গুৱাহাটী, ৮ জুলাই : আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ গুৱাহাটী মহানগৰীত অব্যাহত আছে চোৰৰ উপদ্ৰৱ ৷ আৰক্ষীৰ চকুত ধূলি মাৰি মহানগৰীৰ ভিন্ন প্ৰান্তত চোৰে লুটপাত চলাইছে (Rise in theft and robbery cases in Guwahati) । এইবাৰ গুৱাহাটীৰ বোন্দাত সংঘটিত হ’ল চুৰিকাণ্ড । নুনমাটি থানাৰ অন্তৰ্গত বোন্দাৰ সূৰুজ নগৰ অঞ্চলত দিন দুপৰতে এই চুৰিকাণ্ডৰ সংঘটিত হয়(Theft at Bonda) ।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বোন্দাৰ সূৰুজ নগৰৰ বাসিন্দা মনোৰঞ্জন শৰ্মা নামৰ লোকজনে দিনৰ ভাগত ঘৰত তলা মাৰি নিজ কন্যাক স্কুলৰ পৰা আনিবলৈ যোৱাৰ সময়তে চোৰে ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি লুটি লৈ যায় সোণৰ আ-অলংকাৰসহ কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে প্ৰথমে আলমিৰাৰ তলা ভাঙি সোণৰ আ-অলংকাৰ আৰু নগদ ধন নিয়াৰ লগতে কাঁহ-পিতলৰ বাচন বর্তন, কাপোৰ আদিকে ধৰি ধৰি বহু মূল্যবান সামগ্ৰী লুটি লৈ যায় ।
ইফালে, এই ঘটনাৰ পিছতে ঘৰৰ গৰাকী মনোৰঞ্জন শৰ্মা ঘৰলৈ উভতি আহি ঘৰৰ দুৱাৰৰ তলা ভঙা অৱস্থাত দেখা পাই হতভম্ব হৈ পৰে । ইয়াৰ পিছতে ভুক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত ততালিকে নুনমাটি থানাত খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ ঘটনা সংঘটিত হোৱাৰ এই পৰ্যন্ত আৰক্ষীয়ে কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক : নাৰেংগীত সংঘটিত চুৰিকাণ্ড