ETV Bharat / state

The COVID-19 Menace: প্ৰভাৱ নাই যদিও ক'ভিডক লৈ ৰাজ্যসমূহলৈ কেন্দ্ৰৰ সতৰ্কবাণী

author img

By

Published : Dec 21, 2022, 8:11 PM IST

চীন আৰু আমেৰিকাৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ ৰাইজৰ মাজত শংকা । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ এছ অ' পি জাৰি কৰা হোৱা নাই । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে এতিয়ালৈকে লাভ কৰা নাই কোনো ধৰণৰ নিৰ্দেশনা । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সংশ্লিষ্ট সকলো পক্ষক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে(Ministry of Health and Family Welfare) ।

centre-warns-states-on-covid
প্ৰভাৱ নাই যদিও ক'ভিডকলৈ ৰাজ্যসমূহলৈ কেন্দ্ৰৰ সতৰ্কবাণী

গুৱাহাটী, ২১ ডিচেম্বৰ: দেশৰ লগতে অসমতো বৰ্তমান ক'ৰণাৰ কোনো প্ৰভাৱ নাই যদিও চীন আৰু আমেৰিকাৰ শেহতীয়া পৰিস্থিতিয়ে ৰাইজৰ মাজত কিছু হ’লেও শংকাৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ এছ অ' পি জাৰি কৰা নাই । এই কথা জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কৰ্তৃপক্ষই(National Health Mission Assam) ।

Centre warns states on Covid
ক'ভিডকলৈ ৰাজ্যসমূহলৈ কেন্দ্ৰৰ সতৰ্কবাণী

কৰ্তৃপক্ষই জনোৱা মতে এতিয়ালৈকে কোনো ধৰণৰ নিৰ্দেশনা অহা নাই । হয়তো দুই-এদিনতে এই সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে চীন আৰু আমেৰিকাত ক'ৰণা ভাইৰাছে পুনৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । এই ভয়াৱহতাক লৈ শংকিত হৈ পৰিছে ভাৰত চৰকাৰ । চীনত লাখ লাখ লোক ক'ৰণাৰ কৱলত পৰাৰ সময়তে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে(Union health secretary Rajesh Bhushan) ইতিমধ্যে ৰাজ্য চৰকাৰসমূহলৈ বিশেষ পত্র প্ৰেৰণ কৰিছে ।

Centre warns states on Covid
ক'ভিডকলৈ ৰাজ্যসমূহলৈ কেন্দ্ৰৰ সতৰ্কবাণী

পত্ৰৰ জৰিয়তে প্ৰতিখন ৰাজ্যকে জিনম চিকুৱেঞ্চিঙৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ কোৱা হৈছে । ক'ভিডৰ নতুন লক্ষণ দেখা লোকক তৎকালে পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে । বৰ্তমান সময়ত ভাৰতত ক’ভিডৰ প্ৰভাৱ নাই যদিও বিশ্বৰ কেইবাখনো দেশত ইয়াৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে কোনো ত্ৰুটি এৰিব বিচৰা নাই । পত্ৰযোগে সচিবগৰাকীয়ে উল্লেখ কৰিছে যে যদি সময় থাকোতেই নতুন ভেৰিয়েণ্টক চিনাক্ত কৰিবলগীয়া হয় তেন্তে জিনম চিকুৱেঞ্চিং প্ৰয়োজনীয় ।

জিনম চিকুৱেঞ্চিৰ নমুনা প্ৰেৰণ কৰিবলৈ ৰাজ্যসমূহকো নিৰ্দেশনা প্ৰদান কৰা হৈছে । ক'ৰণাৰ বাবে ৰাজ্য চৰকাৰ সমূহক সতৰ্ক হৈ থাকিবলৈ কোৱাৰ লগতে বিশেষ ভয়-ভাবুকি তথা চিন্তা নকৰিবলৈ আহ্বান জনোৱা হৈছে । উল্লেখ্য যে চীনত বৰ্তমান কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে । লাখ-লাখ লোক ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে হাস্পতালত বিছনা আৰু ঔষধৰ নাটনি হৈছে । চীনৰ এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰ বিশেষভাৱে তৎপৰ হৈ পৰিছে ।

Centre warns states on Covid
ক'ভিডকলৈ ৰাজ্যসমূহলৈ কেন্দ্ৰৰ সতৰ্কবাণী

ইফালে আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড৹ মনসুখ মান্দাভিয়াই(Union health minister Mansukh Mandaviya) ক'ভিডৰ এই পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয় । ভাৰতত ক'ভিডৰ বৰ্তমান কোনো প্ৰভাৱ নাই যদিও কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষকে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাই জনগণক ক'ভিন ভেকচিন লোৱাৰ ক্ষেত্রত অনুৰোধ জনায় ।

উল্লেখ যে ২০২০ আৰু ২০২১ বৰ্ষটো দেশৰ লগতে অসমেও ক'ৰণাৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল । সেই দুবছৰীয়া অত্যন্ত ভয়াৱহ পৰিস্থিতি আজিও সকলোৰে মন-মগজুত সজীৱ হৈ আছে । যাৰ বাবে ক'ৰণাৰ কথা পুনৰ আহিলে সকলোৱে স্বাভাৱিকতে আতংকিত হৈ পৰে । চৰকাৰী তথ্য মতে আজিৰ তাৰিখত অসমত এজনো ক'ভিড ৰোগী নাই । অৱশ্যে ক'ভিড টেষ্ট এতিয়াও অব্যাহত আছে ।

বিগত ২৪ ঘণ্টাত ১১২ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু প্ৰত্যেকজনৰে ফলাফল নিগেটিভ হয়(Covid Situation in Assam) । ইফালে এতিয়ালৈকে ৰাজ্যৰ ২,৪৮,১০,৬৪৬ গৰাকী লোকে ক'ভিডৰ প্ৰথম পালি, ২,২১,২৭,৭৪০ গৰাকী লোকে দ্বিতীয় পালি আৰু ৩৩,৪১,২৩৫ গৰাকী লোকে প্ৰিকুৱেশ্বন পালি গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : Indias 2022 shastra shake up : ২০২২ বৰ্ষত বিশ্ব অস্ত্ৰ বজাৰত ভাৰতৰ সবল খোজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.