গুৱাহাটী,১৭ অক্টোবৰ: অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাই দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ সময়তে মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে আন এক ঘটনাই । প্ৰবঞ্চকক বিচাৰি ছত্তিশগড়ৰ পৰা গুৱাহাটী পালেহি এজন যুৱক(Fraudsters in Guwahati) । অসম আৰক্ষী স্পৰ্টচ কোটাত চাকৰি দিয়াৰ নামত প্ৰায় আঢ়ৈ লাখ টকা প্ৰৱঞ্চনাৰে লুট কৰাৰ অভিযোগ উত্থাপন কৰে পাণ্ডুৰ মনোজিৎ সিনহাৰ বিৰুদ্ধে(Looting money on the pretext of giving jobs in Assam Police) । মনোজিৎৰ বিৰুদ্ধে দেশৰ বিভিন্ন থানাত ৰুজু হৈ আছে গোচৰ ।
শনিবাৰে জালুকবাৰী আৰক্ষী থানাত মনোজিৎৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ছত্তিশগড়ৰ ভুক্তভোগী যুৱক ৰুমিল ইংলেয়ে । ঘটনা সন্দৰ্ভত সোমবাৰে মহানগৰ আৰক্ষী আযুক্তক সাক্ষাৎ কৰে ভুক্তভোগী যুৱক ৰুমিল ইংলেই । উল্লেখযোগ্য যে,অসমৰ বহু মন্ত্ৰী, বিধায়ক, আৰক্ষী সঞ্চালক প্ৰধানৰ লগত সু-সম্পৰ্ক ৰখাৰ ফটো দেখুৱাই একাংশ যুৱকক প্ৰৱঞ্চনা কৰি আহিছিল পাণ্ডুৰ মনোজিৎ সিনহাই । তামিলনাডু, নাগালেণ্ড, গুৱাহাটী , ছত্তিশগড়ৰতো প্ৰৱঞ্চক মনোজিৎ সিনহাৰ গোচৰ ৰুজু হৈ আছে বুলি জনাই ভুক্তভোগী যুৱকজনে ।
ভুক্তভোগী যুৱকজনে জনোৱা অনুসৰি তামিলনাডুৰ কেইবাগৰাকী ছাত্ৰক ৰে'লৱেত চাকৰি প্ৰদান কৰাৰ নামত প্ৰৱঞ্চকটোৱে ৭৫ লাখ সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে । অসম চৰকাৰৰ ভূৱা নথি-পত্ৰ বনাই প্ৰৱঞ্চনা কৰি আহিছে হাইপ্ৰফাইল প্ৰৱঞ্চক মনোজিৎ সিনহাই । বিগত বৰ্ষত দিল্লীত ভুক্তভোগী যুৱক ৰুমিল ইংলেৰে চিনাকী হোৱাৰ পিছতে বন্ধুত্ব কৰি প্ৰৱঞ্চনাৰ জাল পেলাই লুটিলে আঢ়ৈ লাখতকৈ অধিক ধন ।
উল্লেখ্য যে যি সময়ত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ জন প্ৰাৰ্থীৰ বিৰুদ্ধে ভূৱা কম্পিউটাৰ চাৰ্টিফিকেটেৰে উত্তীৰ্ণ হোৱাৰ অভিযোগ উত্থাপিত হৈছে সেইসময়তে অসমৰ প্ৰৱঞ্চকে বহিঃৰাজ্যৰ যুৱকক প্ৰৱঞ্চনাৰ জালত পেলোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । হাইপ্ৰফাইল প্ৰবঞ্চক মনোজিৎ সিনহাৰ লগত চৰাকাৰী মহলৰ কোনো লোক জৰিত আছে নেকি ? সেয়া পোহৰলৈ আহিব আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ অন্ততহে ।
লগতে পঢ়ক: Assam Police Recruitment: অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ ৰ্ণ প্ৰাৰ্থীক তলব CIDৰ