ETV Bharat / state

কোকৰাঝাৰৰ ৰামপ্ৰসাদ আৰু সঞ্জয়ৰ বাসগৃহত আনন্দৰ বন্যা

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 1:14 PM IST

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ ১৭ নম্বৰ দিনত মঙলবাৰে সন্ধিয়া সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় । উদ্ধাৰৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰমিকসকলৰ সৈতে ফোনযোগে কথা পাতে । ইফালে সুৰংগত আবদ্ধ হৈ থকা কোকৰাঝাৰৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীক সুৰক্ষিতভাৱে উদ্ধাৰৰ পিছত পৰিয়ালৰ মাজত আনন্দৰ পৰিৱেশৰ সৃষ্টি হয় ।

kokrajhar workers rescued from Uttarkashi Tunnel
কোকৰাঝাৰৰ ৰামপ্ৰসাদ আৰু সঞ্জয়ৰ বাসগৃহত আনন্দৰ বন্যা
ৰামপ্ৰসাদৰ ঘৰত আনন্দ উল্লাস

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ পিছত সমগ্ৰ দেশে স্বস্তিৰ নিশ্বাস পেলাইছে । লগতে সাহায্য আৰু উদ্ধাৰকাৰী দলৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰংগৰ পৰা সুৰক্ষিতভাৱে ওলাই অহা শ্ৰমিকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ।

উল্লেখ্য যে উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ ভিতৰত দুজন আছিল কোকৰাঝাৰ জিলাৰ ৰামফলবিলৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী । এই দুয়োগৰাকীকো সুস্থ শৰীৰে উদ্ধাৰ কৰা হয় । ইফালে ৰামপ্ৰসাদ আৰু সঞ্জয়ক উদ্ধাৰৰ পিছতে দুয়োটা পৰিয়ালতে আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে । পৰিয়াল দুটাই তেওঁলোকক সুকলমে উদ্ধাৰ কৰাৰ বাবে উদ্ধাৰকাৰীসকলক ধন্যবাদ জনায় ।

  • #WATCH | Cooch Behar, West Bengal: Family members of Manik Talukdar, one of the workers who was rescued from the Uttarkashi tunnel, celebrated and had a conversation with him through video conferencing. (28.11) pic.twitter.com/pbCsCkE41P

    — ANI (@ANI) November 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে এই উদ্ধাৰকাৰ্য পৰিচালনাৰ বাবে ভাৰত চৰকাৰ আৰু পৰিয়াল দুটাক বিগত ১৭ দিনে সমৰ্থন প্ৰদান কৰি অহাৰ বাবে অসম চৰকাৰ তথা বিটিচি প্ৰশাসনকো কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে, ৰামপ্ৰসাদ আৰু সঞ্জয়ৰ উদ্ধাৰৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে তেওঁলোক দুজনৰ ঘৰত গাঁওবাসীয়ে আহি ভিৰ কৰেহি । গাঁৱৰ ৰাইজে পৰিয়াল দুটাৰ সৈতে মিলি আনন্দ-উল্লাস কৰে ।

নিজৰ আনন্দৰ প্ৰকাশৰ মাজতে ৰামপ্ৰসাদ নাৰ্জাৰীৰ পৰিয়ালৰ লোকে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা আটাইকেইজনকে উদ্ধাৰৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জনায় । ৰামপ্ৰসাদ নাৰ্জাৰীৰ পিতৃ, পত্নী তথা আত্মীয়ই এই উদ্ধাৰকাৰ্যত সন্তোষ ব্যক্ত কৰে ।

  • #WATCH | Mayurbhanj, Odisha: Mother of Dhiren Naik, one of the workers who was rescued from the Uttarkashi tunnel, thanked the Government of India for rescuing the workers from the tunnel. (28.11) pic.twitter.com/MkY6ObEuBo

উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰকাশী ছিল্কয়াৰা সুৰংগত সংঘটিত দুৰ্ঘটনাৰ পিছতে তাত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ জীৱনক লৈ তেওঁলোকৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশ তীব্ৰ উৎকণ্ঠাত আছিল । আনহাতে, শ্ৰমিকসকলক সুস্থ শৰীৰে উদ্ধাৰৰ বাবে ঘৰুৱা প্ৰযুক্তিৰ লগতে বিদেশী প্ৰযুক্তিৰো সহায় লোৱা হয় । আমন্ত্ৰণ জনোৱা হয় বিদেশৰ বিশেষজ্ঞ উদ্ধাৰকাৰীক ।

অৱশেষত ১৭ দিনৰ শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ অৱসান ঘটে মঙলবাৰে সন্ধিয়া । আটাইকেইগৰাকী শ্ৰমিককে সুস্থ শৰীৰে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক :উত্তৰকাশী সুৰংগৰ পৰা মুকলি আকাশৰ তললৈ অহা শ্ৰমিকৰ লগত ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.