ETV Bharat / state

Landmark Hotel scam: লেণ্ডমাৰ্ক হোটেল কেলেংকাৰী গোচৰৰ অভিযোগ নামা দাখিল

author img

By

Published : Jul 16, 2023, 4:51 PM IST

লেণ্ডমাৰ্ক হোটেল কেলেংকাৰীৰ নতুন মোৰ ৷ বিশেষ আদালত দাখিল কৰা অভিযোগ নামাত চি আই ডি য়ে দাখিল কৰিব অভিযোগনামা ৷

Landmark Hotel scam case charge sheet filed
লেণ্ডমাৰ্ক হোটেল কেলেংকাৰী গোচৰৰ অভিযোগ নামা দাখিল

গুৱাহাটী, ১৬ জুলাই: মহানগৰীৰ লেণ্ডমাৰ্ক হোটেল কেলেংকাৰী গোচৰৰ অভিযোগ নামা দাখিল কৰিলে চি আই ডিয়ে। বিশেষ আদালত দাখিল কৰা অভিযোগ নামাত চি আই ডি য়ে ব'ৰ্ড অফ স্পৰ্টছ অসমৰ তদানীন্তন সঞ্চালক অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া নিত্যানন্দ বৰকাকতি আৰু বৰুৱা এণ্ড কোম্পানী প্ৰাইভেটড নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক দীপাংকৰ বৰুৱাসহ আন কেইবাজনক অভিযুক্ত কৰিছে।

২০২২ চনত লেণ্ডমাৰ্ক হোটেল কেলেংকাৰী গোচৰ পল্টন বজাৰ থানাত ৰুজু হৈছিল। পৰৱৰ্তী সময়ত চৰকাৰে এই গোচৰটোৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পন কৰিছিল। সেই গোচৰটোৰ অভিযোগ নামা চি আই ডিয়ে দাখিল কৰে। ২০০০ চনৰ অসম চৰকাৰৰ কেবিনেটে নেহৰু ষ্টেডিয়াম সংলগ্ন ৰাধাগোবিন্দ বৰুৱা গেষ্ট হাউছটো (বৰ্তমানৰ নাম লেণ্ডমাৰ্ক হোটেল) ব্যক্তিগত প্ৰতিষ্ঠনক ২০ বছৰৰ বাবে লীজত দিয়াৰ সিদ্ধান্ত লৈছিল।

ব'ৰ্ড অফ স্পৰ্টছ অসমৰ তদানীন্তন সঞ্চালক নিত্যানন্দ বৰকাকতিয়ে বৰুৱা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডৰ সঞ্চালক দীপাংকৰ বৰুৱাক অতিথিশালাটো ২০ বছৰৰ বাবে লীজত দিয়ে। দীপাংকৰ বৰুৱা আৰু নিত্যানন্দ বৰকাকতিয়ে ষড়যন্ত্ৰমূলকভাৱে লীজ চুক্তিৰ আন এটা দফা সংযোগ কৰে ।

যিটো দফাত লিখা হয় প্ৰথম ২০ বছৰৰ লীজ অন্ত পৰাৰ পিচত লেচীয়ে পূৰ্বৰ চৰ্ত অনুসৰি অতিৰিক্ত ২০ বছৰৰ বাবে লীজৰ সময়সীমা বৃদ্ধি কৰিব পাৰিব। লগতে চুক্তিপত্ৰত এই কথাও কোৱা হয় চৰকাৰে যেতিয়া এই সম্পত্তি ওভতাই ল’ব বিচাৰিব তেতিয়া অতিথিশালাটো মেৰামতি পুনৰ নিৰ্মাণৰ বাবে লেচীয়ে কৰা ব্যয় আদায় দিব লাগিব ।

বৰ্তমানো লেণ্ডমাৰ্ক হোটেলৰ বিপৰীতে এক্সিচ বেংকত ২.৫ কোটি টকা ঋণ আছে । ২৩ বছৰ পূৰ্বে সংঘটিত এই কেলেংকাৰী চিআই ডিয়ে তদন্ত কৰি দীপাংকৰ বৰুৱা আৰু নিত্যানন্দ বৰকাকতি কেলেংকাৰীৰ ধৰা পেলায় ।

লগতে পঢ়ক: West Bengal Panchayat Election Violence: অব্যাহত আছে নিৰ্বাচনী হিংসা; অসমত আশ্ৰয় পশ্চিমবংগৰ বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.