ETV Bharat / state

Development of solar Power : অসমসহ উত্তৰ-পূৰ্বাঞ্চলত সৌৰশক্তি-সেউজশক্তি খণ্ডৰ বিকাশত কেন্দ্ৰই আগবঢ়াব পৃষ্ঠপোষকতা - সৌৰশক্তি

নতুন দিল্লীত পূৰ্বোত্তৰৰ শক্তি, বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰীৰ সন্মিলনত কেন্দ্ৰীয় নবীকৰণযোগ্য শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিঙৰ ঘোষণা। সন্মিলনত অংশগ্ৰহণ অসমৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ।

Centre to provide sponsorship for development
সৌৰশক্তি আৰু সেউজশক্তি খণ্ডৰ বিকাশত কেন্দ্ৰই আগবঢ়াব পৃষ্ঠপোষকতা
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:46 PM IST

গুৱাহাটী, ৫ অক্টোবৰ : অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৌৰশক্তি-সেউজশক্তি আধাৰিত নবীকৰণযোগ্য শক্তিখণ্ডৰ সম্প্ৰসাৰণ তথা বিকাশত বিশেষ পৃষ্ঠপোষকতা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে ৷ নতুন দিল্লীত বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ শক্তি আৰু নতুন তথা নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শক্তি আৰু বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন (নতুন তথা নবীকৰণযোগ্য শক্তি) দপ্তৰৰ মন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় শক্তি, নতুন আৰু নবীকৰণযোগ্য দপ্তৰৰ মন্ত্ৰী ৰাজ কুমাৰ সিঙে ৷

Centre to provide sponsorship for development
ৰাজ্যকেইখনৰ শক্তি আৰু বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

লোধী ৰোডস্থিত কেন্দ্ৰীয় নতুন তথা নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় 'অটল অক্ষয় উৰ্জা ভৱন'ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অসমক প্ৰতিনিধিত্ব কৰি বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তৰ লগতে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই অংশ গ্ৰহণ কৰে ৷ ত্ৰিপুৰাৰ শক্তি মন্ত্ৰী ৰতনলাল নাথ, ছিকিমৰ শক্তি মন্ত্ৰী এম এন চেৰ্পা, কেন্দ্ৰীয় নতুন তথা নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সচিব ভূপিন্দৰ সিং ভাল্লাই এই বৈঠকত অংশ গ্ৰহণ কৰে ৷ বৈঠকত উত্তৰ পূৰ্বাঞ্চলত নতুন তথা নবীকৰণযোগ্য শক্তিৰ বহুল ব্যৱহাৰত উদগণি যোগোৱাৰ বাবে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।

আলোচনাকালত পূৰ্বোত্তৰৰ ৰাজ্যকেইখনৰ ফালৰ পৰা জনোৱা অনুৰোধত সঁহাৰি জনাই কেন্দ্ৰীয় শক্তি আৰু নতুন তথা নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ ফালৰ পৰা আৰু অধিক পৃষ্ঠপোষকতাৰ লগতে বিশেষ ৰেহাইমূলক ব্যৱস্থাৰ সংযোজনেৰে নতুন আঁচনি কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ লগতে পূৰ্বোত্তৰৰ কেওখন ৰাজ্যৰে শক্তি বিভাগ, বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু নতুন তথা নবীকৰণযোগ্য শক্তি বিষয়ক ৰাজ্যিক ন'ডেল এজেন্সীৰ সঞ্চালকসকলো উপস্থিত থকা বৈঠকখনত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে সৌৰশক্তি আৰু সেউজ শক্তিৰ দৰে নবীকৰণযোগ্য শক্তি আধাৰিত কেন্দ্ৰীয় আঁচনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় ৰাজসাহাৰ্যৰ পৰিমাণ বৰ্তমানৰ ৪০ শতাংশৰ পৰা ৬৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ বিভাগটোৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্মতি জনায় ৷

তদুপৰি অসমৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই অসমসহ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পৰিবেশ অনুকল আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ প্ৰতিৰোধত সহায়ক হোৱাকৈ সকলো গাঁৱতে সৌৰশক্তি-সেউজশক্তি আধাৰিত পথ-চাকি (ষ্ট্ৰীটলাইট) স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ ফালৰ পৰা বিশেষ আঁচনি প্ৰণয়নৰ বাবে জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ এই বিষয়ত পূৰ্ণ সঁহাৰি আগবঢ়াই কেন্দ্ৰীয় নতুন তথা নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে মন্ত্ৰালয়ৰ ফালৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ সৌৰশক্তি-সেউজশক্তিচালিত পথ-চাকি স্থাপনৰ এখন আঁচনিত অতি শীঘ্ৰে অনুমোদন আগবঢ়াব বুলি ঘোষণা কৰে ৷ তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চলৰ মুকলি এলেকাত সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবেও অনুমোদন জনাই মন্ত্ৰালয়টোৱে নীতিগত সিদ্ধান্ত গ্ৰহণত সন্মতি জনায় ৷

একেদৰে বিল, জলাশয়, পুখুৰীত উপঙা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ লগতে পাহাৰীয়া আৰু ভিতৰুৱা এলেকাত বাস কৰা পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ ছালৰ (ৰুফটপ) পৰিবৰ্তে বাৰীৰ ভিতৰৰ মুকলি মাটিতো সৌৰশক্তি পেনেল বহুৱাই এই আঁচনি কাৰ্যৰূপায়নত বৈঠকত অনুমোদন জনোৱা হয় ৷ বৈঠকত অসম চৰকাৰৰ শক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব নিৰজ বাৰ্মা, এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক তথা অসম শক্তি উন্নয়ন অভিকৰণ (এইডা)ৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড০ জয়দ্বীপ বৰুৱায়ো অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : Durga Puja 2023 : দুৰ্গা পূজা পালনৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.