ETV Bharat / state

মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল - আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল

সোমবাৰে গুৱাহাটীত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল ৷ 3 মে’লৈ লক ডাউন অব্যাহত থাকিলেও 21 এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিব কেতবোৰ নতুন নিয়ম ৷

মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

author img

By

Published : Apr 20, 2020, 9:14 PM IST

গুৱাহাটী, 20 এপ্ৰিল: 21 এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিব কেতবোৰ নতুন নিয়ম । সোমবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

মঙলবাৰৰ পৰা কৃষি আৰু গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত সকলো দোকান পোহাৰ খোলা থাকিব। ঔদ্যোগিক কামকাজ আৰম্ভ হ’ব,ই-কমাৰ্চ আৰু ডিজিটেল অৰ্থনীতিৰ কামকাজ চলিব,স্বাস্থ্য সেৱাৰ সকলো গোটৰ কামকাজ চলিব,বীজ-কীটনাশক আৰু ৰাসায়নিক সাৰৰ উৎপাদন আৰু বিতৰণ চলিব,কৃষি সামগ্ৰীৰ পৰিবহণ চলিব,মাছ মৰা কাৰ্য চলিব,গাখীৰ আৰু দূগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু যোগান চলি থাকিব ।

একেদৰে গো-শালাসমূহ চলি থাকিব,খাদ্য প্ৰস্ততকৰণ উদ্যোগ খুলি দিয়া হ’ব,ইটাভাটাসমূহ খোলা থাকিব,জলসিঞ্চন আৰু পানী যোগানৰ লগত জড়িত কাম-কাজ চলিব,অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানৰ বাহিৰে আন দোকানসমূহ বন্ধ থাকিব,তথ্য প্ৰযুক্তিৰ সেৱাসমূহ ৫০ শতাংশ কৰ্মচাৰীৰে চলিব,শীতল ভড়াল-গুদাম চলি থাকিব,তথ্য প্ৰযুক্তিৰ হাৰ্ডৱেৰ,পেকেজিং সামগ্ৰী,মৰাপাট উদ্যোগ খোলা থাকিব,ইলেক্ট্ৰিচিয়ান-পানী মিস্ত্ৰিসকলে কাম কৰিবলৈ ওলাই যাব পাৰিব ।

আনহাতে,আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্ৰমণ বন্ধ থাকিব,সকলো শিক্ষা-প্ৰতিষ্ঠান বন্ধ থাকিব,চিনেমা হ’ল-শ্বপিং মল আদি পূৰ্বৰ দৰেই বন্ধ থাকিব, ধৰ্মীয় স্থানত সমাগম বন্ধ থাকিব,মৃতকৰ শেষকৃত্যৰ বাবে ২০ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব । মঙলবাৰ অৰ্থাৎ কাইলৈৰ পৰা যি ৩৩ শতাংশ চৰকাৰী কৰ্মচাৰী কামলৈ ওলাই যাব তেওঁলোকক বাছেৰে অনা-নিয়াৰ ব্যৱস্থা কৰা হ’ব আৰু সকলোৱে কৰ্মস্থলীত সকলো চৰকাৰী নিৰ্দেশ মানি চলিব লাগিব ।

ইপিনে সংবাদমেলত উপস্থিত থাকি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে,এতিয়াৰে পৰা ৰাজহুৱা স্থানত থু পেলালে জৰিমনা বিহা হ’ব । ৰাস্তাত মাস্ক পৰিধান নকৰাকৈ ঘুৰিলে জৰিমনা বিহাৰ লগতে ছমাহ পৰ্যন্ত কাৰাবন্দী হ’ব লাগিব । অনাহকত ব্যক্তিগত যান-বাহন ৰাস্তালৈ উলিয়ালে জব্দ কৰা হ’ব । দুচকীয়া বাহনত এজন আৰু চাৰিচকীয়া বাহনত দুজন লোকহে বহিব পাৰিব ।

লগতে পঢ়ক : হাফলঙত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.