ETV Bharat / state

SI Junmoni Rabha death case update: দুৰ্ঘটনাতেই SI জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ কথা প্ৰায় নিশ্চিত কৰিছে CBI য়ে

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ অন্তিম পৰ্যায়ত উপনীত হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আই। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰুজু কৰা হৈছিল মুঠ চাৰিটা গোচৰ। উত্তৰ লখিমপুৰ থানাত ৰুজু হোৱা গোচৰৰ অভিযোগনামা দাখিল। জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাজনিত বুলি প্রায় নিশ্চিত হৈছে CBI।

SI Junmoni Rabha death case update
SI জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাতেই হোৱাৰ কথা প্ৰায় শ্চিত কৰিছে CBI য়ে
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:34 PM IST

গুৱাহাটী, ২৪ আগষ্ট: ৰাজ্য তোলপাৰ লগোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ অন্তিম পৰ্যায়ত উপনীত হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBI। দীঘলীয়া তদন্তৰ অন্তত দুর্ঘটনাতেই এছ আই জোনমণি ৰাভাৰ মৃত্যু হোৱা বুলি প্রায় নিশ্চিত হৈছে চি বি আই।

উল্লেখ্য যে, নগাঁৱৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ১৬ মে'ৰ পুৱতি নিশা জখলাবন্ধাত দুৰ্ঘটনাত মৃত্যু হৈছিল। এই সমগ্ৰ ঘটনাটোক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। এই দুৰ্ঘটনাক হত্যাৰ ঘটনা বুলি জোনমণি ৰাভাৰ পৰিয়ালৰ লোকৰ উপৰি বিভিন্ন মহলে অভিযোগ কৰিছিল। দাবী উত্থাপন হৈছিল চি বি আই তদন্তৰ। অৱশেষত চৰকাৰেও ঘটনাৰ চি বি আই তদন্তৰ ব্যৱস্থা কৰিছিল। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰুজু কৰা হৈছিল মুঠ চাৰিটা গোচৰ। এই চাৰিটা গোচৰৰ তদন্তৰ অন্তিম পর্যায়ত উপনীত হৈছে চি বি আই।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বে উত্তৰ লখিমপুৰ থানাত ৰুজু হোৱা১৮৩/২০২৩ নম্বৰৰ গোচৰটোৰ মঙলবাৰে অভিযোগনামা দাখিল কৰে তদন্তকাৰী সংস্থাটোৱে। জোনমণি ৰাভাই ৬ মে'ৰ নিশা লখিমপুৰৰ নাওবৈচাৰ আজগৰ আলীক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগত মাতৃ আমিনা খাতুনে এজাহাৰ দাখিল কৰিছিল। এজাহাৰত উল্লেখ কৰা মতে জোনমণি ৰাভাই আজগৰ আলীক অপহৰণ কৰি মুক্তিৰ বাবদ ৬ লাখ টকা আদায় কৰিছিল। ইয়াৰে ৮০ হাজাৰ টকা এছ আই জোনমণি ৰাভাৰ লগত অহা ৰিয়াজুল ইছলাম নামৰ লোকজনৰ নামত থকা ইউ পি আই একাউণ্টত হস্তান্তৰ কৰা বুলিও অভিযোগ কৰিছিল।

আমিনা খাতুনৰ অভিযোগৰ ভিত্তিতে উত্তৰ লখিমপুৰ থানাই ১৫ মে’ত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)৩৯৫/৩৯৭/৩৪২/৩৮৭ ধাৰাত ১৮৩/২৩ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছিল। এই গোচৰটোত লখিমপুৰ আৰক্ষীয়ে অভিযুক্ত কৰিছিল ৮জন লোকক। তেওঁলোক আছিল ক্ৰমে এছ আই জোনমণি ৰাভা, নুৰ মহম্মদ ওৰফে কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আতাবুৰ ৰহমান, নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলাম।

লক্ষ্যণীয়ভাৱে এই গোচৰটো পঞ্জীয়ন হোৱাৰ কিছু সময়ৰ পাছতেই ১৬ মে'ৰ পুৱতি নিশা জখলাবন্ধাত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল অভিযুক্ত এছ আই জোনমণি ৰাভাৰ। উত্তৰ লখিমপুৰ থানাৰ গোচৰত অভিযোগ উঠিছিল যে নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই জালনোটৰ গোচৰৰ তদন্তৰ বাবে লখিমপুৰৰ আজগৰ আলীৰ ঘৰত অভিযান চলাইছিল। কিন্তু জোনমণি ৰাভাই নকল সোণ-জালনোট বেপাৰীক লগত লৈ চলোৱা অভিযানৰ নামত আজগৰ আলী নামৰ অভিযুক্তটোকে অপহৰণ কৰি পৰিয়ালৰ লোকৰ পৰা ধন দাবী কৰিছিল। তাৰ পিচতে উত্তৰ লখিমপুৰ থানাৰ উক্ত ১৮৩/২০২৩ নম্ববৰ গোচৰটোক চি বি আয়ে ৯৬/২০২৩ নম্বৰত নতুনকৈ পঞ্জীয়ন কৰিছিল। মঙলবাৰে এই গোচৰটোৰ আদালতত অভিযোগনামা দাখিল কৰে চি বি আয়ে।

ইফালে এজাহাৰত এছ আই জোনমণি ৰাভাসহ মুঠ আঠজনক অভিযুক্ত কৰা হৈছিল যদিও চি বি আয়ে মুঠ চাৰিজনকহে অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰিছে। চি বি আইৰ তদন্তকাৰী বিষয়া বিপিন গেহলটে দাখিল কৰা প্ৰায় ৪০০ পৃষ্ঠাৰ অভিযোগনামাখনত নুৰ মহম্মদ ওৰফে কালিয়া, ৰিয়াজুল ইছলাম, আজিমুদ্দিন ওৰফে আজিজুৰ আৰু মজিবুৰ ৰহমানক অভিযুক্ত কৰা হৈছে। অৱশ্যে অভিযোগনামাত দাখিল কৰা অভিযুক্ত মজিবুৰ ৰহমানৰ নাম মূল এজাহাৰত উল্লেখ কৰা নাছিল। তদুপৰি চি বি আয়ে অভিযোগনামাত দিলদাৰ হুছেইন, মুক্তাৰ হুছেইন, মুস্তাক আহমেদ আৰু নজৰুল ইছলামৰ নাম উল্লেখ কৰিছে যদিও তেওঁলোকক অভিযুক্ত কৰা নাই। বর্তমান আটাইকেইজন অভিযুক্ত নায়িক জিম্মাত কাৰাবন্দী হৈ আছে। এই গোচৰটোৰ উপৰি জালনোটৰ সন্দৰ্ভত প্ৰথমটো গোচৰ ৰুজু কৰিছিল মৰিকলং টাউন আৰক্ষী চকীয়ে।

জোনমণি ৰাভাৰ অভিযোগৰ ভিত্তিতে জালনোটৰ বেপাৰত জড়িত থকাৰ অভিযোগত ৰছিদুল হুছেইন, ফাইজুল ইছলাম, হামেদ আলী, হাফিজুৰ আলী, সাহা আলী, অন্নৰ হুছেইন, আইনুল আলী, জহিৰুল ইছলাম আৰু অকজৰ আলীৰ বিৰুদ্ধে ৪৪৩/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল।

এই গোচৰটোৰ সংক্রান্ততে শীর্ষ বিষয়াক অৱগত নকৰাকৈ এছ আই জোনমণি ৰাভাই উত্তৰ লখিমপুৰত অভিযান চলোৱাৰ অভিযোগ উঠিছিল। চি বি আইৰ এই গোচৰটোৰ তদন্তকাৰী বিষয়া হৈছে পৰিদৰ্শক দেৱজিৎ সিং। লক্ষণীয়ভাৱে ১৬ মে'ৰ পুৱতি নিশা জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত জখলাবন্ধা থানাত ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৪২৭/৩০৪ (এ) ধাৰাত ৮৪ / ২০২৩ নম্বৰত এটা গোচৰ ৰুজু হোৱাৰ বিপৰীতে জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰৰ ভিত্তিত জখলাবন্ধা থানাত আই পি চি ১২০(বি)/৩০২/৩৪ ধাৰাত ৮৭/২০২৩ নম্বৰত আন এটা গোচৰো ৰুজু কৰা হৈছিল।

আটাইকেইটা গোচৰৰ তদন্ত তথা দুর্ঘটনাস্থলী পৰিদৰ্শনকাৰী ফনেছিক এক্সপার্টৰ প্রতিবেদনৰ ভিত্তিত জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাজনিত বুলি প্রায় নিশ্চিত হৈছে চি বি আই। শীঘ্ৰে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত জখলাবন্ধা থানাত ৰুজু হোৱা ৮৪/২০২৩ নম্বৰৰ গোচৰটোৰ অভিযোগনামা দাখিল কৰিব বুলি চি বি আইৰ সূত্রত প্ৰকাশ। তেনেস্থলত জোনমণি ৰাভাৰ মৃত্যুৰ পাচত উত্থাপন হোৱা কেতবোৰ গুৰুতৰ অভিযোগ নুবুজা সাঁথৰ হৈয়ে ৰ'ব।

লগতে পঢ়ক:CM visits Late Deben Dutta's Residence: বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.