ETV Bharat / state

Ayushman Bharat Scheme : আয়ুষ্মান ভাৰতৰ নামত অসমক বঞ্চনা কেন্দ্ৰৰ

author img

By

Published : Feb 18, 2023, 10:31 PM IST

প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন আঁচনিৰ নামত কেন্দ্ৰই বঞ্চনা কৰিলে অসমক (Ayushman Bharat Yojana)। চলিত বিত্তীয় বৰ্ষত অসমক এটকাও নিদিলে কেন্দ্ৰীয় চৰকাৰে । ২০২১-২২ বিত্তীয় বৰ্ষত দিছিল ৫৭.৯০ কোটি টকা । অৱশ্যে আন আন ৰাজ্যক আঁচনিৰ নামত কোটি কোটি টকা দিলে কেন্দ্ৰই ।

Ayushman Bharat Scheme
আয়ুষ্মান ভাৰতৰ নামত অসমক বঞ্চনা কেন্দ্ৰৰ

গুৱাহাটী,১৮ ফেব্ৰুৱাৰী : দিল্লীয়ে অসমক বঞ্চনা কৰাটো নতুন কথা নহয় । বিভিন্ন ক্ষেত্রত দিল্লীয়ে অসমক বঞ্চিত কৰি আহিছে । বঞ্চনাৰ দীঘলীয়া ইতিহাস আছে অসমৰ । এই ইতিহাস বিজেপি চৰকাৰে সলনি কৰিব বুলি অসমৰ ৰাইজে আশা কৰিছিল । কিন্তু অসমৰ ৰাইজৰ আশা পূৰণ নহয় । দিল্লীৰ বঞ্চনাৰ পৰা মুক্ত নহ'ল অসমবাসী (Delhi deprives Assam)। বিজেপি চৰকাৰেও পূৰ্বৰ চৰকাৰৰ স্থিতিয়ে গ্ৰহণ কৰিলে ।

মাথো প্ৰতিক্ৰিয়া দিয়া বিজেপি চৰকাৰে বিভিন্ন ক্ষেত্রত অসমক বঞ্চিত কৰি আহিছে । শেহতীয়াকৈ 'প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন' আঁচনিৰ ক্ষেত্রতো কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমক প্ৰতাৰণা কৰিলে (Ayushman Bharat Scheme)। আঁচনিখনত চৰকাৰে চলিত বিত্তীয় বৰ্ষত অসমক এটকাও নিদিয়াৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ২৫ অক্টোবৰত প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন আঁচনিখনৰ শুভাৰম্ভ কৰিছিল ।

এই আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত দেশৰ বিভিন্ন ৰাজ্যত ১৭,৭৮৮ খন গ্ৰাম্য স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ১১,০২৪ খন নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ৩,৩৮২ টা খণ্ড ৰাজহুৱা স্বাস্থ্য ইউনিট প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাত সংহত ৰাজহুৱা স্বাস্থ্য পৰীক্ষাগাৰ আৰু ৬০২ খন ক্রিটিকেল কেয়াৰ হাস্পতাল ব্লক নিৰ্মাণৰ লক্ষ্য লৈছিল ।

ৰাজ্যসমূহৰ স্বাস্থ্য খণ্ডৰ এনে আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬৪,১৮০ কোটি টকা ধার্য কৰিছিল । এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত ৫৭.৯০ কোটি টকা মুকলি কৰি দিয়ে যদিও চলিত বিত্তীয় বৰ্ষত অসমক আঁচনিখনৰ নামত এটকাও নিদিলে (BJP govt cheated Assam)।

ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশক ১৬২.৫৫ কোটি টকা, তামিলনাডুক ৭৩.৩৪ কোটি টকা, ৰাজস্থানক ৭৮.১৯ কোটি টকা, মধ্যপ্রদেশক ৪৭.৮১ কোটি টকা, ঝাৰখণ্ডক ৬০.০৪ কোটি টকা, অন্ধ্র প্রদেশক ১৩.৫৬ কোটি , গুজৰাটক ২৬.৬২ কোটি , হিমাচল প্রদেশক ৯.৭৩ কোটি , ওড়িশাক ১০৪.৩৩ কোটি , পাঞ্জাৱক ২৩.১৪ কোটি টকা, মেঘালয়ক ২১.৫৪ কোটি টকা, মিজোৰামক ১.৪২ কোটি টকা, উত্তৰাখণ্ডক ৩১.৯০ কোটি টকা, তেলেংগানাক ২৫.৭৩ কোটি টকা, চণ্ডিগড়ক ৪.৫৭ কোটি টকা, আন্দামান আৰু নিকোবৰক ১.০৬ কোটি টকা মুকলি কৰি দিয়ে ।

সেইদৰে ২০২১-২২ বিত্তীয় বৰ্ষত উত্তৰ প্ৰদেশক ১২৪.৬৩ কোটি টকা, বিহাৰক ১২৫.৮৬ কোটি টকা, অন্ধ্র প্রদেশক ৩.৭৫ কোটি টকা, চট্টিশগড়ক ১১.২৫ কোটি টকা, হাৰিয়ানাক ১১.২৫ কোটি টকা, জম্মু-কাশ্মীৰক ১৬.১১ কোটি টকা, কেৰালাক ৩.৭৫ কোটি টকা, ঝাৰখণ্ডক ৪৪.৭০ কোটি টকা, কর্ণাটকক ১১.২৫ কোটি টকা, মধ্যপ্রদেশক ২২.৮৫ কোটি টকা, মহাৰাষ্ট্ৰক ১৭.৪৫ কোটি টকা, মণিপুৰক ৪.৫৬ কোটি টকা, মেঘালয়ক ৯.৬৫ কোটি টকা, ওড়িশাক ৩২.১৫ কোটি টকা, ৰাজস্থানক ৪৫.৩৭ কোটি টকা, তামিলনাডুক ১৭.৪৫ কোটি টকা, পশ্চিমবংগক ৯.৯৫ কোটি টকা, তেলেংগানাক ১১.২৫ কোটি টকা মুকলি কৰি দিছিল ।

কিন্তু এইবাৰ অসমক আঁচনিখনৰ নামত এটকাও নিদিলে (Centre deprives Assam on Ayushman Bharat)। এয়া হৈছে নৰেন্দ্ৰ মোডী চৰকাৰৰ অসমপ্ৰেমৰ নমুনা । সমগ্ৰ বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Section 144 imposed in Arunachal: বাতিল হ’ল ৰাষ্ট্ৰপতিৰ অৰুণাচল ভ্ৰমণ; প্ৰতিবাদকাৰীৰে মুখ্যমন্ত্ৰীৰ ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.