ETV Bharat / state

কৃষি আইন প্ৰৱৰ্তন কৰি কেন্দ্ৰই কৃষকসকলক পুঁজিপতিৰ ক্ৰিতদাস কৰাব খুজিছে

author img

By

Published : Dec 1, 2020, 8:55 PM IST

ক’ৰণা মহামাৰীৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি সংসদত অত্যন্ত অগণতান্ত্ৰিকভাৱে তিনিখনকৈ কৃষকবিৰোধী আইন প্ৰৱৰ্তন কৰিছে ৷ এই আইনৰ ফলত MSP তথা ৰাজহুৱা সংগ্ৰহ ব্যৱস্থাৰ যোগেদি কৃষক আৰু দেশৰ খাদ্য নিৰাপত্তাৰ বাবে যিখিনি সুৰক্ষা আছিল সেয়া নাইকিয়া হ’ব ৷ এই অভিযোগ CITUৰ অসম ৰাজ্যিক সমিতিৰ ৷

কৃষি আইন প্ৰৱৰ্তন কৰি কেন্দ্ৰই কৃষকসকলক পুঁজিপতিৰ ক্ৰিতদাস কৰাব খুজিছে
কৃষি আইন প্ৰৱৰ্তন কৰি কেন্দ্ৰই কৃষকসকলক পুঁজিপতিৰ ক্ৰিতদাস কৰাব খুজিছে

গুৱাহাটী,1ডিচেম্বৰঃ শেহতীয়াকৈ কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰোধিতা কৰি গুৱাহাটীৰ ৰ’টাৰি ক্লাৱত মঙলবাৰে চি আই টি ইউৰ অসম ৰাজ্যিক সমিতিয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ CITUক সহযোগ কৰিলে ভাৰতৰ ছাত্ৰ ফেডাৰেচন, গণতান্ত্ৰিক যুৱ ফেডাৰেচন, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ অসমে ৷

প্ৰতিবাদকাৰী সকলৰ অভিযোগ এই কৃষি আইনৰ ফলত কৃষিৰ ক’ৰপ’ৰেটকৰণৰ দুৱাৰ উন্মুক্ত হ’ব ৷ ক্ৰীতদাসলৈ পৰিণত হ’ব দেশৰ কৃষকসমাজ ৷ এই কৃষি আইনৰ বিৰোধীতা কৰি দেশৰ ১৫০ ৰো অধিক কৃষক সংগঠনৰ যৌথমঞ্চ সদৌ ভাৰত কৃষক সমন্বয়ৰক্ষী কমিটিৰ আহ্বানত দেশৰ বিভিন্ন প্ৰান্তত দিল্লী চলো অভিযান আৰম্ভ হৈছে ; কিন্তু বিজেপি চৰকাৰে কৃষক ৰাইজৰ এনে ন্যায়সংগত ক্ষোভ আৰু প্ৰশমিত কৰিবলৈ ব্যৱস্থা লোৱাৰ সলনি কৃষকসকলৰ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰতিবাদক দমনপীড়নেৰে স্তব্ধ কৰিব বিচাৰিছে ৷

মঙলবাৰে ৰ’টাৰী ক্লাৱত প্ৰতিবাদ সাব্যস্ত কৰা CITUৰ লগতে অন্যান্য সংগঠন সমূহৰ দাবী মানি অনতি পলমে এই কৃষক বিৰোধী আইন বাতিল নকৰিলে সংগ্ৰামী কৃষক ৰাইজে দিল্লীৰ চৰকাৰ উফৰাই পেলাব বুলিও সকিয়াই দিয়ে ৷

লগতে পঢ়কঃ কা বাতিল,মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.