ETV Bharat / state

ৰাজ্যজুৰি চলোৱা অভিযানত নগদ ধনসহ ১১৫.৮০ কোটি টকাৰ সামগ্ৰী জব্দ

author img

By

Published : Apr 4, 2021, 10:56 PM IST

ৰাজ্যজুৰি চলোৱা অভিযানত নগদ ধনৰ লগতে অবৈধ সুৰাকে ধৰি আন আন নিচাজাতীয় দ্ৰব্যসহ জব্দ কৰা সামগ্ৰীৰ মূল্য হৈছে মুঠ ১১৫.৮০ কোটি টকা । ইয়াৰ ভিতৰত জব্দ কৰা অবৈধ সুৰাৰ মূল্য হৈছে ৩৬.৫০ কোটি টকা আৰু ড্ৰাগছকে ধৰি আন নিচাজাতীয় দ্ৰব্যৰ মূল্য হৈছে ৩৪.৩৮ কোটি টকা । ৰাজ্যজুৰি জব্দ কৰা হৈছে নগদ ২৬.০৫ কোটি টক‍া ।

নগদ ধনসহ ১১৫.৮০ কোটি টকাৰ সামগ্ৰী জব্দ
নগদ ধনসহ ১১৫.৮০ কোটি টকাৰ সামগ্ৰী জব্দ

গুৱাহাটী, ৪ এপ্ৰিল: নিৰ্বাচনৰ দিন ঘোষণাৰ পৰা দেওবাৰলৈকে ৰাজ্যজুৰি নগদ ২৬.০৫ কোটি টক‍া জব্দ কৰা হৈছে । ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যত বলবৎ হৈছিল নিৰ্বাচনী আচৰণ বিধি । সেই দিনটোৰ পৰা দেওবাৰে অসম আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু অবকাৰী বিভাগকে ধৰি বিভিন্ন বিভাগে ৰাজ্যজুৰি চলোৱা অভিযানত নগদ ধনৰ লগতে অবৈধ সুৰাকে ধৰি আন আন নিচাজাতীয় দ্ৰব্যসহ জব্দ কৰা বিভিন্ন সামগ্ৰীৰ মূল্য হৈছে মুঠ ১১৫.৮০ কোটি টকা । ইয়াৰ ভিতৰত জব্দ কৰা অবৈধ সুৰাৰ মূল্য হৈছে ৩৬.৫০ কোটি টকা আৰু ড্ৰাগছকে ধৰি আন নিচাজাতীয় দ্ৰব্যৰ মূল্য হৈছে ৩৪.৩৮ কোটি টকা ।

এই সময়চোৱাত জব্দ কৰা মূল্যবান ধাতুৰ মূল্য হৈছে ৩.৬৯ কোটি টকা । তদুপৰি জব্দ কৰা বিদেশী চিগাৰেট, পান-মচলা, জৰ্দা আদি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ মূল্য হৈছে ১৫.১৮ কোটি টকা । এই তথ্য সদৰি কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ।

তথ্য অনুসৰি নিৰ্বাচনৰ দিন ঘোষণাৰ পৰা দেওবাৰলৈ আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে ৫৫ টা অবৈধ মাৰণাস্ত্র আৰু ৯০৩ টা বিস্ফোৰক । আনহাতে জমা কৰা হৈছে অনুজ্ঞাপত্র থকা ৫৪১৪ টা মাৰণাস্ত্র । সেইদৰে আৱকাৰী আইন ভংগৰ ৫,২৩৪ টা গোচৰ ৰুজু হৈছে । আনহাতে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় ৫৬ টা গোচৰ ৰুজু কৰা হৈছে ।

ইফালে ৬এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন । ১৬খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩১২ জন পুৰুষ আৰু ২৫ গৰাকী মহিলা প্ৰাৰ্থী ।

আনহাতে, ভোটাৰৰ সংখ্যা হৈছে ৭৯,১৯,৬৪১ গৰাকী । ইয়াৰে ৪০,১১,৫৩৯ জন পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা আৰু ১৩৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । সেইদৰে ৪০ টা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১১,৪০১ টা । অতিৰিক্তভাৱে আছে ১,৮১৪ টা । আদৰ্শ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১৪৯ টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৩১৬ টা ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিয়োজিত কৰা হৈছে ৪৫,৬০৪ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী । উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৯.৯৭ শতাংশ আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮০.৯ শতাংশ ।

লগতে পঢ়ক: মুকালমুৱাত নাৰায়ণ ডেকাৰ হৈ ৰণ ডংকা বজালে হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.