ETV Bharat / state

মুখ্যমন্ত্রীৰ আহ্বানৰ প্ৰতি আলফাৰ সহাঁৰি: এৰি দিয়া হ’ব ৰিতুল শইকীয়াক

author img

By

Published : May 20, 2021, 10:56 PM IST

অপহৃত অ’ এন জি চি কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনৰ প্ৰতি সংবাদমেল যোগে আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শেহতীয়াকৈ সেই আহ্বানৰ প্ৰতি লগে লগে সঁহাৰি জনাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এদিনৰ পৰা চাৰি দিনৰ ভিতৰত ৰিতুল শইকীয়াক মুকলি কৰি দিয়া হ’ব বুলি জনাইছে।

cm_appeal_response_by_ulfa_
মুখ্যমন্ত্রীৰ আহ্বানৰ প্ৰতি আলফাৰ সহাঁৰি: এৰি দিয়া হ’ব ৰিতুল শইকীয়াক

গুৱাহাটী, ২০ মে' : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি তাৎক্ষণিকভাৱে সঁহাৰি জনালে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি পৰেশ বৰুৱাৰ প্ৰতি এক আহ্বান জনাইছিল । এই সংবাদমেল যোগে মুখ্যমন্ত্রী শৰ্মাই অপহৰণ কৰা অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ পৰেশ বৰুৱাক অনুৰোধ জনায়।

উল্লেখযোগ্য যে, অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেডৰ আন দুজন কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ সৈতে ৰিতুল শইকীয়াক ২১ এপ্ৰিলত অসম-নাগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাৰ লাকুৱা তৈলক্ষেত্ৰৰ পৰা আলফা স্বাধীনে অপহৰণ কৰিছিল ।

পৰৱৰ্তী সময়ত, ২৪ এপ্ৰিলত নাগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত অপহৰণকাৰীসকলৰ সৈতে হোৱা সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীয়ে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰিছিল।

স্মৰ্তব্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোৰ বুজ লৈছিল। বৃহস্পতিবাৰৰ সংবাদমেলত মুখ্যমন্ত্রীয়ে গৰাকীয়ে কয়- ' পৰেশ বৰুৱাই ৰিতুল শইকীয়াৰ পৰিয়ালটোক লগ পালে নিশ্চয় চকু পানী ওলাব। মই বিনম্ৰতাৰে পৰেশ বৰুৱাক অনুৰোধ জনাইছো যে ৰিতুল শইকীয়াক মুক্তি দিয়ক। অসমৰ অৰ্থনীতিৰ বাবে অ'ইল , অ' এন জি চিৰ পৰা আৰু কিবা লাগিলে সেয়া আদায় কৰাৰ দায়িত্ব আমাৰ। মই ইয়াৰ দায়িত্ব লৈছো । অইল খণ্ডৰ পৰা ৰাজ্যই বছৰি ১৪ হাজাৰ কোটিৰো বেছি টকা লাভ কৰে। অসমৰ অৰ্থনীতিৰ ক্ষেত্রত অইল খণ্ডৰ যথেষ্ট অৰিহণা আছে । ইয়াত স্থবিৰতা আহি পৰিলে অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পৰিব । ৰিতুল শইকীয়া অ' এন জি চিৰ সাধাৰণ কৰ্মচাৰী।'

মুখ্যমন্ত্রী শৰ্মাই লগতে কয়-' আলফা স্বাধীনে সদিচ্ছাৰ বাতাবৰণ সৃষ্টি কৰিলে আগুৱাই যাব পাৰো। ৰিতুল শইকীয়াক মুক্তি দি আলফা স্বাধীনে সদিচ্ছাৰ বাতাবৰণ গঢ় দিয়ক।' আনহাতে পৰেশ বৰুৱাৰ পৰা শান্তিৰ প্ৰস্তাৱ আহিলে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সদিচ্ছাৰ অভাৱ নহ'ব বুলিও সদৰি কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে, এই সমস্যাৰ ৰাজনৈতিক মীমাংসাৰ প্ৰয়োজন আছে।

লক্ষণীয় বিষয় যে, মুখ্যমন্ত্রীৰ আহ্বানৰ পাছতেই পৰেশ বৰুৱাই ৰিতুল শইকীয়াক মুক্তি দিয়াৰ কথা সদৰি কৰে ।

লগতে পঢ়ক :ভালখবৰ : অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.