ETV Bharat / state

চন্দ্ৰপুৰবাসীক চৰকাৰে কৰি অহা অন্যায় সহ্য কৰা নহ’বঃ সমুজ্জ্বল ভট্টাচাৰ্য - সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কলে, মহানগৰীৰ গাতে লাগি থকা চন্দ্ৰপুৰ অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰাক প্ৰাথমিকৰ ব্যৱস্থা থাকিব লাগিব; তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাব লাগিব ৷ লগতে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বৃত্তিমুখী প্ৰতিষ্ঠান এখন স্থাপন কৰাৰো দাবী তুলে ভট্টাচাৰ্যই ৷

Chandrapur aasu adhibeshsn
চন্দ্ৰপুৰত চৰকাৰে কৰি অহা অন্যায় সহ্য কৰা নহ’বঃ সমুজ্জ্বল ভট্টাচাৰ্য
author img

By

Published : Nov 10, 2020, 10:25 PM IST

গুৱাহাটী,10 অক্টোবৰঃ মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে চন্দ্ৰপুৰত অনুষ্ঠিত হয় সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ চন্দ্ৰপুৰ অধিবেশন ৷ অধিবেশনত ভাগ লয় আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷

ইপিনে অধিবেশনস্থলীৰ পৰাই চৰকাৰক তীব্ৰ সমালোচনা কৰে সমুজ্জ্বল ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, চন্দ্ৰপুৰ অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰাক প্ৰাথমিকৰ ব্যৱস্থা থাকিব লাগিব আৰু তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাব লাগিব ৷ লগতে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বৃত্তিমুখী প্ৰতিষ্ঠান এখন স্থাপন কৰাৰো দাবী তুলে ভট্টাচাৰ্যই ৷

Chandrapur aasu adhibeshsn
চন্দ্ৰপুৰত চৰকাৰে কৰি অহা অন্যায় সহ্য কৰা নহ’বঃ সমুজ্জ্বল ভট্টাচাৰ্য

তেওঁ ভাষণ প্ৰসংগত কয় যে, দিছপুৰে অতিজৰে পৰা চন্দ্ৰপুৰক অন্যায়, অৱজ্ঞা কৰি আহিছে ৷ ৰাজধানী পাতিছিল, সেয়াও উঠায় লৈ গ'ল ৷ মহকুমা ঘোষণা কৰিলে, সেয়াও লৈ গ’ল ৷ চাৰিটাকৈ লাভজনক উদ্যোগ আছিল ৷ চৰকাৰৰ ভুল নীতিৰ বাবে সেয়াও বন্ধ হ'ল ৷ লগতে পৰ্যটনৰ বাবে সকলো সম্ভাৱনা থকাৰ পাছতো অঞ্চলটোক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি নুতুলিলে চৰকাৰে ৷ যাক লৈ ক্ষোভ প্ৰকাশ কৰে ভট্টাচাৰ্যই ৷ গতিকে চৰকাৰৰ এনে অন্যায়ৰ বিৰুদ্ধে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ হৈ বলিষ্ঠ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়কঃ ডিকমৰ মটক বাগিছাত অব্যাহত উত্তেজনা: গাঁত খান্দি উলিয়ালে সৎকাৰ কৰা শিশুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.