ETV Bharat / state

Sleeping well: এইকেইদিন টোপনি ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !

“তেওঁলোকে আন্দোলন কৰিলে মই ৰাতি শান্তিৰে শুই দিব পাৰোঁ ৷ ঠিক আছে, মই কষ্ট দিব পাৰিছো ৷ AIUDF ক জ্বালা দিবৰ বাবেই মই মুখ্যমন্ত্ৰী হৈছো । আজমলৰ মানুহবোৰ আৰু বাঁওপন্থী সকল যেতিয়া চটফটাই থাকে তেতিয়াই ৰাতিটো মোৰ ভাল টোপনি যায় ৷ এই কেইদিন মোৰ টোপনি ভাল ।”

constituency delimitation
CM HBS ignored protest of oppositions
author img

By

Published : Jun 26, 2023, 8:10 PM IST

বিৰোধীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ২৬ জুন: আজমল আৰু বাওঁপন্থীসকলে যেতিয়া আন্দোলন কৰে তেতিয়া পৰম সুখ লভে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই দুই বিৰোধীয়ে যেতিয়া বিৰোধিতা কৰি চটফটাই থাকে তেতিয়া ৰাতি ভাল টোপনি হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ পঢ়িবলৈ বা শুনিবলৈ আসজা যেন লাগিলেও মুখ্যমন্ত্ৰী গৰাকীয়ে নিজ মুখে ব্যক্ত কৰিছে এই কথা ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সোমবাৰে বিৰোধীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা কংগ্ৰেছ, AIUDF আৰু বাঁওপন্থী দলক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, এই প্ৰক্ৰিয়া লৈ ৰাজ্যবাসীৰ আনন্দই হিয়া নধৰা হৈছে ৷

প্ৰথমেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “কংগ্ৰেছ প্ৰতিবাদ কৰিবই ৷ অহা ৫০ বছৰলৈ কংগ্ৰেছৰ দোকান বন্ধ হৈ গ’ল ৷ এইখন Delimitation কাৰ্যকৰী হৈ গ’লে কংগ্ৰেছৰ ইমান চকুপানী ওলাব যে বৰষুণৰ পানীয়েও তাক বিট কৰিব নোৱাৰিব ৷”

লগতে পঢ়ক: Constituency delimitation 2023: অসমত মণিপুৰ সদৃশ উত্তপ্ত পৰিস্থিতি হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে - ভূপেন বৰা

লগতে হিমন্ত বিশ্ব শৰ্মাই কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সকলো সুখী ৷ ১০২ টা সমষ্টি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত হ’লে কোনে প্ৰতিবাদ কৰিব ? SC, ST সংৰক্ষিত হ’লে চিলনীয়ে লৈ যাব নোৱাৰে ৷ নহ’লে চিলনীয়ে লৈ যোৱাৰ চান্স থাকে বুলিও মুখ্যমন্ত্ৰীয়ে জধে-মধে সংৰক্ষণৰ বিৰোধিতা কৰা সকলক কটাক্ষ কৰে ।

আনহাতে, AIUDF তথা আজমল আৰু বাওঁপন্থী সকলৰ আন্দোলন প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰিলে কটাক্ষ ৷ মুখ্যমন্ত্ৰীয়ে কয়, “তেওঁলোকে আন্দোলন কৰিলে মই ৰাতি শান্তিৰে শুই দিব পাৰো ৷ ঠিক আছে ৷ মই কষ্ট দিব পাৰিছো ৷ AIUDF ক জ্বালা দিবৰ বাবেই মই মুখ্যমন্ত্ৰী হৈছো । আজমলৰ মানুহবোৰ আৰু বাওঁপন্থীসকলে যেতিয়া চটফটাই থাকে তেতিয়াই ৰাতিটো মোৰ ভাল টোপনি যায় ৷ এই কেইদিন মোৰ টোপনি ভাল ।’’

এনেদৰেই সোমবাৰে ৰাজ্যৰ বিৰোধীক এক প্ৰকাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত গুৰুত্বহীন কৰাৰ লগতে তেওঁলোকৰ প্ৰতিবাদ-বিৰোধিতাক সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ প্ৰয়াস চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.