ETV Bharat / state

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য প্ৰশাসনিক বিষয়া মহেন্দ্ৰ সিং চৌহানক গ্ৰেপ্তাৰ

author img

By

Published : Jan 18, 2021, 4:08 PM IST

উৎকোচ লোৱাৰ অভিযোগত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য প্ৰশাসনিক বিষয়া মহেন্দ্ৰ সিং চৌহানক । চি বি আইৰ তালাচী অভিযানত মুখ্য প্ৰশাসনিক বিষয়াগৰাকীৰ বাসগৃহৰ পৰা নগদ ৫৪ লাখ টকা জব্দ ।

চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য প্ৰশাসনিক বিষয়াক

গুৱাহাটী, ১৮ ডিচেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কামৰ ঠিকা দিয়াৰ নামত ব্যক্তিগত কোম্পানীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰে মুখ্য প্ৰশাসনিক বিষয়া মহেন্দ্ৰ সিং চৌহানক । দেওবাৰে গুৱাহাটীৰ বিভিন্ন স্থানত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমূকৈ চি বি আইয়ে তালাচী চলায় । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত এক দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত চি বি আইয়ে গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়কে ধৰি কেইবাটাও স্থানত তালাচী চলায় ।

অভিযান কালতে চি বি আইয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য প্ৰশাসনিক বিষয়া মহেন্দ্ৰ সিং চৌহানক গ্ৰেপ্তাৰ কৰে । ঠিকা দিয়াৰ নামত ব্যক্তিগত কোম্পানীৰ পৰা চৌহানে ১ কোটি টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে । চি বি আইৰ দলটোৱে অভিযান কালত চৌহানৰ বাসগৃহৰ পৰা নগদ ৫৪ লাখ টকা জব্দ কৰে । উল্লেখ্য যে, মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিৰ্মাণ শাখাত কাৰ্যনিৰ্বাহ কৰি থকা অভিযুক্ত চৌহান ভাৰতীয় ৰে'লৱেৰ আভিযান্ত্ৰিক সেৱাৰ ১৯৮৫ বৰ্ষৰ বিষয়া আছিল ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কামৰ ঠিকা দিয়াৰ নামত ব্যক্তিগত কোম্পানীৰ পৰা উৎকোচ লোৱাৰ ঘটনাৰে জড়িত হৈ পৰে চৌহান । ইফালে, চি বি আইয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিৰ্মাণ শাখাৰ অতিৰিক্ত মুখ্য অভিযন্তা হেম চন্দ্ৰ বৰাৰ গুৱাহাটীৰ জু-ৰোডস্থিত বাসগৃহতো তালাচী চলায় । তালাচীৰ সময়ত বহুতো আপত্তিজনক নথি-পত্ৰৰ লগতে নগদ ১৮ লাখ টকা জব্দ কৰে তদন্তকাৰী দলটোৱে । জানিব পৰা মতে, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিৰ্মাণ শাখাৰ বহু কেইগৰাকী বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

লগত পঢ়ক:নগাঁৱৰ কঠিয়াতলীত পথ দুৰ্ঘটনাত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.