ETV Bharat / state

এইবাৰো নহয় মা কামাখ্যা মন্দিৰৰ বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা - এইবাৰো নহয় মা কামাখ্যা মন্দিৰৰ বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা

২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ'ণাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩০ জুনলৈকে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ । কেৱল পূজা আৰু ধৰ্মীয় ৰীতি-নীতিসমূহ পালন কৰা হ'ব । এই বিষয়ে জনালে মন্দিৰ পৰিচালনা সমিতিয়ে।

ambubasi mela
এইবাৰো নহয় অম্বুবাচী মেলা
author img

By

Published : Jun 4, 2021, 1:13 PM IST

গুৱাহাটী,৪ জুন : কৰ'ণাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো বাতিল হ’ল বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা । এই বিষয়ে জনালে মন্দিৰ পৰিচালনা সমিতিয়ে । উল্লেখ্য যে ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ'ণাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ৩০ জুনলৈকে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ ।

কৰ’ণা মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত নহয় মা-কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা । দেৱালয়ৰ দলৈসকলৰ মাজত অনুষ্ঠিত সভাত এইবাৰো ক'ভিডৰ বাবে অম্বুবাচী মেলা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কেৱল পূজা আৰু ধৰ্মীয় ৰীতি-নীতিসমূহ পালন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে সভাত ।

ambubasi mela
এইবাৰো নহয় অম্বুবাচী মেলা

লগতে মেলাত অংশগ্ৰহণ কৰিবলৈ অহা লোকৰ ক্ষেত্ৰত মন্দিৰৰ ফালৰ পৰা কোনো ধৰণৰ থকা আৰু খোৱাৰ ব্যৱস্থা নাথাকিব বুলি সদৰি কৰে । প্ৰতিবছৰৰ দৰে এইবছৰো ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মহোৎসৱ অনুষ্ঠিত হ’ব যদিও ক'ভিড পৰিস্থিতিৰ বাবে এই বছৰো কেৱল ধৰ্মীয় ৰীতি-নীতিহে পালন কৰা হ’ব ।

লগতে পঢ়ক:মাৰ্চতে দিয়া এক পত্রত আছে ভয়ংকৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.