ETV Bharat / state

HSLC exam 2023 : বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী

কিছুদিন পূৰ্বে ফাদিল হৈছিল মেট্ৰিকৰ বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকত (HSLC Exam Question Paper Leaked) ৷ যাৰ বাবে ছেবাই বাতিল কৰিছিল দুয়োটা বিষয়ৰ পৰীক্ষা ৷ ১৩ ম‍াৰ্চত ছেবাই বাতিল কৰা বিজ্ঞানৰ পৰীক্ষা আজি অনুষ্ঠিত কৰা হৈছে ৷ লগতে ১৮ মাৰ্চত বাতিল হোৱা অসমীয়া পৰীক্ষা ১ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ৷

HSLC exam 2023
অনুষ্ঠিত হ’ল বিজ্ঞান বিষয়ৰ পৰীক্ষা
author img

By

Published : Mar 30, 2023, 2:14 PM IST

গুৱাহাটী, ৩০ মাৰ্চ : আজি অনুষ্ঠিত হয় প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা । জীৱনৰ প্ৰথমটো অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচত স্বাভাৱিকতে মানসিক চাপৰ সন্মুখীন হৈছিল পৰীক্ষাৰ্থীসকল । প্ৰশ্নকাকত বাতিল হোৱাৰ পাচত বাতিল কৰা বিজ্ঞানৰ পৰীক্ষাৰ দিন আজি ধাৰ্য কৰা হৈছিল । সেই অনুসৰি আজি অৰ্থাৎ বৃহস্পতিবাৰে পৰীক্ষাত বহিল পৰিক্ষাৰ্থীসকল ।

উল্লেখ্য যে, ১৩ ম‍াৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা । কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে আগদিনা নিশা ছেবাই পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে । লগে লগে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (Assam HSLC Science exam cancelled)। আনকি বহু শিক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ আহিহে গম পায় পৰীক্ষা বাতিল হোৱাৰ কথা । ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে ছেবাই নতুন দিন ধাৰ্য কৰি আজি পৰীক্ষা অনুষ্ঠিত কৰে ।

HSLC exam 2023
অনুষ্ঠিত হ’ল বিজ্ঞান বিষয়ৰ পৰীক্ষা

আনহাতে, বিজ্ঞানৰ উপৰি মেট্ৰিক পৰীক্ষাৰ অসমীয়া বিষয়ৰো প্ৰশ্নকাকত ফাদিল হৈছিল (HSLC Exam Question Paper Leaked) । যাৰ বাবে অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰা হয় । বাতিল হোৱা এই অসমীয়া বিষয়ৰ পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব । প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ক সকলো পৰীক্ষা । ১৮ মাৰ্চত আছিল এই বিষয়ৰ পৰীক্ষা । ১ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব অসমীয়া তথা আন মাতৃভাষা বিষয়ক পৰীক্ষা ।

উল্লেখ্য যে, প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচত ছেবাই নতুন এছ অ’ পিৰে পৰীক্ষা অনুষ্ঠিত কৰিছে । দুবাৰকৈ প্ৰশ্নকাকত ফাদিলৰ পিচত স্বাভাৱিকতেই ক্ষুন্ন হৈ পৰিছিল শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ উপৰি সচেতন মহল । প্ৰশ্নকাকত ফাদিলৰ পিচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীৰ উপৰিও বিভিন্ন দল সংগঠনসমূহে ।

ইমান বেমেজালিৰ পিচতো আজিৰ দিনটোত পৰীক্ষাত বহিছে শিক্ষাৰ্থীসকল । আশাহত হোৱা ছাত্ৰ-ছাত্ৰীক এইবাৰ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰি হেৰুৱা বিশ্বাস ঘূৰাই অনাৰ ক্ষেত্ৰত ছেবা কৰ্তৃপক্ষই কিদৰে সফল হয়, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব । ইফালে প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : HSLC Exam 2023: মেট্ৰিকৰ আজি হ’বলগীয়া বিজ্ঞান পৰীক্ষা বাতিল, মাজনিশা ছেবাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.