ETV Bharat / state

প্ৰহসনত শান্তি চুক্তি: মূলসূঁতিলৈ অহা উগ্ৰপন্থী সংগঠনক প্ৰতাৰণা কেন্দ্ৰৰ - মূলসূঁতিলৈ অহা উগ্ৰপন্থী সংগঠন

চুক্তি স্বাক্ষৰ হোৱা দহ-বিছ বছৰ পাৰ হৈ যোৱাৰ পাচতো চুক্তি অনুসৰি ঘোষণা কৰা বিশেষ অর্থনৈতিক পেকেজৰ ধন প্ৰদান কৰা নাই কেন্দ্ৰই । কাৰ্বি আংলং, ডিমা হাছাও আৰু বি টি আৰত আজিও সম্পূৰ্ণ হোৱা নাই বহু সংখ্যক উন্নয়নমূলক প্ৰকল্প । কেন্দ্ৰই বি টি চি, কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও টেৰিট’ৰিয়েল কাউন্সিলক মুঠ ১৩০০ কোটি টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কেন্দ্ৰীয় চৰকাৰে ১১৪৬.১ কোটি টকা অনুমোদন জনাই মোকলাই দিলে ৮১১.৭৮ কোটি টকাহে ।

militant groups in Assam
Assam rebel groups
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 3:54 PM IST

গুৱাহাটী,১২ ডিচেম্বৰ: অসমক সন্ত্ৰাসবাদ মুক্ত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আৰু এইক্ষেত্ৰত যথেষ্ট সফলতাও অৰ্জন কৰিছে । আনহাতে পৰেশ বৰুৱাৰ নেতৃত্বৰ আলফা স্বাধীনকো আলোচনাৰ মেজলৈ অহাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ আহ্বান জনাই আহিছে । নিসন্দেহে ৰাজ্যখনৰ বাবে এয়া ভাল খবৰ ।

ইতিমধ্যে বহুকেইটা সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰি মূলসূঁতিলৈ ঘূৰি আহিছে । কিন্তু উগ্ৰপন্থী সংগঠনৰে শান্তি চুক্তি কৰা চৰকাৰখনে প্ৰকৃতাৰ্থত নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই । অভিযোগ অনুসৰি শান্তি চুক্তিৰ নামত কেন্দ্ৰীয় চৰকাৰে অসমবাসীক প্ৰতাৰণা কৰিছে । চুক্তি স্বাক্ষৰ হোৱা দহ-বিশ বছৰ পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে চুক্তি অনুসৰি ঘোষণা কৰা বিশেষ অর্থনৈতিক পেকেজৰ ধন প্ৰদান কৰা নাই কেন্দ্ৰই ।

যাৰ ফলত কাৰ্বি আংলং, ডিমা হাছাও আৰু বি টি আৰত বহু সংখ্যক উন্নয়নমূলক প্ৰকল্পৰ আজিও সম্পূৰ্ণ হোৱা নাই । উল্লেখ্য যে ২০০৩ চনত বিদ্ৰোহী সংগঠন বি এল টি, ২০১১ চনত ইউ পি ডি এছ আৰু ২০১২ চনত বিদ্ৰোহী সংগঠন ডি এইচ ডিৰ সৈতে কেন্দ্ৰই শান্তি চুক্তি স্বাক্ষৰ কৰিছিল । সেই অনুসৰি কেন্দ্ৰই বি টি চি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও টেৰিট’ৰিয়েল কাউন্সিলক মুঠ ১৩০০ কোটি টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

কিন্তু আজিলৈকে কেন্দ্ৰীয় চৰকাৰে ১১৪৬.১ কোটি টকা অনুমোদন জনাই মোকলাই দিলে ৮১১.৭৮ কোটি টকা । মন কৰিব লগীয়া কথা যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি এল টিৰ সৈতে স্বাক্ষৰিত বি টি চি চুক্তি অনুসৰি ৫০০ কোটি টকাৰ বিশেষ অর্থনৈতিক পেকেজ ঘোষণা কৰা হৈছিল । উক্ত ধন কেন্দ্ৰই প্ৰতি বছৰে এশ কোটিকে পাঁচ বছৰত প্ৰদান কৰাৰ কথা আছিল । ইয়াৰ পাছত ২০০৮ চনৰ আগষ্ট মাহত সেই সময়ৰ প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে বি টি চিৰ বাবে অতিৰিক্ত ২৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল ।

সেই অনুসৰি বি টি চিয়ে পাব লগীয়া বিশেষ অর্থনৈতিক পেকেজৰ পৰিমাণ হৈছিলগৈ ৭৫০ কোটি টকা । কিন্তু আশ্চর্যজনক কথা যে চুক্তি স্বাক্ষৰ হোৱাৰ ২০ বছৰ পাৰ হৈ যোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে চুক্তি অনুসৰি আজিলৈকে সম্পূর্ণ ধন মোকলাই দিয়া নাই ।

ড'নাৰ মন্ত্ৰালয়ৰ তথ্য মতেই বি টি চি প্ৰশাসনে বিশেষ পেকেজৰ বাবে দাখিল কৰা ৭৪১.৯৩ কোটি টকা ব্যয় সাপেক্ষ ৬৩টা প্ৰকল্পৰ ভিতৰত ৭০৭.৩৪ কোটি টকা মোকলাই দিয়া হৈছে । ইয়াৰে ভিতৰত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ৬২৩.১৯ কোটি টকা ব্যয় সাপেক্ষ ৪৮ টা প্ৰকল্পৰহে ব্যৱহাৰিক প্ৰমাণ-পত্ৰ লাভ কৰিছে ।

আনহাতে ইউ পি ডি এছৰ সৈতে হোৱা চুক্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে ৩৫০ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিছিল ৷ কিন্তু এটা দশকৰ পাছতো কেন্দ্ৰই উক্ত পেকেজৰ ৮২.৩৬ কোটি টকাৰ অনুমোদন জনাই মাত্ৰ ৪৩.৭৫ কোটি টকাহে মোকলাই দিছে । অথচ কেন্দ্ৰীয় চৰকাৰে চুক্তি অনুসৰি প্ৰতি বছৰে ৭০ কোটি টকাকৈ পাঁচ বছৰৰ ভিতৰত ৩৫০ কোটি টকা প্ৰদান কৰাৰ কথা আছিল ।

একেদৰে ডি এইচ ডিৰ সৈতে স্বাক্ষৰিত চুক্তি অনুসৰি ডিমা হাছাও স্বায়ত্তশাসিত টেৰিট’ৰিয়েল কাউন্সিলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০ কোটি টকাৰ বিশেষ অর্থনৈতিক পেকেজ ঘোষণা কৰিছিল । উক্ত ধনো প্ৰতি বছৰে ৪০ কোটিকে পাঁচ বছৰত প্ৰদান কৰাৰ কথা আছিল । কিন্তু চুক্তি স্বাক্ষৰ হোৱাৰ পাছত এতিয়ালৈকে কেন্দ্ৰই দহটা প্ৰকল্পৰ নামত ১২১.৩৮ কোটি টকাৰ অনুমোদন জনাই মোকলাই দিছে মাত্ৰ ৬০.৬৯ কোটি টকা ।

আনহাতে তথ্য মতে বি টি চিত এনে প্ৰকল্পও আছে যিবোৰ প্ৰকল্পৰ বাবে ২০১০ চনতে ধন প্ৰদান কৰাৰ পাছতো আজিলৈকে সম্পূৰ্ণ হোৱা নাই । একেদৰে কাৰ্বি আংলং টেৰিট’ৰিয়েল কাউন্সিলত ২০১৪ চনত আৰু ডিমা হাছাওৰ বাবে ২০১৬ চনত অনুমোদিত প্ৰকল্প আজিলৈকে সম্পূৰ্ণ হোৱা নাই ।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে শান্তি চুক্তি স্বাক্ষৰ কৰিও কিদৰে কেন্দ্ৰীয় চৰকাৰে উক্ত চুক্তি অনুসৰি ধন প্ৰদান কৰা নাই । লগতে বিশেষ আৰ্থিক পেকেজৰ নামত কেন্দ্ৰীয় চৰকাৰে অসমক কিদৰে বঞ্চনা কৰি আহিছে সেয়াও স্পষ্ট হৈ পৰিছে ।

লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি অভিহিত কৰে যদিও বাস্তৱত কিন্তু উত্তৰ-পূবৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ গুৰুত্ব প্ৰদান কৰা নাই । প্ৰতিটো মন্ত্ৰালয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে কোটি কোটি টকা ঘোষণা কৰে যদিও সময়ত উক্ত ধন মোকলাই নিদিয়ে । শান্তি চুক্তিৰ নামত বাহ বাহ লোৱা চৰকাৰখনে কিন্তু ঘোষণা কৰা পেকেজ দিয়াৰ ক্ষেতৰতে কৃপণালি কৰা দেখা গৈছে । আনহাতে অসম চৰকাৰেও কেন্দ্ৰৰ এনে স্থিতিৰ ক্ষেত্ৰত নিৰৱতা অবলম্বন কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Autumn session 2023: বিভিন্ন শান্তি চুক্তি দ্ৰুতগতিত ৰূপায়ণ হোৱাৰ কথা বিধানসভাত উল্লেখ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.