গুৱাহাটী, ৯ নৱেম্বৰ: ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত মধ্যাহ্ন ভোজন বিতৰণক কেন্দ্ৰ কৰি বিগত প্ৰায় ন দিন ধৰি চলি অহা বিতৰ্ক আৰু অৰাজক পৰিস্থিতিৰ পিছত শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমস্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰধান সচিব বিশ্বৰঞ্জন চামালক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে । চামালে এমাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । তদন্ত চলি থকা সময়খিনিত পূৰ্বতে যি ব্যৱস্থাৰে মধ্যাহ্ন ভোজন যোগান ধৰা হৈছিল, সেই ব্যৱস্থাৰেই যোগান ধৰি থাকিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।
মন কৰিবলগীয়া যে আজি সপ্তাহৰ দ্বিতীয়টো শনিবাৰ অৰ্থাৎ চৰকাৰী বন্ধৰ দিন । তৎস্বত্বেও বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰীয়ে উক্ত তদন্তৰ নিৰ্দেশ দিয়ে ।
আৰু পঢ়ক অসমত ওলাইছে সাগৰৰ মূল্যৱান মুকুতা