ETV Bharat / state

Amdadul murder Case: আমদাদুলৰ হত্যাকাৰীক বিচাৰি চলাথ কৰিছে চান্দমাৰী আৰক্ষীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 8:58 PM IST

আমদাদুল ইছলামৰ হত্যাকাৰীক বিচাৰি অভিযান অব্যাহত চান্দমাৰী আৰক্ষীৰ ৷ ক্ৰাইম ব্ৰাঞ্চৰ সহায় লৈছে চান্দমাৰী আৰক্ষীয়ে ৷

Amdadul murder Case
আমদাদুলৰ হত্যাকাৰীক বিচাৰি চলাথ কৰিছে চান্দমাৰী আৰক্ষী

গুৱাহাটী, 30 অক্টোবৰ : নগাঁৱৰ মৰিকলঙৰ আমদাদুল ইছলামৰ হত্যাকাৰীক বিচাৰি চলাথ কৰিছে চান্দমাৰী আৰক্ষীয়ে ৷ ইছলামৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ চান্দমাৰী আৰক্ষীয়ে সহায় লৈছে অপৰাধ অনুসন্ধান শাখাৰ ৷ সেয়ে সোমবাৰে ক্ৰাইম ব্ৰাঞ্চৰ দল উপস্থিত হয় চান্দমাৰী আৰক্ষী থানাত ৷

দলটোৱে চান্দমাৰী আৰক্ষী থানাত উপস্থিত হৈ কেইবাগৰাকীও কিন্নৰক ঘটনাৰ সন্দৰ্ভত সোধ-পোচ কৰে । ইফালে বৰ্তমানে উদ্ধাৰ হোৱা নাই মৃত আমদাদুলৰ মোবাইল । আনহাতে মৃত ইছলামৰ মোবাইলৰ লোকেচন শিৱসাগৰত দেখুওৱা বুলি চান্দমাৰী আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ আৰক্ষীৰে যোগাযোগ কৰিছে চান্দমাৰী আৰক্ষীয়ে । মোবাইলটো উদ্ধাৰ হ’লে সমগ্ৰ ঘটনাৰ আঁৰৰ কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ইপিনে ইছলামৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত আজি ক্ৰাইম ব্ৰাঞ্চৰ দল আৰু চান্দমাৰীৰ আৰক্ষীৰ দল উপস্থিত হয় ৷ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা কিছু দূৰত আজিও তেজৰ চেকুৰা প্ৰত্যক্ষ কৰে তদন্তকাৰী দলটোৱে । আৰক্ষীয়ে তেজৰ নমুনা সংগ্ৰহ কৰি ফৰেনচিকলৈ প্ৰেৰণ কৰিছে ।

আনহাতে এটা সন্তানৰ পিতৃ আমদাদুলেৰ বিষয়ে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি গুৱাহাটীত কিন্নৰৰ বেশ ধৰি বিভিন্ন কার্যকলাপ কৰি আহিছিল ইছলামে । শেহতীয়াকৈ 25 দিনৰ পূর্বে কেৰালালৈ যোৱাৰ উদ্দেশ্যে নগাঁৱৰ ঘৰৰ পৰা ওলাই আহিছিল ইছলামে । কিন্তু বস্তাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷

মৃত যুৱকজনৰ মাতৃৰ অভিযোগ অনুসৰি, ৰ’জী, মহিমা আৰু ৰাধা নামৰ তিনি কিন্নৰৰ বেশত থকা যুৱকে হত্যা কৰিছে আমদাদুলক । দীৰ্ঘদিন ধৰি যুৱককেইজনৰ সৈতে সম্পৰ্ক আছিল আমদাদুলৰ । আনহাতে অভিযোগ অনুসৰি, মহিমা নামৰ কিন্নৰৰ নেতৃত্বতে দীৰ্ঘদিন ধৰি বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল আমদাদুলে । কিন্তু কি কাৰণত আমদাদুলক হত্যা কৰা হ'ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।

লগতে পঢ়ক:Kinnar death case update : আৰক্ষীৰ হাতত CCTV ভিজুৱেল, 28 অক্টোবৰত কি হৈছিল মহানগৰীত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.