ETV Bharat / state

মণিপুৰত মহিলাক অপহৰণ কৰি হত্যা সন্দৰ্ভত চিবিআইৰ অভিযোগনামা দাখিল

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:56 PM IST

9 গৰাকী অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ সন্মুখত অভিযোগনামা দাখিল কৰে চিবিআয়ে ৷ মণিপুৰৰ এক ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰত অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হয় উক্ত অভিযোগনামা ৷

Manipur woman killing cbi case
মণিপুৰত মহিলাক অপহৰণ কৰি হত্যা

গুৱাহাটী, 9 ডিচেম্বৰ : শনিবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই 9 গৰাকী অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ সন্মুখত অভিযোগনামা দাখিল কৰে ৷ এক গোচৰৰ সংক্ৰান্তত চলি থকা তদন্তৰ ওপৰত গুৱাহাটীস্থিত তদন্তকাৰী সংস্থাটোৰ আদালতত দাখিল কৰে এই অভিযোগনামা ৷

উল্লেখ্য যে মণিপুৰ চৰকাৰৰ আহ্বান মৰ্মে ভাৰত চৰকাৰৰ জাননী অনুসৰি উক্ত গোচৰটো ৰুজু কৰা হৈছিল ৷ ইয়াৰ পাচতে গোচৰটো চিবিআইৰ হাতলৈ যায় ৷ মণিপুৰৰ লালমাই আৰক্ষী থানাত চলিত বৰ্ষৰ 15 জুলাইত ৰুজু হোৱা গোচৰটোৰ পঞ্জীয়ন নম্বৰ হৈছে 32(7)/2023 ৷

অভিযোগ অনুসৰি 15 জুলাইত প্ৰায় 12 বাজি 10 মিনিটত এগৰাকী মহিলাক প্ৰায় 100 গৰাকী অস্ত্ৰধাৰী লোকে এখন গাড়ীত তুলি কেইবী গাঁৱৰ ফালে লৈ যায় ৷ মণিপুৰৰ ছাৱমবুং গেটত সংঘটিত ঘটনাটোৰ পাচত একেদিনাই মহিলাগৰাকীৰ মৃতদেহো উদ্ধাৰ কৰা হৈছিল ৷

চিবিআইৰ তদন্তত পোহৰলৈ আহে যে অভিযুক্ত লোককেইজন উক্ত ঘটনাৰ সৈতে জড়িত আছিল ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি শনিবাৰে গুৱাহাটীস্থিত চিবিআই আদালতৰ বিশেষ ন্যায়াধীশৰ সন্মুখত অভিযোগনামা দাখিল কৰা হয় ৷ সমান্তৰালকৈ উক্ত ঘটনাৰ সৈতে আৰু কোনোবা জড়িত আছে নেকি সেই সন্দৰ্ভতো তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চি বি আয়ে ৷

লগতে পঢ়ক : লখিমপুৰৰ হোটেল মালিনীত প্ৰৱৰ্তক সঞ্চালকালয়ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.