গুৱাহাটী,২ ফেব্ৰুৱাৰীঃ
"কিছুমান সংগঠনে গণতান্ত্ৰিক আন্দোলনৰ নামত আইন উলংঘা কৰা পৰিলক্ষিত হৈছে"
"বৰ্তমান ৰাজ্যৰ পৰিস্থিতি শান্ত যদিও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে "
" গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ অভিযোগ উত্থাপন কৰা সকলোৰে অধিকাৰ আছে কিন্তু তাকে কৰিবলৈ যাওঁতে মনত ৰখা উচিত যে গণতান্ত্ৰিক ব্যৱস্থা গণ্ডীৰ ভিতৰতে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰা যুগুত"
এইদৰে মন্তব্য় কৰি ৰাজ্যখনত সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী অটুট ৰখাৰ আহ্বান মুখ্য সচিব গৰাকীৰ।