গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী : সদ্যপ্ৰয়াত লতা মংগেশকাৰৰ মুম্বাইৰ বাসগৃহত বুধবাৰে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma visited the residence of legendary singer Lata Mangeshkar) । প্ৰয়াত শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনাবলৈকে মুখ্যমন্ত্ৰী ড৹ শৰ্মা উপস্থিত হয় কোকিলকন্ঠী গায়ীকাগৰাকীৰ মুম্বাইস্থিত বাসগৃহত । লতা মংগেশকাৰৰ ভগ্নী, ভ্ৰাতৃ আৰু পৰিয়ালৰ আন আন সদস্যৰ উপস্থিতিত প্ৰিয় শিল্পীগৰাকীৰ ছবিত মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, আজি অৰ্থাৎ বুধবাৰে পুৱাৰ ভাগত মাজুলীৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুবন গামৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচীত ভাগ লৈয়েই মুখ্যমন্ত্ৰী ড৹ শৰ্মা উৰা মাৰিছিল মুম্বাই অভিমুখে । মুম্বাইত বুধবাৰে বিয়লি দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটাক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই বছৰৰ পৰা অসম চৰকাৰে প্ৰৱৰ্তন কৰা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ । এই ভ্ৰমণসূচীতেই মুখ্যমন্ত্ৰীগৰাকী প্ৰয়াত লতা মংগেশকাৰৰ বাসগৃহলৈ যায় আৰু শিল্পী গৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ।
লগতে পঢ়ক : Assam Baibhav award : মুম্বাইত ৰতন টাটাক ‘অসম বৈভৱ’ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে