গুৱাহাটী, ১২ মাৰ্চ : গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্মিত চান্দমাৰীস্থিত জয়ন্ত হাজৰিকাৰ স্মৃতি উদ্যানখন দীৰ্ঘদিন ধৰি চাফ চিকুনৰ অভাৱত হাবি জংঘল গজি উঠাৰ লগতে একাংশ অবিবেচক লোকে একপ্ৰকাৰ আৱৰ্জনা স্থলীলৈ পৰিণত কৰিছিল (Jayanta Hazarika Memorial Park) । গুৱাহাটীৰ ‘উত্তৰণ’ নামৰ সামাজিক সাংস্কৃতিক গোষ্ঠীটোৰ কেইগৰাকীমান কৰ্মকৰ্তাই এই দৃশ্য প্ৰত্যক্ষ কৰি উদ্যানখন চাফ চিকুণ কৰাৰ বাবে আগবাঢ়ি আহিছে ।
সেই অনুসৰি দেওবাৰে বন্ধৰ দিনটোত ‘উত্তৰণ’ৰ অৰ্ধ শতাধিক কৰ্ম-কৰ্তাই হাতে-হাতে কোৰ, পানীৰ বাল্টি লৈ উদ্যানখন চাফ চিকুন কৰে ৷ লগতে দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিটো পানী ছটিয়াই শ্ৰম দান কৰে । পুৱা প্ৰায় ৯:৩০ বজাৰ পৰা দিনৰ ১১ বজালৈ উত্তৰণৰ সদস্যসকলে উদ্যানখন পৰিস্কাৰ পৰিছন্ন কৰে (Cleaning Campaign at Jayanta Hazarika Memorial Park in Guwahati by Uttran) ৷ ইয়াৰ মাজতে তেওঁলোকে জয়ন্ত হাজৰিকাৰ কেইবাটাও চিৰসেউজ গীত গাই পৰিৱেশ জীপাল কৰি তোলে ।
দেওবাৰে আয়োজিত এই শ্ৰম দান কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ নাথ, পাৰিষদ নিতা ঠাকুৰীয়া কলিতা, পাৰিষদ ৰাখি বৰা, পাৰিষদ স্বপ্না দেৱী, পাৰিষদ লিপিকা পাটোৱাৰী, অভিনেতা মিণ্টু বৰুৱা, উত্তৰণৰ সভাপতি ৰাজু দৰবধৰা, সম্পাদিকা আটিফা কাৰ্যকৰী সভাপতি ধীৰাজ দাস আদি লগতে কেবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ GMDA ৰ চাফ-চিকুণৰ অভাৱত পৰিত্যক্ত হৈ থকা জয়ন্ত হাজৰিকা উদ্যানখন ৰাইজৰ বাবে পুনৰ নতুন ৰূপত সজাই পৰিচালনা কৰাৰ ইচ্ছা প্ৰকাশ কৰে উত্তৰণৰ নেতৃবৃন্দই । তেওঁলোকে লগতে প্ৰতি মাহতে উদ্যানখনৰ ভিতৰত জয়ন্ত হাজৰিকাৰ স্মৃতি সুঁৱৰি এক অনুষ্ঠান অয়োজন কৰাৰো পোষকতা কৰে ।
উল্লেখ্য যে, বহু কালজয়ী গীতৰে অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে চান্দমাৰীৰ উদ্যানখনত ২০১৩ চনৰ ১৭ জানুৱাৰীত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জয়ন্ত হাজৰিকাৰ সু-উচ্চ প্ৰতিমূৰ্তি মুকলি কৰিছিল ।
লগতে পঢ়ক : OPCA protests : পাকিস্তানত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ, ন্যায়ৰ দাবীত নেডাৰলেণ্ডত প্ৰতিবাদ