ETV Bharat / state

Car insurance scam: অসম তথা উত্তৰ-পূৱত অব্যাহত গাড়ীৰ বীমা কেলেংকাৰী - সফল হ’ব পৰা নাই অসম আৰক্ষী

ৰাজ্যত হ্ৰাস পোৱা নাই গাড়ী সংক্ৰান্তীয় বীমা কেলেংকাৰী (Car insurance scam)৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰাৰ পাছত ৰুজু কৰা হৈছিল গোচৰ (Guwahati high court)। আদালতত শুনানিৰ পাছত কেলেংকাৰীৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অধীনত বিশেষ অনুসন্ধান গোট গঠন কৰি দিয়া হৈছিল যদিও সফল হ’ব পৰা নাই অসম আৰক্ষী ৷

Car insurance scam
অসম তথা উত্তৰ পূৱত অব্যাহত গাড়ীৰ বীমা কেংলেকাৰী ,ব্যৰ্থ অসম আৰক্ষী
author img

By

Published : Dec 25, 2022, 10:19 AM IST

Updated : Dec 25, 2022, 2:20 PM IST

গুৱাহাটী, 25 ডিচেম্বৰ: আদালত আৰু অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো অসমত অব্যাহত আছে ব্যাপক বীমা কেলেংকাৰী । নতুন নতুন কৌশলেৰে প্ৰৱঞ্চক চক্ৰই বীমা কেলেংকাৰী সংঘটিত কৰি কোটি কোটি টকা টকা আত্মসাৎ কৰা ন ন তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে । যাৰ বাবে এতিয়া ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বীমা কেলেংকাৰীয়ে (Car insurance scam)।

মৃত ব্যক্তিৰ নামত বীমা পলিচী ক্ৰয় কৰি এচাম প্ৰৱঞ্চক চক্ৰই বীমা কোম্পানীক দেউলীয়া কৰি কোটি কোটি টকা আত্মসাৎ কৰি আছে । উল্লেখ্য যে, কেইবছৰমান পূৰ্বে অসম, উত্তৰ-পূৰ্বাঞ্চলত সংঘটিত পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰীৰ চি বি আই তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত গুৰুত্বপূৰ্ণ গোচৰ ৰুজু কৰা হৈছিল (Car insurance scam in Assam or North East)।

উচ্চ ন্যায়ালয়ে ৰাজ্যৰ আৰক্ষীক বিশেষ তদন্তকাৰী গোটৰ জৰিয়তে বীমা কেলেংকাৰীৰ তদন্ত আগবঢ়োৱাৰ নিৰ্দেশ দিছিল । কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ সফল হ'ব পৰা নাই । শেহতীয়াকৈ প্ৰৱঞ্চক চক্ৰটোৱে মৃত ব্যক্তিৰ নামত ডাম্পাৰ, এক্সকেভেটৰ, ফকলেন আদি কেইবালাখটকীয়া গধুৰ বাহন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ক্ৰয় কৰাত নামি পৰিছে ।

কেনেদৰে সংঘটিত হৈছে বীমা কেলেংকাৰী: কেতবোৰ বিশেষ অঞ্চলত পিয়াপি দি থকা বীমা কেলেংকাৰীৰ প্ৰৱঞ্চক চক্ৰৰ এজেন্টসকলে সেই অঞ্চলসমূহৰ মৃত ব্যক্তিৰ তথ্য সংগ্ৰহ কৰে । বিশেষকৈ নামনি অসমৰ চৰাঞ্চল, পশ্চিম কাৰ্বি আংলং, গোৱালপাৰা, গাৰো পাহাৰ, অৰুণাচল আদি অঞ্চলৰ মৃত ব্যক্তিৰ পানকার্ড, আধাৰকার্ড সংগ্ৰহ কৰে প্ৰৱঞ্চক চক্ৰই । এনে পানকার্ড আৰু আধাৰ কাৰ্ডৰ পৰা মৃত ব্যক্তিৰ ফটোখন আঁতৰাই তাত নতুন মুখৰ ব্যক্তি এজনৰ ফটো লগোৱা হয় । অনুৰূপভাৱে এনে পানকার্ড আৰু আধাৰ কাৰ্ডৰ ভিত্তিত প্ৰৱঞ্চক চক্ৰই প্ৰস্তুত কৰে ইনকাম টেক্সৰ ফাইল । খোলা হয় নতুন বেংক একাউন্ট ।

একাউণ্টত সাধাৰণ গ্ৰাহকৰ দৰে ধনৰ লেনদেন দেখুওৱা হয় । ইয়াৰ পাছত প্ৰৱঞ্চক চক্ৰই এই সকলো তথ্যৰ আধাৰত মৃত ব্যক্তি এজনক জীৱিত দেখুৱাই তেওঁৰ নামত আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কেইবালাখটকীয়া ডাম্পাৰ, এক্সকেভেটৰ, ফকলেন আদি ক্ৰয় কৰে । স্বাভাৱিকতে এনে লাখটকীয়া গাড়ীৰ বিপৰীতে সামান্য ‘ডাউন পেমেন্ট’ আদায় দিয়ে প্ৰৱঞ্চক চক্ৰই । বাকী থকা ধনৰ বিপৰীতে ঋণ দিয়া বিত্তীয় প্ৰতিষ্ঠানে নিৰ্দিষ্ট লোকজনৰ বিপৰীতে এখন ‘মাষ্টাৰ পলিচী’ সাজু কৰে, যি পলিচীৰ বাবে ঋণ লাভ কৰা লোকজনে এবাৰহে প্ৰিমিয়াম ভৰিব লাগে ।

এইদৰে ছমাহমান যোৱাৰ পিচত প্ৰৱন্ধক চক্ৰই ইতিপূৰ্বে মৃত্যু হোৱা লোকজনক দ্বিতীয়বাৰৰ বাবে মৃত সজাই বিত্তীয় প্ৰতিষ্ঠানত মৃত্যুৰ প্ৰমাণ পত্ৰ জমা দিয়ে (Death certificate) । লগে লগে ঋণ দিয়া বিত্তীয় প্ৰতিষ্ঠানে নিৰ্দিষ্ট বীমা কোম্পানীত উক্ত ব্যক্তিজনৰ বিপৰীতে ক্ৰয় কৰা মাষ্টাৰ পলিচী 'ক্লেইম' কৰে । গতিকে প্ৰৱঞ্চক চক্ৰটোৱে অনায়াসে বীমা 'ক্লেইম'ৰ নথি-পত্ৰক বৈধতাৰ প্ৰমাণ পত্ৰ আদায় কৰে আৰু ইয়াৰ জৰিয়তে বীমা কোম্পানীয়ে বিত্তীয় প্ৰতিষ্ঠানক সমুদায় ধন আদায় দিয়ে ।

বিত্তীয় প্ৰতিষ্ঠানে আকৌ গধুৰ বাহনখনৰ বিপৰীতে পাবলগীয়া ধন কাটি ৰাখি বাকী থকা টকা 'ন'মিনী'ৰ একাউণ্টত জমা কৰে । পিচে এই 'ন'মিনী'ও আকৌ সাজু কৰে প্ৰৱঞ্চক চক্ৰই । এই পন্থাৰে শেহতীয়াকৈ প্ৰৱঞ্চক চক্ৰই বিভিন্ন বীমা প্ৰতিষ্ঠানক প্ৰতাৰণা কৰি কোটি কোটি টকা ঘটি আছে । এনে জালিয়াতিৰ দ্বাৰা প্ৰৱন্ধক চক্ৰই বীমা প্ৰতিষ্ঠানক প্ৰতাৰণা কৰাৰ লগতে ন্যূনতম ধন আদায় দি কেইবালাখটকীয়া গধুৰ বাহন ক্ৰয় কৰাটো নামি পৰিছে ।

বীমা কেলেংকাৰীৰ এই জাল দালাল-প্ৰৱঞ্চকৰ পৰা আৰম্ভ কৰি বহিঃৰাজ্যৰ ছাৰ্ভে এজেন্সিসমূহলৈ পৰ্যন্তও বিয়পি আছে । দৰাচলতে বীমা পলিচীৰ ক্লেইম নিষ্পত্তি কৰাৰ পূৰ্বে নির্দিষ্ট কোম্পানী এটাই তৃতীয় পক্ষ এটাক ছার্ভে এজেন্ট হিচাপে নিয়োগ কৰে । অর্থাৎ, বীমাৰ ক্লেইমৰ সত্যাসত্য নিৰূপণৰ দায়িত্ব অর্পণ কৰা হয় এটা তৃতীয় পক্ষক । এই তৃতীয় পক্ষ, অর্থাৎ ছাৰ্ভে এজেন্সিৰ প্ৰতিনিধিৰ প্ৰতিবেদনৰ পাছতহে বীমা কোম্পানীয়ে নির্দিষ্ট লোক এজনক টকা আদায় দিয়ে ।

অসমত বহিঃৰাজ্যৰ এনে কেইবাটাও ছাৰ্ভে এজেন্সিয়ে বিভিন্ন বীমা কোম্পানীৰ হৈ কাম কৰে । ইয়াৰে কেইটামান হ'ল, মনচুখানি এছ চিয়েটছ, মেডক্স ইনভেষ্টিগেচন এজেন্সিৰ , দেওঘৰৰ ইদন আই. দা এনছাইডাৰ, ৰাঁচীৰ টয়েম ইনভেষ্টিগেচন এজেন্সি, আর্ডেন্সি গ্রুপ অব ইনভেষ্টিগেচন, ফাইইউ, স্কাইলাইন, হৰাইজন, ডি এল বিস্ক এনালাইছিছ ছাৰ্ডিচেজ আদি । উল্লিখিত ছার্ভে এজেন্সিকেইটাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নিয়োজিত একাংশ প্রতিনিধিও বীমা কেলেংকাৰীৰ প্ৰৱঞ্চক চক্ৰৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা হৈছে ।

আৰক্ষীৰ ব্যৰ্থতা: বিগত সময়ছোৱাত প্রৱঞ্চক চক্ৰ আৰু ছার্ভে এজেন্সিৰ জালিয়াতিৰ বাবে আই ডি বি আই, টাটা এ আই এ, আই চি আই চি আই. আদিত্য বিৰলা ছানলাইফ, এইচ ডি এফ চি আদি কেইবাটাও বীমা প্রতিষ্ঠানে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভুৱা বীমা পলিচীৰ ধন আদায় দিবলগীয়াত পৰি লোকচানৰ সন্মুখীন হোৱা বুলিও জানিবলৈ পৰা গৈছে । অসমত সক্রিয় এই প্রৱঞ্চক চক্ৰটোৱে মূলতঃ চৰাঞ্চল, পশ্চিম কাৰ্বি আংলং, গাৰো পাহাৰ, অৰুণাচলৰ দুৰ্গম ও এলেকাৰ মৃত ব্যক্তিৰ তথ্য ব্যৱহাৰ কৰি বীমাৰ ধন সৰকোৱাৰ কৌশল অৱলম্বন কৰি আহিছে ।

যাতে তেনে লোকৰ বিপৰীতে দ্বিতীয়বাৰৰ বাবে মৃত্যুৰ প্ৰমাণপত্র দাখিল কৰিলে ছাৰ্ভে এজেন্সিৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা বিষয়া বা প্রতিনিধিয়ে তেনে অঞ্চলসমূহ ঢুকি নাপায় । মুঠৰ ওপৰত যুৱ নেতা জিতুল ডেকাই কেইবছৰমান পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত (Guwahati high court) পি আই এলৰ জৰিয়তে ফাদিল কৰা এই বীমা কেলেংকাৰী এতিয়াও ৰাজ্যত অব্যাহত আছে । সলনি হৈছে কেৱল ইয়াৰ কৌশল ।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত যুৱ নেতা জিতুল ডেকাই কয় যে ২০১৮ চনতে অসম, উত্তৰ-পূৰ্বাঞ্চলত সংঘটিত পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰীৰ চি বি আই তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত গুৰুত্বপূৰ্ণ গোচৰ ৰুজু কৰা হৈছিল । আদালতে শুনানি গ্ৰহণ কৰি এই কেলেংকাৰীৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অধীনত বিশেষ অনুসন্ধান গোট (SIT ) গঠন কৰি দিছিল । কিন্তু তাৰ পাছতো সকলো তল পৰি থাকিল ।

লগতে পঢ়ক: CAG Report on NRC: কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য

Last Updated : Dec 25, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.