ETV Bharat / state

আলফাত অসম আৰক্ষীৰ গুপ্তচৰ প্ৰসংগ : নীৰৱ মুখ্যমন্ত্ৰী-আৰক্ষী সঞ্চালক প্ৰধান - আলফাত অসম আৰক্ষীৰ গুপ্তচৰ প্ৰসংগ

আলফাত অসম আৰক্ষীৰ গুপ্তচৰ প্ৰসংগই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আৰক্ষীৰ চোৰাংচোৱাৰ ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Assam Police spy in ULFA camp)। কিন্তু এই প্ৰসংগত এতিয়ালৈ নিমাত হৈ আছে আৰক্ষী সঞ্চালক প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

CM
আলফাত অসম আৰক্ষীৰ গুপ্তচৰ প্ৰসংগ
author img

By

Published : Apr 29, 2022, 6:43 PM IST

গুৱাহাটী, ২৯ এপ্ৰিল : যুদ্ধবিৰতি ঘোষণা কৰি পৰেশ বৰুৱা নেতৃত্বাধীন আলফাই (স্বা) শান্তি আলোচনাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰাৰ সময়তে সশস্ত্ৰ সংগঠনটোৰ শিবিৰত ধৰা পৰিছে অসম আৰক্ষী আৰু সেনাৰ চোৰাংচোৱা (Spy in ULFA-I camp)। শেহতীয়াভাৱে আলফা স্বাধীনত ন ন যুৱকৰ যোগদানে গৃহ বিভাগক উদ্বিগ্ন কৰি ৰাখিছে । তেনে সময়তে আলফাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বাইহাটাৰ সঞ্জীৱ শৰ্মা নামৰ আৰক্ষীৰ চোৰাংচোৱাগৰাকীৰ ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Assam Police spy in ULFA camp)।

ভিডিঅ'ত যুৱকজনে আৰক্ষী আৰু সেনা বিষয়াই আলফাত যোগদান কৰোৱাইছিল বুলি মন্তব্য কৰিছিল । মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ধুনুমণি শইকীয়া নামৰ সেনা বিষয়া এগৰাকীৰ নিৰ্দেশত যোগদান কৰা বুলি তেওঁ সদৰী কৰিছিল । ইয়াৰ পিছতে সমগ্ৰ ঘটনাটোক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

পাৰ্থ সাৰথি মহন্তই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, কিয় তেওঁৰ নামটো ল'লে সেই বিষয়ে জ্ঞাত নহয় (Partha Sarathi Mahanta reacts to spy in ULFA)। তেওঁ গুৱাহাটী আৰক্ষীৰ বিষয়া । এই বিষয়টোৰ লগত কেৱল মহানগৰ আৰক্ষী জড়িত নহয় ।

আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন মানুহৰ সৈতে কাম কৰে । গতিকে হয়তো কামৰূপত থাকোতে সঞ্জীৱক লগ পাবও পাৰো বুলি তেওঁ মন্তব্য কৰিছিল । কিন্তু কিয় কেৱল তেওঁৰ নাম ল'লে সেইটো কৰ্তৃপক্ষই তদন্ত কৰিব বুলি পাৰ্থ সাৰথি মহন্তই মন্তব্য কৰে । ৰহস্যজনকভাৱে এতিয়ালৈ কিন্তু এই বিষয়টোত কোনো মন্তব্য দিয়া নাই অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ।

নিমাত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও (DGP is silent on police spy in ULFA)। ইফালে অসমৰ প্ৰায় প্ৰতিটো বিষয়তে সততে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মুখ্যমন্ত্ৰীও আজি এই বিষয়ক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই (Assam CM has not reacted to spy in ULFA)। আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীৰ মৌনতাই সমগ্ৰ বিষয়টো আৰু জটিল কৰি তুলিছে ।

লগতে পঢ়ক :Spy in Ulfa-I camp: আলফা স্বাধীনে প্ৰকাশ কৰিছে গুপ্তচৰৰ তালিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.