ETV Bharat / state

Light and sound show: গান্ধী মণ্ডপত মন্ত্ৰীমণ্ডল সমন্বিতে মুখ্যমন্ত্ৰীয়ে উপভোগ কৰিলে লাইট এণ্ড ছাউণ্ড শ্ব’

author img

By

Published : Dec 8, 2022, 7:41 AM IST

গান্ধীমণ্ডপত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ বৈঠকৰ পাছতে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীবৰ্গই গান্ধীমণ্ডপ চৌহদতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ উদ্যোগত পৰিবেশিত পোহৰ আৰু ধ্বনি প্ৰদৰ্শনী (লাইট এণ্ড ছাউণ্ড শ্ব') উপভোগ কৰে (Light and sound show)।

CM and Ministers enjoined light and sound show after cabinet
গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে উপভোগ কৰিলে লাইট এণ্ড ছাউণ্ড শ্ব’

গুৱাহাটী, 8 ডিচেম্বৰ: গুৱাহাটীৰ শৰণীয়া পাহাৰৰ ঐতিহ্যমণ্ডিত গান্ধীমণ্ডপত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (Cabinet meeting at Gandhi Mandap)। বৈঠকৰ পাছতে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীবৰ্গই গান্ধীমণ্ডপ চৌহদতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ উদ্যোগত পৰিবেশিত পোহৰ আৰু ধ্বনি প্ৰদৰ্শনী (লাইট এণ্ড ছাউণ্ড শ্ব') উপভোগ কৰে (Light and sound show)।

নৰকাসুৰ, বানৰজা তথা মহাভাৰতৰ সময়ৰ প্ৰাক-ঐতিহাসিক কালৰ পৌৰাণিক কামৰূপ-প্ৰাগজ্যোতিষপুৰ কুমাৰ ভাস্কৰ বৰ্মা আৰু ৰজা পৃথুৰ পৰাক্ৰমৰ গৌৰৱগাঁথাৰ পৰা আৰম্ভ কৰি কোঁচ ৰাজত্বকালৰ মহাবীৰ চিলাৰায় আৰু চুতীয়া ৰাজ্যৰ বীৰাংগণা সতী সাধনী, স্বৰ্গদেউ চুকাফাৰ দ্বাৰা বৰ অসম প্ৰতিষ্ঠাৰ পৰা লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ ৰণত মোগলক পৰাস্ত কৰালৈকে আহোম ৰাজত্বৰ স্বৰ্ণযুগ ৷

মানৰ আক্ৰমণ আৰু ইয়াণ্ডাবু সন্ধিৰে অসমত বৃটিছ শাসনৰ সূচনা, বৃটিছৰ বিৰুদ্ধে গমধৰ কোঁৱৰ-মণিৰাম দেৱানৰ বিদ্ৰোহ, কুশল কোঁৱৰ-কনকলতাকে নমস্য বীৰ-শ্বহীদসকলৰ আত্মবলিদানৰ ইতিহাস তথা গান্ধীজীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত অসমৰ জনসাধাৰণৰ বিপুল অংশগ্ৰহণ, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমক পাকিস্তানত চামিলকৰণৰ অপচেষ্টাৰ সফলতাৰে প্ৰতিৰোধ, 1972 চনত শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজ্যৰ ৰাজধানী স্থানান্তৰণকে ধৰি বৰ্তমানলৈকে অসমৰ সূদীৰ্ঘ ইতিহাস সুন্দৰ-সাৱলীল ভাৱে এই লাইট এণ্ড ছাউণ্ড শ্ব'ৰ দ্বাৰা উপস্থাপন কৰা হয় ।

প্ৰাক-ঐতিহাসিক কালৰে পৰা বৰ্তমানলৈকে সামৰি অসমৰ ইতিহাস সামৰা এই বৰ্ণিল আলোক আৰু ধ্বনি প্ৰদৰ্শনী কাৰ্যসূচী গুৱাহাটী উন্নয়ন বিভাগৰ সৌজন্যত এতিয়াৰে পৰা প্ৰতি সন্ধিয়া গান্ধী মণ্ডপত নিয়মীয়াকৈ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব ।

লগতে পঢ়ক: Cabinet meeting at Gandhi Mandap: বন্ধ হ’ব গৰ্ভৱতী মহিলাৰ বাবে থকা আদৰণি সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.