ETV Bharat / state

Bihu Controversy : বিহুক বিকৃতকৰণ সন্দৰ্ভত গোচৰ ৰুজু

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 5:28 PM IST

হোটেল ৰেডিছন ব্লুত আয়োজিত এক অনুষ্ঠানত বিহুক বিকৃতকৰণ সন্দৰ্ভত গোচৰ ৰুজু ৷ জালুকবাৰী আৰক্ষী চকীত 563/23 নম্বৰত এই সন্দৰ্ভত ৰুজু হৈছে গোচৰ ৷

Case Registered over Distortion of Bihu
বিহু নাচ বিকৃতকৰণ সন্দৰ্ভত গোচৰ ৰুজু

গুৱাহাটী, 27 ছেপ্টেম্বৰ : মহানগৰীৰ হোটেল ৰেডিছন ব্লুত আয়োজিত এক অনুষ্ঠানত বিহুক বিকৃতকৰণ সন্দৰ্ভত গোচৰ ৰুজু ৷ জালুকবাৰী আৰক্ষী চকীত 563/23 নম্বৰত এই সন্দৰ্ভত ৰুজু হৈছে গোচৰ ৷ গুড ছাইন ইভেণ্ট মেনেজমেণ্ট অনুষ্ঠানটোৰ আয়োজন কৰা Greenlam Laminates নামৰ কোম্পানীটোৰ অনুষ্ঠানত বিকৃত ভাৱে পৰিৱেশন কৰা হৈছিল বিহু ৷

এই অনুষ্ঠানৰে জড়িত কেইবাগৰাকীক তলব জালুকবাৰী আৰক্ষীৰ ৷ নৃত্য পৰিৱেশন কৰা গোটৰ আয়োজক তন্ময় সৰকাৰ, তুষাৰ আৰু কৰিঅʼগ্ৰাফাৰ ছামিম আহমেদ, আয়োজক গ্ৰুপৰ সঞ্চালক মধু পাণ্ডে 'Greenlam Laminates'ৰ উপাধ্যক্ষ এলেক্স যোছেফক তলব আৰক্ষীৰ ৷ শীঘ্ৰেই কেউজনকে পশ্চিম আৰক্ষী জিলাৰ DCP কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷ DCP কাৰ্যালয়ত উপস্থিত নহ'লে আটাইকেইজনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিব আৰক্ষীয়ে ৷

লগতে পঢ়ক : World Tourism Day 2023: বিশ্ব পৰ্যটন দিৱস উপলক্ষে শিৱসাগৰত বিশেষ কাৰ্যসূচী

উল্লেখ্য যে , হোটেল ৰেডিছন ব্লুত Greenlam Laminates নামৰ কোম্পানীটোৱে আয়োজন কৰা অনুষ্ঠানত বিহুক বিকৃতৰূপত উপস্থাপন কৰিছিল বহিঃ ৰাজ্যৰ নৃত্যশিল্পীয়ে ৷ G-20 শীৰ্ষ সন্মিলনৰ পাছত গুৱাহাটীতেই বিহুক বিকৃত কৰিলে বহিৰাগত প্ৰতিষ্ঠানে ৷ বিহু বিকৃতকৰণৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ আয়োজক কমিটিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ জাৰি কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত কলকাতাৰ পৰা নিমন্ত্ৰণ কৰা হৈছিল বিহুৱা দলটো ৷ অসমীয়া সাজপাৰ পৰিধান কৰি বিহুৱা-নাচনীয়ে বিহুৰ নামত বিকৃত নাচ প্ৰদৰ্শন কৰিছিল ৷

এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ জাঙুৰ খাই উঠিছিল দল-সংগঠন তথা সচেতন মহল ৷ সমগ্ৰ ঘটনাক লৈ জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিছিল বিজেপিৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে ৷

লগতে পঢ়ক : World Tourism Day: তেজপুৰ তথা বিশ্বনাথঘাটৰ অপৰূপ সৌন্দৰ্যত বিমুগ্ধ পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.