰ্ম ৰক্ষাৰ বাবে বিহাৰত সংবাদ মাধ্যমত নিজৰ মন্তব্য আগবঢ়াই থকাৰ সময়তে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শেষৰটো দিন অৰ্থাৎ শুকুৰবাৰে উত্তাল হৈ পৰে সদন ৷ সদন উত্তাল হয় মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ১০ কোটি টকাৰ ৰাজসাহায্য আৰু ৫০ বিঘাতকৈ অধিক কৃষি ভূমি ক্ৰয় কৰাক প্ৰসংগক লৈ ৷

সদনত অসমৰ বিজেপি চৰকাৰৰ বসুন্ধৰা ১ আৰু বসুন্ধৰা ২ আঁচনি প্ৰসংগত এজন কংগ্ৰেছৰ বিধায়কে সোধা এক লিখিত প্ৰশ্নৰ উত্তৰ ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহনে দাখিল কৰে ৷ এই প্ৰসংগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি আৰু ৰাজসাহায্য বিতৰ্কৰ বিষয়টো উত্থাপিত হয় ।

কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা প্ৰসংগ উত্থাপন কৰে ৷ লগতে নগাঁও জিলাৰ কলিয়াবৰত মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি ক্ৰয় কৰা সন্দৰ্ভত মন্ত্ৰী যোগেন‌ মহনৰ‌ পৰা উত্তৰ বিচাৰে ।

কিন্তু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে হস্তক্ষেপ কৰি বিতৰ্কটো উত্থাপন কৰিবলৈ বাধা দিয়ে । লগে লগে কংগ্ৰেছৰ বিধায়কসকলে আৰু ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক‌ অখিল গগৈয়ে মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীৰ অভিযোগ তুলি তদন্ত বিচাৰি সদনৰ‌ মজিয়া উত্তাল‌ কৰি তোলে । পিছত বিধানসভাৰ অধ্যক্ষই সদন ৩০ মিনিটৰ বাবে স্থগিত কৰে ৷

উল্লেখ্য যে নগাঁও জিলাৰ কলিয়াবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি । ৰাজহুৱা হোৱা তথ্য অনুসৰি এই কৃষিভূমি একে দিনতে, একেটা প্লটতে, মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন একেটা কোম্পানীয়ে ক্ৰয় কৰিছে ৷

আনহাতে মাত্র ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্যৰ অনুমোদন । মাত্র ১০ মাহৰ ভিতৰত মাটি ক্রয় কৰি মাটিৰ শ্ৰেণী পৰিৱৰ্তনেৰে উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য কেনেকৈ লাভ কৰিব পাৰে তাক লৈ যোৱা তিনিদিন ধৰি ৰাজ্যজুৰি চলিছে বিতৰ্কৰ ধুমুহা ।

আনকি যোৱা তিনিদিন ধৰি এই বিষয়টোলৈ উত্তাল‌ হৈ আছে চলি থকা অসম বিধানসভাৰ অধিৱেশন । একাধিকবাৰ সদনৰ কাম-কাজ স্থগিত‌ কৰিবলীয়া‌ হয় ৷ বিৰোধীয়ে কেইবাবাৰো ‌সদন ত্যাগ কৰিছে ।

কিন্তু তাৰ‌ পিছতো বিষয়টো সদনৰ‌ মজিয়াত চলিত বিধানসভা অধিৱেশনত আলোচনা‌ নহ’ল ৷ বিধানসভাত উপস্থিত থকাৰ পৰিৱৰ্তে পুৱাই মুখ্যমন্ত্ৰী ৰাওনা হয় বিহাৰৰ পাটনালৈ ৷ ব্যস্ত হৈ পৰে সনাতন ধৰ্ম আৰু বিৰোধীৰ ৰাষ্ট্ৰীয় মিত্ৰগোট I.N.D.I.Aক লৈ ৷

লগতে পঢ়ক: Assam CM wife land scam: মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ

Last Updated : Sep 15, 2023, 10:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.