ETV Bharat / state

প্লাষ্টিকমুক্ত পৃথিৱীৰ প্ৰত্যাশাৰে সংকল্পবদ্ধ এদল যুৱক-যুৱতী

author img

By

Published : Jan 1, 2020, 8:54 PM IST

Updated : Jan 1, 2020, 10:36 PM IST

নতুন বছৰৰ প্ৰথমটো দিনতেই মহানগৰীত সংকল্পবদ্ধ এদল যুৱক-যুৱতী । ৰাইজৰ মাজত জাৱৰ নিষ্কাষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে এবছৰীয়া নিৰলস যাত্ৰা নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলৰ ।

campaign against one time used plastic in guwahati
নতুন বছৰৰ নতুন সংকল্পৰে ব্ৰহ্মপুত্ৰৰ ঘাটত এদল স্বপ্নপিয়াসী যুৱক-যুৱতী

গুৱাহাটী, 1 জানুৱাৰীঃ 2019 চনৰ জানুৱাৰী মাহতে প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ স্বপ্নৰে ওলাই অহা এজাক উদ্যমী যুৱক-যুৱতীৰ এক পদক্ষেপে নতুন বছৰটোৰ পহিলা দিনটোতেই সম্পূৰ্ণ কৰিলে এটা বছৰ । প্লাষ্টিক ব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এইসকল যুৱক-যুৱতীয়ে এবছৰে চলাই আহিছে নিৰলস প্ৰচেষ্টা । ২০১৯ চনৰ ১ জানুৱাৰীত উজান বজাৰ ঘাটৰ পৰাই এইসকল যুৱক-যুৱতীয়ে আৰম্ভ কৰিছিল ব্ৰহ্মপুত্ৰ নদীৰ ঘাট সমূহৰ পৰিষ্কাৰ অভিযান । এই অভিযানৰ বুধবাৰে এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত দলটোৱে ঘোষণা কৰিলে তেওঁলোকৰ নতুন পৰিকল্পনাৰ কথা । প্ৰত্যেক দেওবাৰেই মহাবাহুৰ ঘাটত পৰিস্কাৰ অভিযান চলাই যুৱক-যুৱতীসকলে সমাজলৈ পঠিয়াব বিচাৰিছে প্লাষ্টিক প্ৰদূষণ মুক্ত এক ভৱিষ্যতৰ বাৰ্তা ।

নতুন বছৰৰ নতুন সংকল্পৰে ব্ৰহ্মপুত্ৰৰ ঘাটত এদল স্বপ্নপিয়াসী যুৱক-যুৱতী

উল্লেখযোগ্য যে ,The Mid Way Journey নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ লগত জড়িত যুৱক-যুৱতীৰ এটা দলে আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ বিষয়ে যোৱা এবছৰ ধৰি ৰাইজক অৱগত আৰু সজাগ কৰাৰ প্ৰচেষ্টা চলাই আহিছে । পাৰ্যমানে প্লাষ্টিকৰ ব্যৱহাৰ কম কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীও গ্ৰহণ কৰিছে দলটোৱে । প্লাষ্টিকৰ সীমিত ব্যৱহাৰেৰে প্ৰদূষণ মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে ওলাই অহা যুৱক-যুৱতী সকলে জনসাধাৰণৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক সজাগ কৰাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

লগতে পঢ়ক - ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কি ক'লে মন্ত্ৰী পি চিদাম্বৰমে

Intro:পুৰণিক বিদাই দি নতুন বছৰৰ প্ৰথমটো দিনাই এক নতুন সংকল্প লৈ মহানগৰীৰ এদল যুৱক-যুৱতী। মহাবাহু ব্ৰহ্মপুত্ৰৰ ঘাট পৰিস্কাৰ কৰিবলৈ নতুন বছৰৰ প্ৰথমটো দিনাই ওলাই আহিল এই সকল যুৱক-যুৱতী। ৰাইজৰ মাজত জাৱৰ নিষ্কাশনৰ সজাগতা সৃষ্টি কৰাই মূল উদ্দেশ্য এই সকল যুৱক-যুৱতীৰ।

Body:২০১৯ক বিদাই জনাই আজি সমগ্ৰ বিশ্ববাসীয়ে আদৰণি জনাইছে নতুন বছৰ ২০২০ক। ২০২০ আদৰণি জনাই এই নতুন বছৰটোত কিবা এটা নতুন কৰাৰ সংকল্প সকলোৰে। মহানগৰীৰ গুৱাহাটীৰ কেইগৰাকীমান যুৱক-যুৱতীয়েও এই নতুন বছৰত লৈছে এক সংকল্প। এই নতুন শংকল্পটোক বাস্তৱত ৰূপান্তৰিত কৰিবলৈ এই যুৱক-যুৱতী সকল বছৰৰ প্ৰথমটো দিনৰ পুৱাৰ ভাগত ওলাই আহিল মহাবাহু ব্ৰহ্মপুত্ৰৰ উজান বজাৰ ঘাটত। উজান বজাৰ ঘটাৰ পৰাই এই সকল যুৱক-যুৱতীয়ে আৰম্ভ কৰিলে ব্ৰহ্মপুত্ৰ নদীৰ ঘাট সমূহ পৰিষ্কাৰ অভিযান। ২০১৯ চনৰ প্ৰথম জানুৱাৰীৰ দিনা এই যুৱক-যুৱতী সকলে ব্ৰহ্মপুত্ৰৰ ঘাট সমূহ পৰিষ্কাৰ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতি দেওবাৰে মহাবাহুৰ ঘাট সমূহ পৰিষ্কাৰ কৰি আহিছে। আজি এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে পুৰণ আজিৰ পৰা এই সকল যুৱক-যুৱতীয়ে আৰম্ভ কৰিছে নিজৰ চাফাই অভিযান কাৰ্যসূচী।

বাইট ১ : অল্পিত গগৈ

এই সকল যুৱক-যুৱতীয়ে ব্ৰহ্মপুত্ৰৰ ঘাটত জমা হৈ থকা বিভিন্ন প্ৰকাৰৰ জাৱৰ সমূহ সমগ্ৰ কৰি যি সমূহ জাৱৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি সমূহ জাৱৰ কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি ইয়াৰ প্ৰতি ৰাইজক যোৱা এবছৰ ধৰি সজাগ কৰি আহিছে। বিশেষকৈ যিমান পাৰি কমকৈ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈও এই সকল যুৱক-যুৱতীয়ে ৰাইজক সজাগ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে।

বাইট ১ : অল্পিত গগৈ

Conclusion:কোনো চৰকাৰী বা বেচৰকাৰী সন্থাৰ লগত জড়িত নোহোৱাকৈ মহানগৰীৰ এই সকল যুৱক-যুৱতীয়ে পৰিবেশ সংৰক্ষণৰ লগতে পৰিবেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ কিদৰে জাৱৰ নিষ্কাশন কৰিব লাগে ৰাইজৰ লগতে বিভিন্ন বিদ্যালয় সমূহৰ শিক্ষৰথী সকলৰ মাজত যোৱা এবছৰ ধৰি সজাগতা সৃষ্টি কৰি আহিছে। প্লাষ্টিক কমকৈ ব্যৱহাৰ কৰি এক প্ৰদূষণ মুক্ত সমাজ গঢ়ি তোলাটোওৱে এওঁলোকৰ প্ৰধান উদ্দেশ্য।
Last Updated : Jan 1, 2020, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.