গুৱাহাটী,21 চেপ্তেম্বৰ: সোমবাৰৰ পৰা কঠোৰ নীতি-নিয়মৰ মাজেৰে পাঠদান আৰম্ভ হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত । মহানগৰীৰ বহু চৰকাৰী মাধ্যমৰ বিদ্যালয় খোল খালে যদিও কিছু শিক্ষানুষ্ঠান ক'ভিড কেয়াৰ কেন্দ্ৰ হোৱা হেতুকে পাঠদান প্ৰক্ৰিয়া আৰম্ভ নহ'ল । মালিগাঁৱস্থিত বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় ক'ভিড কেয়াৰ কেন্দ্ৰ হিচাপে দীৰ্ঘদিনে ব্যৱহৃত হৈ আছিল । যাৰ বাবে বিদ্যালয় দুখনত আৰম্ভ হোৱা নাই পাঠদান প্ৰক্ৰিয়া ।
বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰ ইতিমধ্যে স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই । তাৰপিছত ছেনিটাইজ কৰিহে বিদ্যালয় খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব কৰ্তৃপক্ষই । ইফালে পাণ্ডু ক'ভিড কেয়াৰ কেন্দ্ৰৰ ক্ষেত্ৰতো লোৱা হৈছে বিশেষ ব্যৱস্থা । এফালে ক'ভিড কেয়াৰ কেন্দ্ৰ আৰু আনফালে শিক্ষাৰ্থীক পাঠদানৰ ব্যৱস্থা কৰিছে পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই । নিয়মীয়াকৈ বিদ্যালয়খনত ছেনিটাইজ কৰি থকা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে । মঙলবাৰৰ পৰা বিদ্যালয়খনত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে । এতিয়া লক্ষণীয় বিষয়টো হৈছে যে, বিদ্যালয় প্ৰাংগণতে ক'ভিড কেয়াৰ কেন্দ্ৰ থকাৰ বাবে একাংশ অভিভাৱকে অসন্তুষ্টি প্ৰকাশ কৰিছে । অৱশ্যে ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ কোনো অসুবিধা নহয় বুলি অভিভাৱকক জনাইছে বিদ্যালয় কৰ্তৃপক্ষই ।