ETV Bharat / state

মহানগৰ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ - মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিং

গুৱাহাটী, খটখটী, গোলাঘাট আৰু মেঘালয়ত অভিযান চলাই বৃহৎ গাড়ী চুৰি চক্ৰক জালত পেলাইছে মহানগৰ আৰক্ষীয়ে (Car thief racket arrested by Guwahati police) ৷ সবিশেষ জানো আহক ৷

Car thief racket arrested by Guwahati police
মহানগৰ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ
author img

By

Published : Apr 9, 2022, 7:43 PM IST

গুৱাহাটী, ৯ এপ্ৰিল: মহানগৰ আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰ (Car thief racket) । গাড়ী চুৰি চক্ৰটোৰ ৮ গৰাকী সদস্য গ্ৰেপ্তাৰ । ধৃত লোক কেইজন ক্ৰমে পশ্চিম বংগৰ নাৰায়ণ দাস (৪৬), বিকাশ চৰকাৰ (৩৯), যোৰহাটৰ বিকি দত্ত ওৰফে বিজয়(৩৪), গোলাঘাট মিথু চন্দা (৩৪), সম্ভু ধৰ (৩৪) ৰিপন দত্ত (৪৪) মেঘালয়ৰ samborlong sawkime(31) আৰু shanstor nungbet( ২৬) ।

মহানগৰ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ

শনিবাৰে সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে গুৱাহাটী, খটখটী, গোলাঘাট আৰু মেঘালয়ত অভিযান চলাই ধৃত গাড়ী চুৰি চক্ৰটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰে (Car thief racket arrested by Guwahati police) । যোৰাবাট আৰক্ষী চকীত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ধৃত চক্ৰটো গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বলেৰো আৰু ইকোস্পৰ্ট এখন গাড়ী জব্দ কৰে ।

আৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰা মতে, ৭ মাৰ্চত বলেৰো পিক-আপ ভেন গাড়ীখন ভাড়ালৈ লৈছিল চক্ৰটোৱে। গাড়ী ভাড়ালৈ লৈ গাড়ীচালকক নিচাজাতীয় দ্ৰব্য খুৱাই গাড়ীখন লৈ চক্ৰটো উধাও হৈছিল । আনহাতে, তেওঁ সংবাদমেলত ATMৰ সুৰক্ষাৰ স্বাৰ্থত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্তব্য কৰে । গ্ৰাহকক ATM পিন কাৰো সৈতে চেয়াৰ নকৰিবলৈয়ো আহ্বান জনায় ।

লগতে পঢ়ক : কাকপথাৰত চোৰাং কাঠ সহ ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.