ETV Bharat / state

Money demand of police: চি আই ডিৰ জালত বজালীৰ চাৰি শীৰ্ষ বিষয়াসহ ৭ আৰক্ষী; আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলি - দুৰ্ণীতি নিবাৰক শাখা

চুপাৰি ব্যৱসায়ী ৰবিউল ইছলাম ৰুবেল নামৰ লোকজনৰ গোচৰ ভিত্তিত আৰক্ষীৰ জালত পৰিল বজালীৰ চাৰি আৰক্ষী শীৰ্ষ বিষয়াসহ ৭ গৰাকী আৰক্ষী । বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলৱ । ইফালে বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাইক শাস্তিমূলক বদলি ৷

Anti Corruption Unit Raid
চি আই ডিৰ জালত বজালীৰ চাৰি আৰক্ষী শীৰ্ষ বিষয়া
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 5:28 PM IST

Updated : Sep 1, 2023, 9:59 PM IST

গুৱাহাটী, ১ ছেপ্টেম্বৰ : চি আই ডিৰ জালত বজালীৰ চাৰি আৰক্ষী শীৰ্ষ বিষয়াসহ ৭ গৰাকী আৰক্ষী । চি আই ডিৰ জালত পৰিছে বজালীৰ উপ আৰক্ষী অধীক্ষক পুস্কল গগৈ,পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰী,ভবানীপুৰ আৰক্ষী চকীৰ উপ পৰিদৰ্শক দেৱজিত গিৰী,পাটাছাৰকুছি থানাৰ সহকাৰী উপ পৰিদৰ্শক শশাংক দাস, অতিৰিক্তি আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ দেহৰক্ষী ইনাজামামুল হাচান,বজালীৰ আৰক্ষী অধীক্ষকৰ গাড়ী চালক দ্বিপজয় ৰয়,বজালী আৰক্ষী অধীক্ষকৰ পাৰ্ট টাইম ড্ৰাইভাৰ তথা হোমগাৰ্ড নাবিৰ আহমেদক আটক কৰিছে চি আই ডিয়ে । ধৃত অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে ৩১ আগষ্টত ধন দাবীৰ অভিযোগ লাভ কৰিছিল চি আই ডিয়ে । এই অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ 120 B/341/342/323/448/294/379/387/427/506/307 অধীনত 14/23 নম্বৰ গোচৰ ৰুজু কৰে চি আই ডিত ।

  • Reference Bajali incident - @assampolice Hq had received complaint of demand for money by some police officers of @BajaliPolice in the first week of August. @DIR_VAC_ASSAM was directed to lay a trap but couldn’t succeed since police officers were careful. However, complaint was…

    — GP Singh (@gpsinghips) September 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

চি আই ডিৰ জালত পৰা এই ৭ অভিযুক্তৰ বিৰুদ্ধে আছে ধন দাবীৰ অভিযোগ । এই ধনদাবীৰ ঘটনা আগষ্টৰ প্ৰথম সপ্তাহৰ সংঘটিত হৈছিল । পূৰ্বেই দুৰ্ণীতি নিবাৰক শাখাই হাতে-লোটে ধৰিবলৈ অভিযান চলাইছিল যদিও সফল হোৱা নাছিল তাৰ পিছতেই ৩১ আগষ্টত চিআইডিত ৰুজু হৈছিল গোচৰটো । গোচৰ ৰুজু কৰিয়েই বজালীলৈ ৰাওনা হৈছিল চিআইডিৰ এটা বৃহৎ দল । আজি পুৱাই আটাইকেইজনক আটক কৰি চি আই ডি লৈ লৈ অনা হয় । চুপাৰি ব্যৱসায়ী ৰবিউল ইছলাম ৰুবেল নামৰ লোকজনৰ গোচৰ অনুসৰি আৰক্ষী বিষয়াকেইগৰাকীক চি আই ডিয়ে আটক কৰে । ঘটনাৰ সৈতে বৃহৎ পৰিমানৰ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

ঘটনা অনুসৰি ১৬ আগষ্টত বজালী আৰক্ষীয়ে ধৰি বান্ধি আনিছিল চুপাৰি ব্যৱসায়ী ৰবিউল ইচলাম ওৰফে ৰুবেলক । ৰবিউল ইছলাম ২ নিশা থানাত ৰাখি আৰক্ষীয়ে নিৰ্যাতন চলাইছিল । গ্ৰেপ্তাৰ নকৰাকৈ হাতত হেণ্ডকাফ লগাইছিল আৰু মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰবিউলক মোকলাই দিয়াৰ নামত ৫ কোটি টকা দাবী কৰিছিল আৰক্ষীয়ে । ধন নিদিলে ৰবিউলক এনকাউন্টাৰ কৰাৰো ভাবুকি দিছিল আৰক্ষীয়ে ।

বিতৰ্কিত উপ আৰক্ষী অধীক্ষক পুস্কল গগৈয়ে ২ কোটি চেক আৰু ১০ লাখ নগদ টকা লোৱাৰ অভিযোগ আছে । বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ স্বামীৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ ৰবিউলৰ । আটক কৰা ৭ আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে । ইপিনে,ৰবিউলক জেৰা কৰিছে চি আই ডিয়ে । আনহাতে, বজালিৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইক তলব কৰিছে । বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলৱ কৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ইফালে এই ঘটনাৰ পাছতেই বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাইক শাস্তিমূলক বদলি ৷ মুখ্য কাৰ্যালয়লৈ বদলী আৰক্ষী বিষয়াগৰাকীক । অৱজাগৰণ বসুমতাৰী হ’ব বজালীৰ নতুন আৰক্ষী অধীক্ষক ৷

লগতে পঢ়ক:Public protest at Bordumsa: ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৰডুমচা থানাত স্থানীয় ৰাইজৰ প্ৰতিবাদ

Last Updated : Sep 1, 2023, 9:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.