ETV Bharat / state

Deadbody recovered: ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি আহিল শিশু

author img

By

Published : Oct 12, 2022, 1:26 PM IST

গুৱাহাটীৰ নিকটৱৰ্ত্তী পানীখাইতিত চাঞ্চল্য । মঙ্গলবাৰে ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত শিশুৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্য(Child deadbody recover in Panikhaiti) । শিশুটিৰ ঘৰ বুঢ়ামায়াং অঞ্চলত বুলি জানিব পৰা গৈছে(Deadbody recovered)।

child deadbody recover in panikhaiti
Deadbody recovered: ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি আহিল শিশু

গুৱাহাটী,১১ অক্টোবৰ: গুৱাহাটীৰ নিকটৱৰ্ত্তী পানীখাইতিৰ ৰাজবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ পানীৰ যুৱলিত মঙ্গলবাৰে এটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়(Child deadbody recover in Panikhaiti) । আৰক্ষীয়ে উদ্ধাৰ কৰা শিশুটি বুঢ়ামায়াং অঞ্চলৰ সবুৱা চৌহানৰ ৬ বছৰীয়া পুত্ৰ ৰাজু চৌহান বুলি জানিব পৰা গৈছে(child body recovered) ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে মঙলবাৰে পুৱা প্ৰায় ৮:৩০ মান বজাত ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীত শিশুটিৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে ততালিকে স্থানীয় পানীখাইতি আৰক্ষীক খবৰ দিয়ে(Child body recovered in Brahmaputra river) । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তেতিয়ালৈ শিশুটিৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ।

পানী খাইতি আৰক্ষীয়ে শিশুটিৰ পৰিচয় বিচাৰি চাৰিওফালে বিচাৰ খোচাৰ আৰম্ভ কৰাৰ অন্তত বহু পলমকৈ উদ্ধাৰ কৰে মৃত শিশুটিৰ পৰিচয় । মৃত শিশুটিৰ পিতৃয়ে জনোৱা অনুসৰি যোৱা ৯ অক্টোবৰৰ পৰা ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীত পৰি নিখোজ হৈ আছিল তেওঁৰ কণমানি শিশুটি । পুৱাৰ ভাগত খেলি থকাৰ সময়তে অকস্মাতে ঘৰৰ কাষত থকা নৈৰ বাঢ়নী পানীত পৰি গৈছিল শিশুটি । তেতিয়াৰ পৰা সন্ধানহীন হৈ থকা শিশুটি মঙলবাৰে ৰাজবাৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ পানীৰ যুৱলিত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

লগতে পঢ়ক: Lavita drama controversy : লভিতাৰ নতুন নাম কি হ'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.