ETV Bharat / state

ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুই এদিনতে সম্প্ৰসাৰণ কৰিব তেওঁৰ মন্ত্ৰীসভা ৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আসন্ন সম্প্ৰসাৰণত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত হৈছে ৷ বৰ্তমান দিল্লীত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

author img

By

Published : Jul 2, 2021, 4:16 PM IST

chief-minister-dr-himanta-biswa-sharma-meets-the-president
ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 2 জুলাই : সম্প্ৰতি দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই শুকুৰবাৰে সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰাৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো দিল্লীত সাক্ষাৎ কৰি এক বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ একেদৰে শুকুৰবাৰৰ দিনটোত ৰাষ্ট্ৰপতিৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উভয়েই দিল্লীত বাহৰ পাতি আছে ৷

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুই এদিনতে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাটো নিশ্চিত হোৱাৰ পিছতে বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আসন্ন সম্প্ৰসাৰণত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত হোৱাৰ পিছত বুধবাৰে ডিব্ৰুগড়ৰ পৰাই পোনে পোনে দিল্লীলৈ উৰা মাৰিছিল সোণোৱাল ৷ সোণোৱালে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰধানমন্ত্ৰী মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাক সাক্ষাৎ কৰি আলোচনাত মিলিত হৈছিল ৷

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

প্ৰাপ্ত খবৰ মতে, দুই এদিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব এই সম্প্ৰসাৰণ প্ৰক্ৰিয়া ৷ মনকৰিবলগীয়া যে, মোদীৰ বৰ্তমানৰ মন্ত্ৰীসভাত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীও অন্তৰ্ভুক্ত হৈ আছে ৷ তেনেক্ষেত্ৰত মন্ত্ৰীসভাত সোণোৱালক সঁচাকৈয়ে অন্তৰ্ভুক্ত কৰা হ'ব নে নাই তাকে লৈয়ো ৰাজ্যৰ ৰাজনীতিত চৰ্চা অব্যাহত আছে ৷ কিয়নো অসমৰ দৰে এখন ৰাজ্যৰ পৰা দুজনকৈ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটোও হ'ব এক গুৰুত্বপূৰ্ণ বিষয় ৷

উল্লেখ্য যে, কেইদিন মান পূৰ্বে সোণোৱালক মোডীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি ৰামেশ্বৰ তেলীক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হ'ব বুলি বিজেপিৰ বাহিৰে ভিতৰে চৰ্চা চলিছিল৷ কিন্তু এতিয়া তেনে সম্ভাৱনা শেষ হৈছে ৷ কিয়নো ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি পদত নিযুক্তি দিয়া হৈছে ভবেশ কলিতাক ৷ গতিকে মোদী মন্ত্ৰীসভাত অসমৰ দুজনকৈ মন্ত্ৰী থাকিলেও আচৰিত হ’বলগীয়া একো নাথাকিব ৷

লগতে পঢ়ক : বিজেপিৰ ৰাজনীতিত দুৰ্নীতি বিৰোধী শূণ্য সহনশীলতা আজি অচল টকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.