গুৱাহাটী,১০ ফেব্ৰুৱাৰী: সফল সামৰণি পৰিল ৭১ সংখ্যক চিনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ(71st Volleyball Competition) । ২ ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ পৰা ৮ দিনীয়াকৈ অনুস্থিত হোৱা প্ৰতিযোগিতাখনৰ সামৰণি পৰে বৃহস্পতিবাৰে (Closing ceremony of 71st Volleyball Competition) । সৰুসজাইৰ নবিন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান । পুৰুষ মহিলা উভয়ে প্ৰায় ৫৮ টাকৈ দলৰ প্ৰায় ১০০০ খেলুৱৈ অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাখনিত ।
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ীসকলৰ অসমৰ প্ৰতীকস্বৰূপ গঁড়, জাপি, গ্ৰন্থ, মেডেল আৰু স্মাৰক প্ৰদান কৰা হয় । লগতে উক্ত অনুস্থানতে মুকলি কৰা হয় ৭১ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা নামৰ শীৰ্ষক গ্ৰন্থখনি। প্ৰতিযোগিতাখনৰ মহিলা শাখাত প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভ কৰে কেৰালা দলটোৱে(Kerala team win 71st Volleyball Competition) । দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক লাভ কৰে ৰে'লৱে দলটোৱে ।
তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে পশ্চিমবংগৰ দলটোৱে । আনহাতে প্ৰতিযোগিতাখনৰ পুৰুষৰ শাখাত প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভ কৰে ৰাজস্থানৰ দলটোৱে । দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক লাভ কৰে চাৰ্ভিচ দলে । তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে তামিলনাডু দলে । সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BCCI ৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া(BCCI Joint Secretary Debjit Saikia), অসম ভলীবল সন্থাৰ(Assam Volleyball Association) সভাপতি সুশান্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।
উল্লেখ্য যে যোৱা ২ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই পতাকা উত্তোলন কৰি প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰিছিল । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী পিয়ুষ হাজৰিকাৰ লগতে মন্ত্ৰী অশোক সিংহাল, কাৰ্যকৰী সভাপতি সুশান্ত বিশ্ব শৰ্মাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
লগতে পঢ়ক: Mysterious murder at Teok: মোমায়েকক ঘপিয়াই পুতি থ’লে শৌচালয়ৰ গাঁতত