গুৱাহাটী, ২১ জুন : ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি আৰু প্ৰদেশ কংগ্ৰেছৰ ভাৱমূৰ্তি বিনষ্ট কৰিব পৰা এটা ৱেবচাইটৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসম আৰক্ষীক অভিযোগ দাখিল কৰে (Case against misleading website by State Congress) । প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কয় যে, ইণ্টাৰনেশ্যনেল অসম ইছলামিক ইউনিয়ন কংগ্ৰেছ নামৰ এটা সংস্থাই www.assamcongress.com শীৰ্ষক নামেৰে এটা ৱেবচাইট আৰম্ভ কৰাটো অসম প্ৰদেশ কংগ্ৰেছৰ দৃষ্টিগোচৰ হৈছে ।
আপতঃ দৃষ্টিত ইয়াক অসম প্ৰদেশ কংগ্ৰেছৰ ৱেবচাইট বুলি সৰ্বসাধাৰণ ৰাইজে ভুল ধাৰণা লোৱাটো নিতান্তই স্বাভাৱিক । প্ৰদেশ কংগ্ৰেছে ইয়াৰ আৰঁত ন্যস্ত স্বাৰ্থ জড়িত কোনো শক্তি জড়িত বুলি বিবেচনা কৰি মঙলবাৰে ভঙাগড় আৰক্ষী থানাত এখন অভিযোগ পত্ৰ দাখিল কৰে ।লগতে এই ক্ষেত্ৰত আৰক্ষীৰ তাৎক্ষণিক আইনী ব্যৱস্থা দাবী কৰা হৈছে ।
প্ৰদেশ কংগ্ৰেছৰ হৈ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাধাৰণ সম্পাদকদ্বয় বিপুল গগৈ আৰু কংকন দাস, সম্পাদক ছাজাহান আলী আৰু সংবাদ মাধ্যম বিভাগৰ সমন্বয়ক মুস্তাফা গোলাম ওচমানিয়ে এই অভিযোগ পত্ৰ দাখিল কৰে ।
লগতে পঢ়ক : বুধবাৰৰ পৰা অম্বুবাচী মেলা: উখল-মাখল শক্তিপীঠ কামাখ্যা