ETV Bharat / state

প্ৰতীক হাজেলাৰ বিপদ ঘনীভূতঃ চি আই ডিয়ে বিচাৰিছে তদন্তৰ অনুমতি

author img

By

Published : May 31, 2022, 3:25 PM IST

প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়াকৈ হাজেলাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ চি আই ডিয়ে অনুমতি বিচাৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে । গৃহ বিভাগৰ পৰা অনুমোদন লাভ কৰাৰ পিছতেই চি আই ডিয়ে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰম্ভ কৰিব তদন্ত ।

প্ৰতীক হাজেলাৰ বিপদ ঘনীভূতঃ চি আই ডিয়ে বিচাৰিছে তদন্তৰ অনুমতি
প্ৰতীক হাজেলাৰ বিপদ ঘনীভূতঃ চি আই ডিয়ে বিচাৰিছে তদন্তৰ অনুমতি

নিউজ ডেস্ক,৩১ মে': বিপদ ক্ৰমাৎ ঘনীভূত হৈ আহিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ (Prateek Hajela IAS) । কিছুদিন পূৰ্বে বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই প্ৰাক্তন সমন্বয়কগৰাকীৰ বিৰুদ্ধে চি আই ডিত এটা গোচৰ তৰিছিল (Case filed against Prateek Hajela)। হাজেলাৰ বিৰুদ্ধে এয়াই প্ৰথম অভিযোগ নহয় ।

ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ নামত হাজেলাই কোটি কোটি টকা আত্মসাৎ কৰাৰ লগতে নাগৰিকপঞ্জীত প্ৰকৃত ভাৰতীয় লোকৰ নাম অন্তৰ্ভুক্তিৰ পৰিবৰ্তে বহুসংখ্যক বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উঠি আহিছিল (NRC scam by former state co ordinator Prateek Hajela) । অনুৰূপ অভিযোগ উত্থাপন কৰি বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই (NRC state co ordinator Hitesh Dev Sarma) অলপতে প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি আই ডিত এটা গোচৰ ৰুজু কৰিছিল যদিও এই পৰ্যন্ত কেতবোৰ কাৰিকৰী জটিলতাৰ বাবে চি আই ডিয়ে আৰম্ভ কৰিব পৰা নাই হাজেলাৰ বিৰুদ্ধে তদন্ত ।

কিয়নো যিকোনো ভাৰতীয় প্ৰশাসনিক বিষয়া (IAS) ৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হ'লে প্ৰথমেই প্ৰয়োজন চৰকাৰৰ অনুমোদনৰ । প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়াকৈ হাজেলাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ চি আই ডিয়ে অনুমতি বিচাৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে । গৃহ বিভাগৰ পৰা অনুমোদন লাভ কৰাৰ পিছতেই চি আই ডিয়ে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰম্ভ কৰিব তদন্ত ।

স্মৰ্তব্য যে এন আৰ চি প্ৰস্তুতৰ নামত ব্যাপক জালিয়াতি সংঘটিত কৰাৰ পিছতেই আই এ এছ বিষয়া প্ৰতীক হাজেলাই অতি কৌশলেৰে ডেপুটেছন লৈ অসম ত্যাগ কৰিছিল । ই টিভি ভাৰতৰ হাতত পৰা খবৰ অনুসৰি খুব সোনকালেই গৃহ বিভাগে হাজেলাৰ বিৰুদ্ধে তদন্তৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে (Home department ready to give approval for enquiry against Prateek Hajela) । ফলত এসময়ৰ প্ৰৱল প্ৰতাপী এইগৰাকী আই এ এছ বিষয়াৰ বাবে এতিয়া বিপদ ঘনীভূত হৈ পৰিছে ।

লগতে পঢ়ক: ২ জুনত বিজেপিত যোগদান কৰিব হাৰ্ডিক পেটেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.