ETV Bharat / state

২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে চেলেঞ্জে - শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে চেলেঞ্জে

29th Kolkata International Film Festival: ২৯ সংখ্যক 'কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ'ত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে পুৰস্কৃত হ’ল অসমীয়া তথ্যচিত্ৰ 'চেলেঞ্জ' । ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হোৱা ২৯ সংখ্যক 'কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল তথ্যচিত্ৰখন ।

Challenge awarded Golden Royal Bengal Tiger Award for Best Documentary at 29th KIFF
শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে চেলেঞ্জে
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:51 PM IST

Updated : Dec 13, 2023, 2:01 PM IST

গুৱাহাটী, ১৩ ডিচেম্বৰ: ২৯ সংখ্যক ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখাত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে পুৰস্কৃত হয় অসমীয়া তথ্যচিত্ৰ 'চেলেঞ্জ' । যোৱা ৫ ডিচেম্বৰৰ পৰা কলকাতাত আৰম্ভ হোৱা ২৯ সংখ্যক 'কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ'ৰ সামৰণিৰ দিনা বিভিন্ন শাখাত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ।

Challenge awarded Golden Royal Bengal Tiger Award for Best Documentary at 29th KIFF
িৰশ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে চেলেঞ্জে

অসমীয়া 'চেলেঞ্জ'লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে 'গ’ল্ডেন ৰয়েল বেংগল টাইগাৰ এৱাৰ্ড' প্ৰদান কৰা হয় । ‘কামৰূপা ক্ৰিয়েছনচ’ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই । আনহাতে পৰিচালনা কৰিছে ৰমেন বৰা আৰু শিৱাণু বৰাই । তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই । চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ । ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতমে । সম্পাদনা ৰমেন বৰাৰ । ডি আই কালাৰ ৰতন শীলৰ । তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিছে জীতেন্দ্ৰ ৰাম প্ৰকাশে । এগৰাকী চিত্ৰশিল্পী হিচাপে তথ্যচিত্ৰখনৰ বিশেষ কিছু মুহূৰ্ত অলংকৃত কৰিছে ৰবীন ব’ৰে ।

Challenge awarded Golden Royal Bengal Tiger Award for Best Documentary at 29th KIFF
শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে চেলেঞ্জে

বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভূমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ৩৮ মিনিট দৈৰ্ঘৰ তথ্যচিত্ৰ 'চেলেঞ্জ' । পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত এই মহোৎসৱত ভাৰতীয় প্ৰিমিয়াৰ হিচাপেও প্ৰদৰ্শিত হয় ‘চেলেঞ্জ’ ।

উল্লেখ্য যে, দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰেৰণ কৰা তথ্যচিত্ৰসমূহৰ মাজৰ পৰা মুঠ ৮খন তথ্যচিত্ৰই ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল । দেশৰ তৃতীয় সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে জনাজাত ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ এই বৰ্ষৰ ‘ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ 'চেলেঞ্জ'ৰ উপৰিও নিৰ্বাচিত হোৱা আন সাতখন তথ্যচিত্ৰ আছিল সৌৰভ সাৰেংগীৰ ‘টাইগাৰ আৰ্মী’, বিন্দু নায়াৰৰ 'ফ'ৰ্জ্ড ইন ফায়াৰ', বিশাল পি চলিহাৰ 'চামডে', শুভ দাস মল্লিকৰ 'নৱজাগৰণেৰ গান', হাইদৰ খানৰ 'লেংগুৰ', অভিজিৎ চক্ৰৱৰ্তীৰ 'চবৰ - অৰণ্যেৰ অন্য কথা' আৰু সুষমা মিলিন্দ কুভলেকাৰৰ 'দ্য ডিভাইন হাৰ্ট'। তথ্যচিত্ৰখনৰ এই সফলতাই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে অসমীয়া সাংস্কৃতিক জগতখনলৈ ।

লগতে পঢ়ক: শ্বাহৰুখ-প্ৰীতিৰ পিচত ক্ৰিকেট দলৰ স্বত্বাধিকাৰী হ’ল অক্ষয় কুমাৰ, কোনটো দল ক্ৰয় কৰিলে ?

Last Updated : Dec 13, 2023, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.