গুৱাহাটী, 14 আগষ্ট : অটল অমৃত অভিযান আঁচনি আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে ৰাজ্যৰ দুখীয়া পৰিয়ালৰ কৰ্কট ৰোগীসকলৰ বাবে অসমতে অত্যাধুনিক চিকিৎসা উপলব্ধ কৰাবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ সহযোগত গঠিত 'আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন' (এচিচিএফ)ৰ অধীনত ৰাজ্যত মুকলি কৰিবলৈ লোৱা দহখন কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানত দুখীয়া পৰিয়ালৰ কৰ্কট ৰোগীলৈ আগবঢ়োৱা হ'ব বিনামূলীয়া চিকিৎসা সেৱা ৷
![Cancer treatment will be available in assam shortly guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-mou-best-treatment-for-cancer-7209925_13082021215141_1308f_1628871701_9.jpg)
ইয়াৰ বাবে গুৱাহাটীত শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম চৰকাৰৰ 'অটল অমৃত অভিযান ছ'চাইটি' (AAAS) আৰু ACCF ৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷ গুৱাহাটীস্থিত এনএইচএমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত শুকুৰবাৰে নিশা আয়োজিত এক অনুষ্ঠানত অটল অমৃত অভিযান ছ'চাইটিৰ হৈ মুখ্য কাৰ্যবাহী বিষয়া মনালিছা গোস্বামী আৰু আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ মুখ্য সঞ্চালন বিষয়া ডাঃ সজল সেনে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷
অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তৰ উপৰিও ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, NHM ৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন আৰু অটল অমৃত অভিযানৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰ উপস্থিত থাকে ৷
এই বুজাবুজি চুক্তিৰ জৰিয়তে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানসমূহত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ কৰ্কট ৰোগীসকলক অসম চৰকাৰৰ অটল অমৃত অভিযান আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযানৰ অন্তৰ্গত আয়ুস্মান ভাৰত আঁচনিৰ অধীনত নগদ ধন বিহীন (cashless) ব্যৱস্থাৰে বিনামূলীয়াকৈ অত্যাধুনিক চিকিৎসা আগবঢ়োৱা হ'ব ৷
![Cancer treatment will be available in assam shortly guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-mou-best-treatment-for-cancer-7209925_13082021215141_1308f_1628871701_694.jpg)
অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই এই বুজাবুজি চুক্তিয়ে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ কৰ্কট ৰোগীসকলৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই অনা বুলি মতপোষণ কৰে ৷ অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণ কৰি থকা কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান কেইখনে কৰ্কট ৰোগৰ চিকিৎসা আন্তঃগাঁথনিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমক অন্যতম অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ অনুষ্ঠানত ACCF ৰ মুখ্য সঞ্চালন বিষয়া ডাঃ সজল সেনে কয় যে অহা বছৰৰ আৰম্ভণিৰ পৰা অসমৰ দুখীয়া পৰিয়ালৰ কোনো কৰ্কট ৰোগীয়েই চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নহ'ব।
আজিৰ বুজাবুজি চুক্তি সম্পাদনৰ পাছত ৰাজ্যৰ কৰ্কট ৰোগীসকলে মুম্বাই বা দেশৰ আন ঠাইলৈ নোযোৱাকৈ অসমতে অত্যাধুনিক কৰ্কট ৰোগৰ চিকিৎসা সহজেই লাভ কৰাৰ পথ প্ৰশস্ত হ'ব ৷ উল্লেখ্য যে, এচিচিএফৰ অধীনত তেজপুৰ, কোকৰাঝাৰ, যোৰহাট, লখিমপুৰ, দৰং, বৰপেটা আৰু ডিব্ৰুগড়ত নিৰ্মাণ কৰি থকা ৭ খন কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান চলিত বৰ্ষৰ ডিচেম্বৰত সম্পূৰ্ণ হৈ উঠিব ৷ তদুপৰি ডিফু, শিলচৰ আৰু কামৰূপ(ম) ত নিৰ্মীয়মান আন তিনিখন কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান অহা বছৰৰ মাজভাগত কাৰ্যক্ষম হৈ উঠিব বুলি ডাঃ সেনে প্ৰকাশ কৰে ৷
লগতে চাওক: তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক