ETV Bharat / state

Sankardeva Chair in Universities : আজিও কাৰ্যকৰী হোৱা নাই শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ চৰকাৰী ঘোষণা

author img

By

Published : Dec 12, 2022, 6:22 PM IST

অসম চৰকাৰে বিগত ২০১৭-তে ঘোষণা কৰিছিল যে, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, বিশ্ব ভাৰতী বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন (srimanta sankardeva chair) প্রতিষ্ঠা কৰা হ’ব । কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে আজিলৈকে উল্লেখিত কোনো এখন বিশ্ববিদ্যালয়তে শ্রীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা নহ'ল ।

Sankardev Chair in Universities
আজিও কাৰ্যকৰী হোৱা নাই শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ চৰকাৰী ঘোষণা

গুৱাহাটী, ১২ ডিচেম্বৰ : শেহতীয়াকৈ অসম চৰকাৰে লাচিত বৰফুকনক (Lachit Borphukan) বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে যিধৰণৰ প্ৰচেষ্টা হাতত লৈছে, অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক (Srimanta Sankardeva) বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৱহেলা প্ৰদৰ্শন কৰি আহিছে ।

মাত্ৰ সময়ে সময়ে চৰকাৰ আৰু বিভিন্ন দল-সংগঠনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা কৈ কেৱল কথাৰ ফুলজাৰি মাৰে ৷ কিন্তু পৰিতাপৰ বিষয় যে, সেই কথাই আজিলৈকে বাস্তৱ ৰূপ পোৱা নাই । উল্লেখ্য যে, বিদ্যায়তনিক দিশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল সৃষ্টিৰাজি, আদৰ্শ আৰু দৰ্শনক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰে বহু কাম কৰাৰ অৱকাশ আছে ।

কিন্তু পৰিতাপৰ বিষয় যে, এই সন্দৰ্ভত চৰকাৰে কৰিব পৰা বহু কামেই আজিও হৈ নুঠিল বুলি অভিযোগ উত্থাপন হৈ আহিছে । এই ক্ষেত্ৰত কংগ্ৰেছ (congress) অথবা বিজেপি (BJP), ৰাজ্যৰ কোনো এখন চৰকাৰৰে সদিচ্ছা প্ৰকাশ নাপালে । অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা, জাতীয় জীৱনৰ বটবৃক্ষ স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি অসমৰ লগতে সমগ্ৰ ভাৰতবর্ষ তথা বিশ্বতে তুলনাবিহীন । তেনে এগৰাকী মহাপুৰুষৰ বিষয়ে অসমৰ বাহিৰত যিদৰে চৰ্চা হ’ব লাগিছিল, সেয়া আজিও হৈ উঠা নাই ।

সঠিক প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ চাৰিসীমাৰ ভিতৰতে আবদ্ধ হৈ ৰৈছে । সৰ্বগুণাকৰ হোৱা সত্বেও বহুতেই মহাপুৰুষজনাক কেৱল ধর্মীয় গুৰু হিচাপেহে প্রতিষ্ঠা কৰিব বিচাৰে । এই ক্ষেত্ৰত কোনো এখন চৰকাৰেই নিজৰ কৰণীয়খিনি সম্পাদন কৰা নাই । স্মর্তব্য যে অসম চৰকাৰে বিগত ২০১৭-তে ঘোষণা কৰিছিল যে বেনাৰস হিন্দু বিশ্ববিদ্যালয় (Banaras Hindu University), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU), দিল্লী বিশ্ববিদ্যালয় (Delhi University), বিশ্ব ভাৰতী বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন (Srimanta Sankardeva chair) প্রতিষ্ঠা কৰা হ’ব (Sankardeva chair to be set up in 5 varsities)।

২০১৭ চনৰ জানুৱাৰীত বিজেপি মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ তদানীন্তন শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছিল (CM Himanta Biswa Sarma) । আনকি বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) ভাৰতবৰ্ষৰ উক্ত পাঁচখন বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন প্রতিষ্ঠাত অনুমোদন জনাইছিল । ইয়াৰ লগে লগে ৰাজ্যবাসীও উৎফুল্লিত হৈছিল । কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে, আজিলৈকে উল্লিখিত কোনো এখন বিশ্ববিদ্যালয়তে শ্রীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা নহ'ল ।

বিশ্ব ভাৰতীয়ে ২০১৮-ৰ ১৩ মাৰ্চত শংকৰদেৱ আসন প্রতিষ্ঠাৰ বাবে উদ্যোগ লৈছিল । তাৰ বাবে অসম চৰকাৰে পাঁচ কোটি টকা জমাও দিছিল । কিন্তু অধ্যাপক নিযুক্তিৰ বিজ্ঞাপন প্রকাশ কৰাৰ পাছতেই বিগত তিনি বছৰে প্ৰক্ৰিয়াটো আৰু বিশেষ আগবঢ়া নাই । ফলত উল্লিখিত দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়কেইখনত আজিও প্রতিষ্ঠা নহ'ল শংকৰদেৱ আসন । আনপিনে, তেজপুৰ বিশ্ববিদ্যালয়ত পূৰ্বৰে পৰা থকা শংকৰদেৱ আসনখনো বিগত প্রায় চাৰি বছৰ ধৰি খালী হৈ আছে ।

সুদীর্ঘ দিন ধৰি কোনো অধ্যাপকক নিয়োগ কৰা হোৱা নাই এই বিশ্ববিদ্যালয়খনত । ইপিনে পঞ্জাবৰ পাটিৱালা বিশ্ববিদ্যালয়ত বহু বছৰ আগেয়ে শংকৰদেৱ আসন আছিল । ড° মহেশ্বৰ নেওগ আৰু ড° কেশৱানন্দ দেৱগোস্বামী এই আসনত অধ্যাপক আছিল । তাৰ পাচৰে পৰা এই আসনখনো খালী হৈ আছে । মুঠতে বৰ্তমান ভাৰতবৰ্ষৰ কোনো এখন বিশ্ববিদ্যালয়তে নাই শংকৰদেৱ আসন । এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি আৰু অসম তথা অসমীয়াৰ বাবে চৰম দুর্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে ।

এই ক্ষেত্ৰত বৰ্তমানৰ অসম চৰকাৰে এক সঠিক সিদ্ধান্ত লৈ বিদ্যায়তনিক দিশত গুৰুজনাৰ আদৰ্শ, দৰ্শন আৰু বিশাল সৃষ্টিক জগত সভালৈ লৈ যোৱাত পদক্ষেপ গ্ৰহণ কৰিবলৈ বৌদ্ধিক মহলে দাবী জনাইছে । ইপিনে বিষয়টোৰ সন্দৰ্ভত ৰাজ্যখনৰ জাতীয় সংগঠন বুলি দাবী কৰাসকলে চৰকাৰক যি ধৰণে হেঁচা প্ৰয়োগ কৰিব লাগিছিল, সেয়া পৰিলক্ষিত হোৱা নাই ।

আনকি শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধর্ম সমাজ, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভূমিকাও সন্তোষজনক নহয় । আনহাতে, ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠনসমূহো নির্লিপ্ত হৈ থকা পৰিলক্ষিত হৈছে । অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা, জাতীয় জীৱনৰ বটবৃক্ষ স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেন এতিয়াও নামঘৰতে আবদ্ধ হৈ আছে ।

লগতে পঢ়ক :Protest in Lakhimpur: লখিমপুৰত বনমন্ত্রীৰ পুত্তলিকা দাহ অসমীয়া যুৱ মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.