ETV Bharat / state

City bus fare price in Guwahati : মহানগৰীত প্ৰশাসনে প্ৰকাশ কৰিলে চিটি বাছৰ ভাড়াৰ তালিকা - কঠোৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন

মহানগৰীৰ চিটিবাছক নাকী লগাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে (Kamrup Metro Dist Admin on bus fare) ৷ কিয়নো শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এখন বিশেষ তালিকা ৷ যি তালিকাত উল্লেখ আছে মহানগৰৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছে যাত্ৰীৰ পৰা কিমান ভাড়া সংগ্ৰহ কৰিব (City bus fare rate published by Kamrup Metro Dist Admin) ৷

City Bus Fair Rate
মহানগৰীত চিটীবাছক নাকী লগাবলৈ প্ৰশাসনৰ ভাড়াৰ তালিকা প্ৰকাশ
author img

By

Published : Dec 10, 2021, 11:54 AM IST

গুৱাহাটী, 10 ডিচেম্বৰ : কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ গুৱাহাটীত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া আদায় কৰি যাত্ৰীক হাৰাশাস্তি কৰি অহা চিটীবাছক নাকী লগাবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে । কামৰূপ মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছৰ ভাড়াৰ তালিকা শেহতীয়াভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে (City bus fare rate published by Kamrup Metro Dist Admin) ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ফেচবুক পেজৰ জৰিয়তে চিটি বাছৰ ভাড়াৰ তালিকা প্ৰকাশ কৰিছে । মহানগৰ জিলা প্ৰশাসনে Assam Govt notification No TMV 195/2010/217 অনুযায়ী মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছৰ ভাড়াৰ সৰ্বনিম্ন ভাড়া ৭ টকা নিৰ্ধাৰণ কৰিছে । আনহাতে, সৰ্বোচ্চ ভাড়া নিৰ্ধাৰণ কৰিছে ২১ টকা ৷

City Bus Fair Rate
বাছ ভাড়াৰ তালিকা প্ৰকাশ

তালিকা অনুযায়ী কাছাৰীৰ পৰা লখৰালৈ ১৩ নং পথত চলা চিটি বাছৰ ক্ষেত্ৰত কাছাৰীৰ পৰা বেতকুছি আৰু লখৰা চাৰিআলিলৈ ১৫ টকা ভাড়া, কাছাৰীৰ পৰা পল্টনবাজাৰ, ৰিহাবাৰী তিনিআলিলৈ ৭ টকা, কাছাৰীৰ পৰা বিৰুবাৰী তিনিআলি, চাইকেল ফেক্টৰীলৈ ৮ টকা, কাছাৰীৰ পৰা ক'লনি বজাৰ, বেটেলিয়ান গেট, জ্যোতিকুছি আৰু লালগণেশলৈ ১২ টকা ভাড়া নিৰ্ধাৰণ কৰিছে । আকৌ, লংকেশ্বৰৰ পৰা ফৰেষ্টগেটলৈ ১৮ নং পথত চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰত লংকেশ্বৰৰ পৰা ভৰলুমুখলৈ ১২ টকা, কাছাৰীলৈ ১৫ টকা , চানমাৰিলৈ ১৮ টকা, ফৰেষ্টগেটলৈ ২১ টকা ভাড়া নিৰ্ধাৰণ কৰিছে । আনহাতে, চাৰ্চফিল্ডৰ পৰা খানাপাৰালৈ ২৩ নং পথত চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰত চাৰ্চফিল্ডৰ পৰা উলুবাৰী ৭ টকা , এ বি চিলৈ ৮ টকা, ডাউনটাউন লৈ ১২ টকা আৰু খানাপাৰলৈ ১৫ টকা ভাড়া নিৰ্ধাৰণ কৰিছে ।

City Bus Fair Rate
কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন

ইপিনে গড়পাণ্ডুৰ পৰা বশিষ্ঠ চাৰিআলি লৈ ২৩ টকা, ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাঞ্জাবাৰীলৈ ২৩ টকা ভাড়া নিৰ্ধাৰণ কৰিছে । মহানগৰীৰ আন আন পথত চলাচল কৰা চিটীবাছৰ ভাড়াৰ নিৰিখ নিৰ্ধাৰণ কৰিছে । যানবাহন আৰক্ষীৰ ওচৰত যি কোনো অভিযোগ ৬৯০১২-৬৯০০৬ আৰু ৬০২৬১-৭৬৭৫৫ নম্বৰত WhatsApp যোগে প্ৰেৰণ কৰিব পাৰিব । অথবা পৰিবহণ বিভাগ (এনফ’ৰ্চমেন্ট) ক ৯৫৩১১০৭৪৮২ নম্বৰত প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক : অধিক ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.