ETV Bharat / state

উলংগ নৃত্যঃ ইছলাম ধৰ্মগুৰু-নেতাই কি কয়?

author img

By

Published : Jun 12, 2019, 8:58 PM IST

গুৱাহাটীৰ সদৰ মুফটি নবীউল হক ৰিজবিয়ে উলংগ নৃত্য কাণ্ডক গৰিহণা দি কয় যে যিসকলে এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিছে, তেওঁলোক ইছলাম হোৱাটো দূৰৰে কথা মানুহ হোৱাৰো যোগ্য নহয় ৷ ইছলামত নাচ-গানৰ অনুমতি নাই বুলিও মন্তব্য কৰে ধৰ্মগুৰুগৰাকীয়ে ৷

উলংগ নৃত্যঃ ইছলাম ধৰ্মগুৰু-নেতাই কি কয়?

গুৱাহাটী, 12 জুনঃ ঈদৰ নামত অনুষ্ঠান পাতি লাগে উলংগ নৃত্য ৷ ছয়গাঁৱৰ এই ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়া সৰ্বত্ৰে ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইছলাম ধৰ্মগুৰু তথা মুছলমান নেতাই ৷ গুৱাহাটীৰ সদৰ মুফটি নবীউল হক ৰিজবিয়ে উলংগ নৃত্য কাণ্ডক গৰিহণা দি কয় যে যিসকলে এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিছে, তেওঁলোক ইছলাম হোৱাটো দূৰৰে কথা মানুহ হোৱাৰো যোগ্য নহয় ৷ ইছলামত নাচ-গানৰ অনুমতি নাই বুলিও মন্তব্য কৰে ধৰ্মগুৰুগৰাকীয়ে ৷

ইছলামত নাচ-গানৰ অনুমতি নাইঃ মুফটি নবীউল হক ৰিজবি

আনহাতে, মুছলিম ছাত্ৰ ফেডাৰেশ্বনৰ অসম শাখাৰ সভাপতি মহম্মদ টৌছিফ হুছেইন ৰেজাই ছয়গাঁও কাণ্ডত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৷ এনেধৰণৰ নিকৃষ্ট ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে, তাৰ বাবে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনাইছে মুছলিম ছাত্ৰ ফেডাৰেশ্বনৰ নেতাগৰাকীয়ে ৷

মুছলমান নেতাৰ গৰিহণা

Intro:চয়গাৱৰ ঘটনাক তীব্ৰ নিন্দা কৰে ইছলাম ধৰ্মগুৰু আৰু মুছলিম সংগঠনে।

Body:ঈদৰ নামত চয়গাৱঁত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত মহিলা শিল্পীক অশ্লীল নৃত্য প্ৰদৰ্শন কৰিবলৈ বাধ্য কৰোৱা কাৰ্যক সমগ্ৰ ৰাজ্যজুৰি ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুৱাহাটীৰ সদৰ মুফটি নবীউল হক ৰিজবিয়ে কয় যে ইছলাম ধৰ্মই কোনোধৰণৰ নৃত্যৰ অনুমতি নিদিয়ে। এই ঘটনাৰে জড়িত লোকসকলে ইছলাম ধৰ্মক কলংকিত কৰিছে। লগতে তেওঁ কয় যে এই ঘটনাৰে জড়িত লোকসকল মানৱ জাতিৰ শ্ৰেণীত নপৰে।

Byte মুফটি নবীউল হক ৰিজবি

Conclusion:ছয়গাঁৱত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত মুছলিম ছাত্ৰ ফেডাৰচনৰ অসম শাখাৰ সভাপতি মহম্মদ টৌছিফ হুছেইন ৰেজাই কয় যে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। লগতে তেওঁ দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিবলৈ চৰকাৰক দাবী জনায়। তাৰোপৰি তেওঁ কয় যে এনেকুৱা নিৰ্লজ্জ কাণ্ড সংঘটিত কৰা দোষীক মহামান্য আদালতে কঠোৰতকৈও কঠোৰতম শাস্তি প্ৰদান কৰে যেন। আৰু ভবিষ্যতে যাতে এনেকুৱা কাণ্ড সংঘটিত কোনোৱে নকৰে।

Byte মহম্মদ টৌছিফ হুছেইন ৰেজা

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.