ETV Bharat / state

তিনিটা পর্যায়ত ফেল’শ্বিপ প্ৰৱৰ্তনৰ সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ

author img

By

Published : Dec 12, 2021, 8:30 PM IST

জনতা ভৱনত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সাধাৰণ পৰিষদৰ বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM at General Council Meeting of SSUHS)। উৎকৃষ্ট আৰু গুণগত সেৱা সুনিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহ পৰিদৰ্শনৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তোলা, এই বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলো চিকিৎসা মহাবিদ্যালয়ৰ বাবে অভিন্ন শৈক্ষিক ৰুটিন আৰু শিক্ষার্থী তথা অনুষদৰ বাবে একক পৰিচয় নম্বৰ দিয়াৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয় ।

5th General Council Meeting of SSUHS
শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সাধাৰণ পৰিষদৰ বৈঠকত মুখ্যমন্ত্ৰী

গুৱাহাটী,১২ ডিচেম্বৰ : মুখ্যমন্ত্রী তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ আচার্য ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত দেওবাৰে জনতা ভৱনত বিশ্ববিদ্যালয়খনৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয় (CM at General Council Meeting of SSUHS)। পৰিষদৰ অন্যান্য সদস্যৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্রশাসনিক পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয় । সাধাৰণ পৰিষদৰ এই বৈঠকত বিভিন্ন বিষয়ৰ সন্দৰ্ভত বিতং আলোচনাৰ পিছত উন্নত মানৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলা আৰু বিশ্ববিদ্যালয়খনত এক শক্তিশালী প্রশাসনিক ব্যৱস্থা অনাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ।

বিশ্ববিদ্যালয়খনৰ কেতবোৰ সেৱা ডিজিটেলকৰণ, তিনিটা পর্যায়ত ফেল'শ্বিপ কার্যসূচী প্রৱর্তন অর্থাৎ জ্যেষ্ঠ ফেল'শ্বিপ (পি জি পর্যায়), ফেল'শ্বিপ (স্নাতক পর্যায়) আৰু বিশেষ ফেল'শ্বিপ (দন্ত, নার্চিং ইত্যাদি পাঠ্যক্রম) প্রদানৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয় । বৈঠকত উৎকৃষ্ট আৰু গুণগত সেৱা সুনিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহ পৰিদৰ্শনৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তোলা, এই বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলো চিকিৎসা মহাবিদ্যালয়ৰ বাবে অভিন্ন শৈক্ষিক ৰুটিন আৰু শিক্ষার্থী তথা অনুষদৰ বাবে একক পৰিচয় নম্বৰ দিয়াৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয় ।

বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম বিকাশৰ বাবে দিয়া পৰামর্শও আলোচনা কৰা হয় । বিশ্ববিদ্যালয়খনৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰাক বিষয়টোৰ সন্দৰ্ভত প্রয়োজনীয় পদক্ষেপ লোৱাৰ বাবেও দায়িত্ব প্রদান কৰা হয় । বৈঠকত মুখ্যমন্ত্রী ড৹ শৰ্মাই বিশ্ববিদ্যালয়খনৰ কার্যকলাপ সু-শৃংখল কৰাৰ বাবে স্থায়ী চৌহদৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিত স্থায়ী চৌহদ নির্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ভূমিত বিশ্ববিদ্যালয়ৰ সীমাবেৰৰ সৈতে প্রশাসনিক ভৱন নিৰ্মাণৰ প্ৰাৰম্ভিক প্রক্রিয়া সোনকালে সম্পূর্ণ কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচার্য আৰু লোকনির্মাণ বিভাগ (স্বাস্থ্য আৰু শিক্ষা)ৰ মুখ্য অভিযন্তাক নির্দেশ দিয়ে । আগন্তুক ২ বছৰৰ ভিতৰত যাতে এই স্থায়ী চৌহদৰ পৰাই প্রশাসনিক আৰু মৌলিক শৈক্ষিক কার্যকলাপ আৰম্ভ কৰিব পৰা যায় তাক সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে সাধাৰণ লোকসকলক লাভান্বিত কৰিব পৰাকৈ 'লেব টু ফিল্ড' লৈ ৰূপান্তৰ সাধনৰ দিশত গৱেষণা কৰাৰ বাবে বিশ্ববিদ্যালয়খনক গুৰুত্ব প্রদান কৰিবলৈ কয় ।

বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, উপদেষ্টা ড৹ ননীগোপাল মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্রৱর্তী, বিশ্ববিদ্যালয়খনৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, স্বাস্থ্য শিক্ষাৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ অন্যান্য শীর্ষ বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :Gauhati HC approves Assam Government’s decision : ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.