ETV Bharat / state

Palm oil plantation in Assam: কেন্দ্ৰৰ সৰ্বনাশী সিদ্ধান্তক সাৰ্থকতা প্ৰদান কৰি মুখ্যমন্ত্রীয়ে ৰোপণ কৰিলে পাম অইলৰ গছপুলি; ৰাজ্যজুৰি প্ৰতিক্ৰিয়া - Palm Oil Saplings Planted in Assam

ৰাজ্যবাসীক আওকাণ কৰি তিনিচুকীয়া জিলাৰ ধলাৰ ছৈখোৱাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু যোগগুৰু ৰামদেৱ যৌথভাৱে পাম অইলৰ পুলি ৰোপণ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্যক সাৰ্থক ৰূপ দিয়াৰ বাবে বিশেষভাৱে তৎপৰ অসম চৰকাৰ। জৈৱ-বৈচিত্ৰতাৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰা পাম অইল খেতিয়ে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰাক লৈ শংকিত সচেতন মহল।

Etv Bharat
Etv Bharat
author img

By

Published : Aug 9, 2023, 7:19 PM IST

গুৱাহাটী, ৯ আগষ্ট: বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ ব্যাপক অসন্তুষ্টি আৰু প্ৰতিবাদক অলপো গুৰুত্ব নিদি অসম ভূমিত আৰম্ভ কৰা হ'ল পাম অইলৰ (তৈল খেজুৰ) খেতি । ব্যাপক বিৰোধিতাৰ পাচতো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বনাশী সিদ্ধান্তক সফল ৰূপ দিলে খোদ অসম চৰকাৰে ।

  • To begin the mega oil-palm plantation exercise, HCM Dr @himantabiswa planted a oil palm sapling in Tinsukia.

    He also visited the stalls set up to
    disseminate information for farmers and exuded confidence that the oil palm plantations will significantly boost agr income. pic.twitter.com/5HViAMBd59

    — Chief Minister Assam (@CMOfficeAssam) August 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজ্যবাসীক আওকাণ কৰি মঙলবাৰে তিনিচুকীয়া জিলাৰ ধলাৰ ছৈখোৱাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু যোগগুৰু ৰামদেৱ যৌথভাৱে ৰোপণ কৰিলে পাম অইলৰ পুলি । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি অসমক পাম অইলৰ খেতিৰ পৰা মুক্ত ৰাখিবলৈ দাবী জনাইছে ।

উল্লেখ্য যে ২০২৫-২৬ চনৰ ভিতৰত অসমত ২ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে । আনহাতে কেন্দ্ৰৰ এই লক্ষ্যক সাৰ্থক ৰূপ দিয়াৰ বাবে উঠিপৰি লাগিছে অসম চৰকাৰ । ইতিমধ্যে ভাৰতীয় কৃষি গৱেষণা পৰিষদে পাম খেতি কৰিবলগীয়া ভূমি চিনাক্ত কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে ।

  • To make Bharat aatmanirbhar in production of edible oils, Hon’ble Prime Minister Shri @narendramodi ji envisaged the National Mission on Edible Oils.

    Today, Assam joined this vital movement from Tinsukia District, with a goal to bring 3.75 L Ha under cultivation of oil palm. pic.twitter.com/cNPmREJkhi

    — Himanta Biswa Sarma (@himantabiswa) August 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ ভিত্তিত প্রথম পৰ্যায়ত দেশৰ চাৰিটা কোম্পানীয়ে অসমৰ ১৮ খন জিলাত আৰম্ভ কৰিব পাম খেতি । শীঘ্ৰে ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰো লক্ষ্য লৈছে বিজেপি চৰকাৰে । বাবা ৰামদেৱৰ পতঞ্জলি ফুডছ লিমিটেডৰ উপৰি গডজে এগ্রোভেট লিমিটেড, থ্রি এফ অইল পাম আৰু কে ই কাল্টিভেছন নামৰ কোম্পানী কেইটাই এই ১৮ খন জিলাত পাম অইলৰ খেতি কৰিব ।

ইয়াৰ বাবে ৰাজ্যখনত ৬টা মণ্ডলত ভাগ কৰা হৈছে । প্ৰথম মণ্ডলত ধেমাজি আৰু লখিমপুৰ, দ্বিতীয় মণ্ডলত যোৰহাট, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া, তৃতীয় মণ্ডলত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও, চতুর্থ মণ্ডলত কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা আৰু নগাঁও, পঞ্চম মণ্ডলত চিৰাং, ওদালগুৰি আৰু শোণিতপুৰ আৰু ষষ্ঠ মণ্ডলত হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলাক অন্তৰ্ভুক্ত কৰা হৈছে ।

ৰাজ্য চৰকাৰে প্ৰাৰম্ভিক পৰ্যায়ত এই ১৮ খন জিলাত ৪টা কোম্পানীক পাম খেতিৰ প্রয়োজনীয় অনুমতি প্রদান কৰিছে । মূলতঃ জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি নৰেন্দ্ৰ মোদী চৰকাৰে অসমক পাম খেতিৰ অন্যতম কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে । পাম খেতিৰ বাবে যথেষ্ট পৰিমাণৰ বৰষুণ, ঠাণ্ডা বতৰ, খৰাং পৰিৱেশ নথকাটো অতি প্রয়োজন ।

ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ৯০:১০ হাৰত সাহায্য প্রদান কৰিব । উল্লেখ্য যে ২০২৫-২৬ বৰ্ষৰ ভিতৰত সমগ্ৰ দেশতে ৬.৫ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰে ৩.২৮ লাখ হেক্টৰ ভূমি উত্তৰ-পূৰ্বাঞ্চলৰ আৰু ৩.২২ লাখ হেক্টৰ ভূমি দেশৰ আন ৰাজ্যৰ ।

উল্লেখ্য যে যোগগুৰু বাবা ৰামদেৱক ৰাজ্যৰ ৭ খন জিলা গতাই দিয়া হৈছে পাম অইলৰ খেতি কৰিবলৈ । ইয়াৰে ভিতৰত জৈব-বৈচিত্ৰতাৰে ভৰপুৰ ডিব্ৰুছৈখোৱা অন্যতম । যি চাৰিটা কোম্পানীয়ে প্রথম পর্যায়ত অসমত পাম অইল খেতিৰ অনুমতি লাভ কৰিছে সেই কোম্পানী কেইটাই অসমত খেতি কৰাৰ উপৰি ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ধৰনৰ কাৰিকৰী দিশ চোৱাচিতা কৰিব ।

তদুপৰি পাম গছৰ পুলি ৰোপণ কৰিব, গছসমূহ চোৱাচিতা কৰিব, পাম গুটি সংগ্ৰহ কৰিব আৰু অসমতে এই গুটিৰ পৰা খোৱা তেল উৎপাদন কৰিব । ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰৰ সৈতে চুক্তিবদ্ধ হৈছে। ইয়াৰ বাবে কোম্পানীকেইটা অসমতে তেল প্ৰস্তুতৰ উদ্যোগ স্থাপন কৰিব লাগিব । লক্ষণীয় বিষয় যে কেন্দ্ৰক তোষামোদ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যখনৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি পাম অইল খেতিক লৈ যথেষ্ট তৎপৰ হৈ পৰিছে ।

উল্লেখ্য যে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্রান্তত পাম অইল খেতিৰ বিধ্বংসী ৰূপ আৰু ভয়াৱহ কুফল দেখিবলৈ পোৱা গৈছে । শ্রীলংকা, ইণ্ডোনেছিয়া আদি দেশত পাম খেতি সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে । জৈৱ-বৈচিত্ৰতাৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰা পাম অইল খেতিয়ে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰে ।

প্রণিধানযোগ্য যে পাম অইলৰ খেতিৰ বাবে প্রয়োজন হয় যথেষ্ট পৰিমাণৰ পানীৰ । যিহেতু মধ্য ভাৰতৰ ৰাজ্যসমূহত পানীৰ অভাৱ, সেয়েহে কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আন্দামানত এই খেতি কৰাৰ ব্যৱস্থা কৰিছে । কেন্দ্রই নেশ্যনেল মিছন ফৰ ইডিবল অইল পাম নামে এক অভিযান আৰম্ভ কৰি এই অভিযানৰ বাবে ১১,০৪০ কোটি টকা অনুমোদন দিছে । এই পুঁজিৰ ৫,৮৫০ কোটি টকা বিনিয়োগ কৰা হ'ব একমাত্র উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতে ।

লক্ষণীয় বিষয় যে এই খেতিয়ে জৈৱ-বৈচিত্ৰ্যৰ লগতে বনভূমিৰ ভীষণ ক্ষতি সাধন কৰিব বুলি পৰিৱেশবিদ সকলে ইতিমধ্যেই সকীয়াই দিছে । পৰিবেশবিদসকলৰ মতে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা বিপন্ন কৰিব পৰা এই খেতিৰ ফলত মাটিৰ উৰ্বৰা শক্তি নাইকিয়া হয় । পাম গছবোৰে কাষৰ মাটিৰ পৰা খনিজাত পদাৰ্থ আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্যবোৰ শোষণ কৰে । ফলত কাষৰ অন্যান্য সকলো উদ্ভিদৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়।

আনহাতে দৈনিক এজোপা পাম গছক প্রায় দুশ লিটাৰ পানী লাগে । যাৰ ফলত ভূ-তল জলচক্ৰৰ প্রভাৱান্বিত হয় । এনেবোৰ কাৰণতে বহুতো দেশে পাম খেতি কৰাটো বন্ধ কৰিছে । ভয়ংকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিভিন্ন দল-সংগঠনেও ৰাজ্যখনত পাম খেতি কৰাৰ বিৰোধিতা কৰি আহিছে । কিন্তু ৰাইজৰ এই দাবীক অলপো গুৰুত্ব নিদিলে কেন্দ্ৰীয় চৰকাৰে ।

ইফালে কেন্দ্ৰৰ মতে পৰিচালিত হোৱা অসম চৰকাৰেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে । লক্ষণীয় বিষয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ছয়গৰাকী লোকসভাৰ সাংসদে ইয়াৰ বিৰোধিতা কৰি উত্তৰ-পূৰ্বাঞ্চলত পাম খেতি নকৰাৰ আহ্বান জনাই কেন্দ্ৰীয় কৃষি মন্ত্রীলৈ পত্র প্ৰেৰণ কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব নিদিলে ।

আৰম্ভণিৰ পৰাই পাম খেতিৰ বিৰোধিতা কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে মালয়েছিয়া, ইণ্ডোনেছিয়া, পাপুৱা নিউ গিনিয়াৰ দৰে দেশে অইল পামৰ উৎপাদন কৰি পৰিৱেশগত দিশত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে । এজোপা পৈণত তৈল-খেজুৰে দৈনিক তিনিশ লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থ পানী শোষণ কৰাৰ লগতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে বুলি পৰিৱেশবিদে আন্তঃৰাষ্ট্ৰীয় স্তৰত মত প্ৰকাশ কৰিছে ।

অসম চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে তৈল খেজুৰ বা প্লাম অইলৰ খেতিয়ে ভয়াৱহ ভৱিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ । এই খেতি অসম বা উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰণ হ'লে সম্পূৰ্ণ পৰিৱেশতন্ত্ৰ ধ্বংস হৈ যাব । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰি পেলাব । ফলত বৃদ্ধি পাব গোলকীয় উষ্ণতা ।

আদ্ৰতা হ্ৰাস পাব আৰু ফলত কাজিৰঙা, মানস আদিৰো বিপন্ন হ’ব অস্তিত্ব । শ্ৰীলঙ্কাত কেইবছৰমান পূৰ্বে এই খেতি কৰিবলৈ লোৱা হৈছিল যদিও তাৰ ভয়ংকৰ প্ৰভাৱ দেখি ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে । আনহাতে দেশৰ ১১৭গৰাকীৰ বিজ্ঞানীয়ে তৈল খেজুৰ খেতি বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো গুৰুত্ব দিয়া নহ'ল ।

অসমৰ বিভিন্ন দল-সংগঠনে পাম অইল খেতিৰ তীব্ৰ বিৰোধিতা কৰাৰ পাচতো কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অলপো গুৰত্ব নিদিলে । অদূৰ ভৱিষ্যতে ৰাজ্যখনত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত।

লগতে পঢ়ক: Palm Oil in Assam :অসমত ৩ লাখ হেক্টৰ বিঘা মাটিত পাম অইল খেতি কৰা হ'ব :মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.