গুৱাহাটী, ১২ এপ্ৰিল: লক্ ডাউন বঢ়োৱা-নবঢ়োৱা সন্দৰ্ভত ৰাজ্য চৰকাৰে নিজাকৈ গ্ৰহণ নকৰে কোনো সিদ্ধান্ত । এই ক্ষেত্ৰত কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তই হ'ব ৰাজ্য চৰকাৰৰো সিদ্ধান্ত । দেওবাৰে ৰাজ্যিক কেবিনেটে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে এই সিদ্ধান্ত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে সিদ্ধান্ত লয় যে লক্ ডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰে নিজাকৈ কোনো সিদ্ধান্ত নলয় । বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । লক্ ডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ যি নীতি নিৰ্দেশনা সেয়াই অসমতো বাহাল থাকিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । উল্লেখ্য যে, ইটিভি ভাৰতে ১১ এপ্ৰিলত এই সিদ্ধান্ত সন্দৰ্ভত যি বাতৰি প্ৰকাশ কৰিছিল, সেই বাতৰিৰ স্পষ্ট প্ৰতিফলন ঘটে কেবিনেটৰ সিদ্ধান্তত ৷
লক্ ডাউন সন্দৰ্ভত কেন্দ্ৰই লোৱা সিদ্ধান্তই হ'ব ৰাজ্য চৰকাৰৰ সিদ্ধান্ত !
লক্ ডাউনৰ সন্দৰ্ভত কেন্দ্ৰই যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্ত কে অসমত বাহাল ৰাখিব চৰকাৰে ৷ 21 দিনীয়া দেশজোৰা লক্ ডাউনৰ অন্তত পুনৰ লক্ ডাউনৰ সময় সীমা বৃদ্ধি সন্দৰ্ভত শনিবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷