ETV Bharat / state

প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - CM arrived at 33rd book festival of Axom prakashan parisad

নিজে কিতাপ ক্ৰয় কৰি কিতাপৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি হোৱাটো এক শুভ লক্ষণ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে ইতিমধ্যে প্ৰায় ছয় কোটি টকা গ্ৰন্থ বিক্ৰী হৈছে ৷

cm-arrived-at-33rd-book-festival-of-axom-prakashan-parisad
প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Jan 8, 2021, 9:41 PM IST

Updated : Jan 9, 2021, 3:38 PM IST

গুৱাহাটী,8 জানুৱাৰী: গুৱাহাটীৰ চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হোৱা অসম প্ৰকাশন পৰিষদৰ 33 তম গুৱাহাটী গ্ৰন্থমেলাত দেখা গৈছে গ্ৰন্থপ্ৰেমীৰ ব্যাপক ভিৰ ৷ গ্ৰন্থপ্ৰেমীৰ ব্যাপক উপস্থিতিত সৃষ্টি হোৱা উদুলি-মুদুলি পৰিৱেশৰ মাজতে শুকুৰবাৰে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিয়ে গ্ৰন্থানুৰাগীৰ লগতে পৰিষদৰ কৰ্মকৰ্তাসকলক বিশেষ উৎসাহ যোগোৱা পৰিলক্ষিত হয় ৷ গ্ৰন্থমেলা পৰিদৰ্শনৰ মাজতে নিজে কিতাপ ক্ৰয় কৰি কিতাপৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি হোৱাটো এক শুভ লক্ষণ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ গ্ৰন্থানুৰাগীৰ সহাঁৰিৰে গ্ৰন্থকাৰ সকলৰ লগতে প্ৰকাশক তথা বিক্ৰেতা সকলক আগন্তুক দিনত উৎসাহ জনাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে,অসম প্ৰকাশন পৰিষদৰ 33 তম গ্ৰন্থমেলাত হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৱলী,ৰজনী কান্ত বৰদলৈ ৰচনাৱলী,জ্যোতিপ্ৰসাদৰ ৰচনাৱলীৰ লগতে প্ৰকাশন পৰিষদে প্ৰকাশ কৰা অভিধানে বিশেষ সমাদৰ লাভ কৰিছে বুলি জনাইছে প্ৰকাশন পৰিষদে ৷ পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে ইতিমধ্যে প্ৰায় ছয় কোটি টকা গ্ৰন্থ বিক্ৰী হৈছে ৷ লগতে উন্মোচন কৰা হৈছে প্ৰায় দুশ খনৰো অধিক গ্ৰন্থ ৷

লগতে পঢ়কঃ মৰিশালিত পৰিণত ঐতিহাসিক শিলঘাটৰ এটা চৰকাৰী কাৰ্যালয়

Last Updated : Jan 9, 2021, 3:38 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.