গুৱাহাটী, 27 ফেব্ৰুৱাৰী : ৰাজ্যৰ শিক্ষামহলত লাগিছে জগৰ, ছেবাৰ অধীনত থকা 131 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে (SEBA revokes recognition of 131 schools) ৷ স্বীকৃতি বাতিলৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ বিগত 14 ফেব্ৰুৱাৰীত ছেবাৰ দ্বাৰা জাৰি কৰা এক জাননী মৰ্মে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি বেয়া ফলাফল প্ৰৰ্দশন কৰি অহা 107 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে ।
ইয়াৰ পিছত পুনৰ সোমাবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি বেয়া ফলাফল প্ৰৰ্দশন কৰি অহা 24 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে । এই কথা সোমবাৰে ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে ফোনেৰে হোৱা কথা বতৰাত ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জনাইছে ।
উল্লেখ্য যে, যোৱা 14 ফেব্ৰুৱাৰীত ছেবাৰ দ্বাৰা জাৰি কৰা জাননীখনত উল্লেখ কৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্যৰ পৰা ১০% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা 294 বিদ্যালয় ছেবাই চিহ্নিত কৰিছিল । তাৰ পিছত বিগত বছৰ 28 জুন আৰু 11 জুলাইত এই 294 বিদ্যালয়লৈ ছেবাই কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল । ইয়াৰে 187 খন বিদ্যালয়ে ছেবাৰ জাননীৰ প্ৰতি সঁহাৰি দি উত্তৰ দিছিল । কিন্তু বাকী 107 খন বিদ্যালয়ে ছেবাৰ জাননীৰ প্ৰতি কোনো সহাঁৰি দিয়া নাছিল । যাৰ পৰিপ্ৰেক্ষিতত যোৱা 14 জানুৱাৰীত ছেবাই জাননী যোগে অহা 31 মাৰ্চত কাৰ্যকৰী হোৱাকৈ 107 খন বিদ্যালয়ৰ ছেবাৰ স্বীকৃতি বাতিল কৰে ।
লগতে অহা 1 এপ্ৰিলৰ পৰা স্বীকৃতি বাতিল কৰা এই 107 খন বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা কোনো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব । ইপিনে এই সন্দৰ্ভত সোমবাৰে ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে ফোনেৰে হোৱা কথা বতৰাত ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কয় যে, স্বীকৃতি বাতিল কৰা এই বিদ্যালয়সমূহে বহু দিন ধৰি ছেবাৰ দ্বাৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল দেখুৱায় আহিছে । তেওঁ লগতে জানিবলৈ দিয়ে যে পৰীক্ষাত বেয়া ফলাফল দেখুৱায় অহা বিদ্যালয়সমূহক আগৰে পৰা সকীয়াই থকা হৈছিল । কিন্তু বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাছিল ।
ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে লগতে জনায় যে ছেবাৰ জাননীৰ প্ৰতি সঁহাৰি দিয়া পৰীক্ষাত বেয়া ফলাফল দেখুৱায় থকা বিদ্যালয়সমূহক এবাৰ সুযোগ দিয়া হ'ব (SEBA latest news)। কিন্তু এই বিদ্যালয়বোৰে পৰীক্ষাৰ বেয়া ফলাফলৰ পুনৰাবৃত্তি কৰিলে স্বীকৃতি বাতিল কৰা হ'ব ।
লগতে পঢ়ক : Eviction drive against encroachments: সোমবাৰে শিলসাঁকো বিলত চলিব প্ৰশাসনৰ বুলড’জাৰ