ETV Bharat / state

ঘোষ ব্ৰাৰ্ডাছৰ সম্ৰাজ্যত চিবিআইৰ অভিযান

author img

By

Published : Jun 22, 2021, 10:57 PM IST

‘ঘোষ ব্ৰাডাৰ্ছ’ (Ghosh Brothers)ৰ স্বত্বাধিকাৰী প্ৰণৱ ঘোষৰ গুৱাহাটীস্থিত দুটা স্থানত চলিছিল অভিযান । গুৱাহাটীৰ জু-ৰোড (Zoo Road)ৰ স্পেনিচ গাৰ্ডেন (Spanish Garden)ৰ দশম মহলাৰ বি-ব্লকৰ লগতে মাণিক নগৰস্থিত বাসগৃহতো চলে এই অভিযান । কলিকতাস্থিত ঘোষ ব্ৰাৰ্ডাছ (Ghosh Brothers)ৰ কাৰ্যালয়ৰ লগতে বাসগৃহতো এই অভিযান চলিছিল । ঘোষ ব্ৰাডাৰ্ছ’ (Ghosh Brothers)ৰ বিৰুদ্ধে আছে বেংক জালিয়াতিৰ অভিযোগ ।

ঘোষ ব্ৰাৰ্ডাছৰ সম্ৰাজ্যত চি বি আইৰ অভিযান

গুৱাহাটী, ২২ জুন : বেংক জালিয়াতিৰ গোচৰত মঙলবাৰে ঘোষ ব্ৰাৰ্ডাছৰ চাৰিটাকৈ স্থানত চলিল চিবিআই (CBI)ৰ লগতে ই ডি (ED)ৰ ব্যাপক অভিযান। ‘ঘোষ ব্ৰাডাৰ্ছ’ (Ghosh Brothers)ৰ স্বত্বাধিকাৰী প্ৰণৱ ঘোষৰ গুৱাহাটীস্থিত দুটা স্থানত মঙলবাৰে দিনৰ ভাগত চলিছিল এই অভিযান । গুৱাহাটীৰ জু-ৰোড (Zoo Road)ৰ স্পেনিছ গাৰ্ডেন (Spanish Garden)ৰ দশম মহলাৰ বি-ব্লকৰ লগতে মাণিক নগৰস্থিত বাসগৃহতো এই অভিযান চলে ।

কেৱল গুৱাহাটীতে নহয় কলকাতাৰ দুই স্থানতো চি বি আই (CBI)য়ে মঙলবাৰৰ দিনটোত চলালে অভিযান । কলিকতাস্থিত ঘোষ ব্ৰাৰ্ডাছ (Ghosh Brothers)ৰ কাৰ্যালয়ৰ লগতে স্বতাধিকাৰীৰ বাসগৃহতো এই অভিযান চলিছিল । ১৬৮ কোটি টকাৰ প্ৰৱঞ্চনাৰ এক পুৰণি গোচৰত চি বি আইয়ে চলাইছিল এই ধাৰাবাহিক অভিযান ।

গাড়ী আৰু ইলেক্ট্ৰনিকচ সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত ঘোষ ব্ৰাৰ্ডাছ (Ghosh Brothers)ৰ গুৱাহাটীস্থিত দুই স্থানত থকা বাসগৃহত ১৬ জনীয়া এটি দলে অতৰ্কিতে চলাইছিল অভিযান । স্পেনিচ গাৰ্ডেনৰ দশম মহলাৰ বি ব্লকত থকা বাসগৃহত প্ৰায় আধা ঘন্টা ধৰি চি বি আয়ে (CBI) অভিযান চলাইছিল ৷

স্পেনিছ গাৰ্ডেন (Spanish Garden)ৰ এই স্থানত থাকে ঘোষ ব্ৰাৰ্ডাছৰ অন্যতম স্বতাধিকাৰী প্ৰতুল কুমাৰ ঘোষ । অভিযানৰ সময়ত তেওঁ ঘৰত নাছিল । ইফালে গুৱাহাটীৰ মানিক নগৰস্থিত ৫ নং ঘৰটো চলিছিল ঘন্টাজোৰা অভিযান ।

উল্লেখ যে ঘোষ ব্ৰাৰ্ডাছ অটো মবাইল ৱৰ্কচপৰ স্বতাধিকাৰী প্ৰণৱ কুমাৰ ঘোষ, প্ৰতুল কুমাৰ ঘোষ আৰু গীতাৰাণী ঘোষে প্ৰৱঞ্চনাৰে ঋণ লৈছিল আই ডি বি আই ( IDBI ) বেংকৰ পৰা । চাৰিটা একাউন্টৰ জৰিয়তে ৬৪ কোটি টকাৰ ঋণ লৈছিল । প্ৰৱঞ্চনাৰে ঋণ লোৱাৰ কথা বেংক কৰ্তৃপক্ষই ২০১৮ চনতে ধৰা পেলায় ।

ইয়াৰ পিছতে বেংকে কৰ্তৃপক্ষই ২০১৯ চনৰ ১৪ জুলাইত চি বি আই (CBI)ৰ ওচৰত গোচৰ তৰিছিল । সেই গোচৰৰ আঁত ধৰিয়েই চি বি আয়ে (CBI) চলাই আছে এই অভিযান ।

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.